ETV Bharat / bharat

আঞ্চলিক মিত্ৰজোঁটত আসনৰ ভাগ বটোৱাৰাত সংকট ! একাষৰীয়া হ'ল INPT - প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ TIPRA

স্থানীয় ৰাজনৈতিক দলসমূহৰ মাজত মিত্ৰজোঁট গঠন বিষয়টোত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে ৷ ইয়াৰ কাৰণ হৈছে দলসমূহৰ মাজত প্ৰতি মুহূৰ্ততে বিভিন্ন ৰাজনৈতিক সিদ্ধান্তই নতুন মোৰ লৈছে ৷ পূৰ্বে INPT ৰ সৈতে চামিল হোৱা NCT দলৰ প্ৰাক্তন বিধায়ক অনিমেশ দেৱবৰ্মাই শেহতীয়াকৈ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ TIPRA ৰ সৈতে চামিল হৈছে ৷ বৃহত্তৰ তিপ্ৰালেণ্ড গঠনৰ উদ্দেশ্যে প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে শতাধিক সমৰ্থকৰ সৈতে নৱ গঠিত দলত যোগদান কৰে ৷

ত্ৰিপুৰাৰ ৰাজনৈতিক পটভূমি
প্ৰদ্যুত কিশোৰ দেৱবৰ্মন
author img

By

Published : Feb 20, 2021, 10:19 PM IST

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী : স্থানীয় ৰাজনৈতিক দলসমূহৰ মাজত মিত্ৰজোঁট গঠন বিষয়টোত বিভিন্ন সমস্যাৰ সৃষ্টি হৈ আহিছে ৷ ইয়াৰ কাৰণ হৈছে দলসমূহৰ মাজত প্ৰতি মুহূৰ্ততে বিভিন্ন ৰাজনৈতিক সিদ্ধান্তই নতুন মোৰ লৈছে ৷ পূৰ্বে INPT ৰ সৈতে চামিল হোৱা NCT দলৰ প্ৰাক্তন বিধায়ক অনিমেশ দেৱবৰ্মাই শেহতীয়াকৈ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ TIPRA ৰ সৈতে চামিল হৈছে ৷ বৃহত্তৰ তিপ্ৰালেণ্ড গঠনৰ উদ্দেশ্যে প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে শতাধিক সমৰ্থকৰ সৈতে নৱ গঠিত দলত যোগদান কৰে ৷ প্ৰদ্যুত নতুনকৈ দলত যোগদান কৰা লোকসকলক আদৰণি জনায় আৰু একতাৰ বাবে তেওঁ জনোৱা আহ্বানে ফলাফল আঞ্চলিক দলসমূহৰ মাজত দেখা গৈছে বুলি মন্তব্য কৰে ৷

ত্ৰিপুৰাৰ ৰাজনৈতিক পটভূমি

সৰ্বাধিক পুৰণি আঞ্চলিক ৰাজনৈতিক দলসমূহৰ অন্যতম INPT (Indigenous Nationalist Party of Twipra) য়ে এই সময়ছোৱাতে সৰ্বাধিক লোকচান হোৱা দল হিচাপে পৰিগণিত হৈছে ৷ তিপ্ৰালেণ্ড গঠনৰ ক্ষেত্ৰত INPT য়ে পূৰ্বৰ পৰাই IPFT ৰ সৈতে যুঁজত লিপ্ত হৈ আহিছে ৷

প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ থানছা (Unit) লৈ সঁহাৰি জনোৱা প্ৰথমটো ৰাজনৈতিক দলো আছিল INPT ৷ কিন্তু পৰ্বতীয়া অঞ্চলত পূৰ্বৰ পৰাই নিজৰ উপস্থিতি প্ৰমাণ কৰিবলৈ সক্ষম হোৱা IPFT য়ে TIPRA ৰ সৈতে মিত্ৰজোঁট গঠন কৰে ৷ সেয়েহে আঞ্চলিক মিত্ৰজোঁটৰ ক্ষেত্ৰত চিন্তিত হোৱাটো INPT ৰ বাঞ্চনীয় ৷

সেয়েহে INPT ৰ বি কে হ্ৰাংখ্বাল আৰু জগদীশ দেৱবৰ্মাই কোনো সময় অপচয় নকৰি TIPRA ৰ অধ্যক্ষ প্ৰদ্যুত কিশোৰ দেৱবৰ্মনৰ সৈতে এক বৈঠকত মিলিত হয় ৷ IPFT আৰু TIPRA ৰ মাজত মিত্ৰজোঁট চূড়ান্ত হোৱাৰ পাচতে শুকুৰবাৰে নিশা বৈঠকত মিলিত হয় INPT আৰু TUPRA ৷ INPT য়ে নিজৰ স্থিতি সলনি কৰে আৰু তিপ্ৰালেণ্ড গঠনৰ দাবীত সমৰ্থন জনায় কিন্তু দূৰ্ভাগ্যজনক ভাৱে কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহ'ল ৷

বৃহৎ মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত তেওঁলোকৰ উপস্থিতি তেতিয়াও অনিশ্চিয়তাত আছিল আৰু প্ৰদ্যুতে এই কথা নিশ্চিত কৰি দিছিল যে, IPFT ৰ মুৰব্বী এন চি দেৱবৰ্মাৰ সৈতে আলোচনা নকৰাকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নহয় ৷ ফলত এই কথা জানিব পৰা গৈছিল যে, INPT য়ে এটা দল যি অৱহেলিত হৈ থাকিল ৷

এই সম্পৰ্কত প্ৰদ্যুত কিশোৰ দেৱবৰ্মাই কয়, "INPT দলৰ নেতাসকলে আমাৰ সৈতে আলোচনাৰ বাবে আহিছিল ৷ পূৰ্বে তেওঁলোকে তিপ্ৰালেণ্ড গঠনত সমৰ্থন জনোৱা নাছিল কিন্তু এতিয়া তেওঁলোকে এই দাবীলৈ সমৰ্থন আগবঢ়াইছে ৷ তেওঁলোকে মিত্ৰজোঁট সম্পৰ্কত আলোচনা কৰিব বিচাৰোতে মই কৈছিলো যে, মই ইতিমধ্যেই IPFT ৰ সৈতে এক মিত্ৰজোঁট আছো আৰু এন চি দেৱবৰ্মাৰ সৈতে এই সম্পৰ্কত আলোচনা কৰিব লাগিব ৷ মই তেওঁলোকক ক'লো যে, এই মিত্ৰজোঁট আসন দখল কৰাতকৈ গুৰুত্বপূৰ্ণ আৰু সাধাৰণ জনতাই বি কে হ্ৰাংখ্বাল, এন চি দেৱবৰ্মা আৰু প্ৰদ্যুতক একেটা মঞ্চত চাব বিচাৰে ৷"

পূৰ্বে INPT নেতা প্ৰদ্যুতে এক বিবৃতি প্ৰদান কৰি কৈছিল যে, বৃহত্তৰ তিপ্ৰালেণ্ড গঠনৰ দাবীত তেওঁলোকৰ কোনো আনুষ্ঠানিক বাধা নাই ৷ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে যে, যদিহে INPT ক যথোচিত গুৰুত্ব প্ৰদান কৰা নহয় আৰু মিত্ৰজোঁটত সাৱধানী গ্ৰহণ কৰা নহয় তেন্তে যিকোনো সময়তে মিত্ৰজোঁটত ফাঁট মেলাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক : মিজোৰামত ১৯ ফেব্ৰুৱাৰীত কৰ'ণাত আক্ৰান্ত ২ গৰাকী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.