নিউজ ডেস্ক, 17 নৱেম্বৰ : গৰ্ভস্থ যমজ সন্তানৰ এটি সন্তানৰ কিবা কাৰণত মৃত্যু হোৱাৰ পাচত আনটো সন্তানক জীৱিত অৱস্থাত লাভ কৰাটো সম্ভৱপৰ নহয় ৷ কিন্তু এই অসম্ভৱক সম্ভৱ কৰি তুলিলে চিকিৎসকৰ এটা দলে ৷
চিকিৎসা বিজ্ঞানৰ অভূতপূৰ্ৰ্ব অথবা দুৰ্লভ সফলতাৰ সাক্ষী হ’ল পশ্চিম বংগৰ বৰ্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷ গৰ্ভস্থ যমজ সন্তানৰ এটি সন্তান 18 মাহতে জৰায়ুত মৃত্যু হোৱাৰ পাচত আনটো সন্তানক সুকলমে জীয়াই ৰাখিবলৈ সক্ষম হ’ল চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক ৷ দ্বিতীয়টো সন্তানক মাতৃৰ গৰ্ভৰ ভিতৰত 125 দিনৰ বাবে স্বাস্থ্যৱান আৰু সক্ৰিয় কৰি ৰখাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সফলতা অৰ্জন কৰিলে চিকিৎসকৰ দলটোৱে ৷ যোৱা 14 নৱেম্বৰত এটি যমজ সন্তানক হেৰুওৱা মাতৃগৰাকীয়ে সুকলমে আনটো সন্তানক প্ৰসৱ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে, 41 বছৰ বয়সীয়া এগৰাকী অন্তঃসত্বা মহিলা বিগত জুলাই মাহত ভৰ্তি হৈছিল বৰ্ধমান চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত চিকিৎসকে জানিব পাৰিছিল যে মহিলাগৰাকীয়ে যমজ সন্তান বহন কৰিছিল ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে এটি সন্তানৰ ইতিমধ্য মৃত্যু হৈছে ৷ জটিল পৰিস্থিতিটোৰে মোকাবিলা কৰাৰ বাবে চিকিৎসকৰ দলে মৃত সন্তানটো প্ৰসৱ কৰোৱাৰ লগতে নাভিৰজ্জু সুৰক্ষিত ৰাখি দ্বিতীয়টো ভ্ৰূণ জৰায়ুত পুনৰ সংস্থাপনৰ সিদ্ধান্ত লয় ৷ সমান্তৰালকৈ উক্ত প্ৰক্ৰিয়াই আনটো সন্তানৰ স্বাভাৱিক প্ৰসৱত জটিলতাৰ সৃষ্টি কৰাৰ আশংকাও সৃষ্টি কৰে ৷
গৰ্ভৱতী মহিলাগৰাকীক হাস্পতালতে ৰাখি নিৰীক্ষণ আৰু চিকিৎসা কৰিবলৈ এক বিশেষ চিকিৎসকৰ দল নিয়োজিত কৰা হয় । মহিলাগৰাকীক 125 দিনৰ বাবে চিকিৎসালয়ত ৰখাৰ সিদ্ধান্ত লৈ আৰম্ভ কৰা হৈছিল চিকিৎসা । অৱশেষত যোৱা 14 নৱেম্বৰ অৰ্থাৎ শিশু দিৱসৰ দিনটোত চিকিৎসকৰ দলটোৱে চিজাৰিয়ান প্ৰক্ৰিয়াৰ জৰিয়তে দ্বিতীয়টো সন্তান সফলতাৰে প্ৰসৱ কৰাবলৈ সক্ষম হয় । প্ৰসৱৰ সময়ত নৱজাতকটোৰ ওজন 2.9 কিলোগ্ৰাম আছিল আৰু নৱজাতকৰ লগতে মাতৃ দুয়োৰে স্বাস্থ্য ভালে থকা বুলি জনা গৈছে ।
লগতে পঢ়ক : Bone Marrow Transplant : দিল্লীৰ ফৰ্টিছ হাস্পতালত হাড়ৰ মজ্জা সংৰোপণ; ৩ ইৰাকী শিশুক নৱজীৱন প্ৰদান