ETV Bharat / bharat

দ্বিতীয় দিনাও মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত

author img

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 4:53 PM IST

ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গ্যেৰাণ্টি সুৰক্ষিত কৰিবলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকসকলে মোহালি-চণ্ডীগড় সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । আৰক্ষীয়ে প্ৰতিবাদী কৃষকসকলক বাধা দিবলৈ বেৰিকেড স্থাপন কৰিছে । দাবী পূৰণ নোহোৱালৈ কৃষকসকলে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে ।

Farmers protest
দ্বিতীয় দিনাও মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত

নেশ্যনেল ডেস্ক,২৭ নৱেম্বৰ : মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত আছে । দেওবাৰৰ পৰা পঞ্জাবৰ বিভিন্ন প্ৰান্তৰ বহু সংখ্যক কৃষকে সীমান্তত প্ৰতিবাদ অব্যাহত ৰাখিছে । ইফালে আৰক্ষীয়ে বেৰিকেড স্থাপন কৰি কৃষকসকলক বাধা দিয়াৰ চেষ্টা কৰিছে । সেই স্থানতে কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে । ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ আইনী গ্যেৰাণ্টি সুৰক্ষিত কৰিবলৈ তিনিদিনীয়া কাৰ্যসূচীৰে কৃষকসকলে এই প্ৰতিবাদ সাব্যস্ত কৰিছে । প্ৰতিবাদৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষীয়ে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰিছে আৰু উক্ত পথত বাহনৰ চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইফালে প্ৰতিবাদকাৰী কৃষকসকলে কৈছে যে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে তেওঁলোকে প্ৰতিবাদ অব্যাহত ৰাখিব । জানিব পৰা মতে কৃষকসকলে ট্ৰলীত খাদ্য আৰু পানীয় আনিছে । একাংশ মহিলায়ো এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে ।

উল্লেখ্য যে লুধিয়ানা, ফিৰোজপুৰ, চাংৰুৰকে ধৰি পঞ্জাবৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে দেওবাৰে মোহালি-চণ্ডীগড় সীমান্ত আৰু ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান চক ৰোডত সমবেত হৈছিল । তেওঁলোক ট্ৰেক্টৰ আৰু অন্যান্য বাহনত আহিছিল । প্ৰতিবাদকাৰীসকলে ৰেচন, বিচনা, বাচন- বৰ্তন, গেছ চিলিণ্ডাৰৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীও অনা দেখা গৈছে ।

ইফালে হাৰিয়ানাৰ কৃষকসকলেও পঞ্চকুলাত একত্ৰিত হৈছে । য'ত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে । কৃষকসকলে ২০২০-২১ বৰ্ষত কেন্দ্ৰৰ বিৰুদ্ধে কৃষি আইনক লৈ কৰা আন্দোলনৰ সময়ত দাখিল কৰা গোচৰ প্ৰত্যাহাৰ, সেই সময়ছোৱাত প্ৰাণ হেৰুওৱা কৃষকসকলৰ পৰিয়ালক ক্ষতিপূৰণ আৰু এগৰাকী সদস্যক নিযুক্তি, ঋণ ৰেহাই আৰু পেঞ্চনৰ দাবী উত্থাপন কৰিছে । সংযুক্ত কিষাণ মৰ্চাৰ বেনাৰত বিভিন্ন কৃষক সংগঠনে চণ্ডীগড়ৰ ৰাজভৱন ঘেৰাও কৰাৰ কথা আছে । বিভিন্ন দাবীৰে তেওঁলোকে ৰাজ্যপাললৈ স্মাৰক পত্ৰও প্ৰেৰণ কৰিব ।

লগতে পঢ়ক :সংযুক্ত কিষাণ মৰ্চাৰ ৩ দিনীয়া প্ৰতিবাদ; মোহালি-চণ্ডীগড় সীমান্তত কৃষকৰ একত্ৰিত হুংকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.