ETV Bharat / bharat

শিল্পা ছেট্টী আৰু ৰাজ কুন্দ্ৰাই ভৰিব লাগিব ৩ লাখ টকাৰ জৰিমনা - ভিয়ান ইণ্ডাষ্ট্ৰিজ লিমিটেড

শিল্পা ছেট্টী কুন্দ্ৰা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰা ওৰফে ৰিপু চুদান কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজে ইনচাইডাৰ ট্ৰেডিং নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে তেওঁলোকৰ কোম্পানীৰ ওপৰত ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডে ।

Insider Trading
শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই ভৰিব লাগিব ৩ লাখ টকাৰ জৰিমনা
author img

By

Published : Jul 29, 2021, 5:54 PM IST

নেশ্যনেল ডেস্ক, ২৯ জুলাই : এটাৰ পাছত আন এটা বিপদ অভিনেত্ৰী শিল্পা চেট্টী (Shilpa Shetty) আৰু ৰাজ কুন্দ্ৰাৰ সন্মুখত । পৰ্ণ'গ্ৰাফি গোচৰত অভিযুক্ত ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু পত্নী তথা অভিনেত্ৰী শিল্পা চেট্টীৰ ব্যৱসায়ৰ ওপৰত এইবাৰ চকু পৰিছে ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডৰ (SEBI) । শিল্পা ছেট্টী কুন্দ্ৰা আৰু তেওঁৰ ব্যৱসায়ী স্বামী ৰাজ কুন্দ্ৰা ওৰফে ৰিপু চুদান কুন্দ্ৰাৰ কোম্পানী ভিয়ান ইণ্ডাষ্ট্ৰিজে ইনচাইডাৰ ট্ৰেডিং নিয়ম (Insider Trading rules) উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে । ইতিমধ্যে তেওঁলোকৰ কোম্পানীৰ ওপৰত ৩ লাখ টকাৰ জৰিমনা আৰোপ কৰিছে SEBI য়ে ।

SEBI ৰ নিৰ্দেশনা অনুসৰি, ষ্টক এক্সচেঞ্জসমূহক বাধ্যতামূলকভাৱে তথ্য প্ৰকাশ কৰাত তিনি বছৰ পলম হোৱাৰ বাবে কুন্দ্ৰা, ছেট্টী আৰু তেওঁলোকৰ কোম্পানীৰ ওপৰত জৰিমনা আৰোপ কৰা হৈছে । বজাৰ নিয়ন্ত্ৰকে নিৰ্দেশনাত উল্লেখ কৰিছে যে, জৰিমনাখিনি যুটীয়াভাৱে ভিয়ান ইণ্ডাষ্ট্ৰিজৰ প্ৰচাৰক কুন্দ্ৰা আৰু ছেট্টীয়ে পৰিশোধ কৰিব লাগিব । ভাৰতীয় চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ডে (Securities and Exchange Board of India) ২০১৩ চনৰ ১ ছেপ্টেম্বৰৰ পৰা ২০১৫ চনৰ ২৩ ডিচেম্বৰলৈকে ভিয়ান ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ (Viaan Industries Ltd) ব্যৱসায় আৰু লেনদেনৰ ওপৰত এক অনুসন্ধান চলাইছিল । অনুসন্ধান অনুসৰি, ৰিপু চুদান কুন্দ্ৰা, শিল্পা ছেট্টী কুন্দ্ৰা আৰু ভিয়ান ইণ্ডাষ্ট্ৰিজ লিমিটেডে SEBI (ইনচাইডাৰ ট্ৰেডিং প্ৰতিৰোধ) নিয়মাৱলী, ২০১৫-ৰ নিয়মাৱলী ৭(২)(এ) আৰু ৭(২)(বি)ৰ ব্যৱস্থা উলংঘা কৰিছে ।

SEBI ৰ নিৰ্দেশনাত উল্লেখ কৰা হৈছে যে, ২০১৫ চনত ভিয়ান ইণ্ডাষ্ট্ৰিজে চাৰিজন ব্যক্তিক ৫ লাখ ইকুইটি শ্বেয়াৰৰ অগ্ৰাধিকাৰ আৱণ্টন দিছিল ৷ উক্ত অগ্ৰাধিকাৰ আৱণ্টনত কোম্পানীটোৱে ইয়াৰ দুই প্ৰচাৰক কুন্দ্ৰা আৰু ছেট্টীক ১২৮,৮০০ ইকুইটি শ্বেয়াৰ (Equity share) আৱণ্টন দিছিল । SEBI ৰ ইনচাইডাৰ ট্ৰেডিং নিয়মাৱলী, ২০১৫ৰ নিয়ম ৭(২) (এ) অনুসৰি কোম্পানীৰ প্ৰচাৰকসকলে তেওঁলোকৰ লেনদেন দুদিনৰ ভিতৰত কোম্পানীক জনাব লাগিব ৷ যদিহে উক্ত পৰিমাণে ১০ লাখ টকা অতিক্ৰম কৰে তেন্তে কোম্পানীটোৱে দুদিনৰ ভিতৰত ষ্টক এক্সচেঞ্জক সকলো কথা জনাব লাগিব ।

SEBIয়ে লগতে কৈছে যে, কুন্দ্ৰা আৰু ছেট্টীৰ অংশৰ লেনদেনৰ মূল্য আছিল ২.৫৭ কোটি টকা । অৱশ্যে, ২০১৫ চনৰ লেনদেনৰ তথ্য ২০১৯ ৰ মে'ত চূড়ান্ত প্ৰকাশ কৰা হৈছিল । বজাৰ নিয়ন্ত্ৰকে লগতে জাননীযোগে কুন্দ্ৰা, ছেট্টী আৰু তেওঁলোকৰ কোম্পানীক ৪৫ দিনৰ ভিতৰত জৰিমনা প্ৰেৰণ বা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে ।

ইফালে কুন্দ্ৰা আৰু তেওঁৰ সহযোগী ৰিয়ান থৰ্পক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই জনোৱা মতে, অভিনেত্ৰী শিল্পা ছেট্টীকো এতিয়ালৈকে পৰ্ণ'গ্ৰাফী ৰেকেট গোচৰত ক্লিন চিট দিয়া হোৱা নাই । বিষয়াসকলৰ মতে, গোচৰটোৰ সৈতে জড়িত লোকসকলৰ সকলো একাউণ্টৰ লেনদেনৰ অনুসন্ধানৰ বাবে ফৰেনচিক অডিটৰ নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক :ৰাজ কুন্দ্ৰাৰ জামিন আবেদন খাৰিজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.