ETV Bharat / bharat

দিল্লীত ৫ দিনলৈ বিদ্যালয় বন্ধৰ ঘোষণা - Dense fog in Delhi

প্ৰচণ্ড শীতৰ বাবে ৰাজধানী দিল্লীত বিদ্যালয় বন্ধৰ সিদ্ধান্ত লৈছে চৰকাৰে (Delhi school remain close)। নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ বন্ধ থাকিব বিদ্যালয়সমূহ । মন্ত্ৰী আতিশীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ।

Delhi fog
দিল্লীত ৫ দিনলৈ বিদ্যালয় বন্ধৰ ঘোষণা
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 3:46 PM IST

নেশ্যনেল ডেস্ক,৭ জানুৱাৰী : উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে । ৰাজধানী দিল্লীত প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ বাবে স্বাভাৱিক জীৱন যাত্ৰা প্ৰভাৱিত হৈছে । শীতৰ বাবে বিশেষকৈ পুৱাৰ সময়ত ৰাজপথত মানুহৰ সীমিত চলাচল দেখিবলৈ পোৱা গৈছে । প্ৰচণ্ড শীতৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ।

ছাত্ৰ-ছাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগন্তুক ৫ দিনলৈ বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে । চৰকাৰে ঘোষণা কৰা মতে অহা ৫ দিনলৈ নাৰ্চাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়সমূহ বন্ধ থাকিব । দেওবাৰে দিল্লীৰ মন্ত্ৰী আতিশীয়ে এই কথা ঘোষণা কৰিছে । সামাজিক মাধ্যমৰ এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে এই কথা ঘোষণা কৰিছে ।

ইয়াৰ পূৰ্বে দিল্লীৰ অৰবিন্দ কেজৰিৱাল চৰকাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ সকলো চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু ব্যক্তিগত বিদ্যালয়ত শীতকালীন বন্ধ ১০ জানুৱাৰীলৈ বৃদ্ধি কৰিছিল । কিন্তু এই নিৰ্দেশ জাৰী কৰাৰ কেইঘণ্টামান পিচত ইয়াক বাতিল কৰা হৈছিল । কেৱল দিল্লীতে নহয় পূব ৰাজস্থান, উত্তৰ-পশ্চিম ৰাজস্থান, হাৰিয়ানা আৰু পাঞ্জাবৰ কিছুমান অঞ্চলত শীতৰ প্ৰকোপ বৃদ্ধি পাইছে ।

ইফালে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে সোমবাৰে দিল্লী, পাঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থানত বতৰ একে থকাৰ সম্ভাৱনা আছে । সৰ্বাধিক তাপমাত্ৰা পাঞ্জাব আৰু হাৰিয়ানাত ৯-১২ ডিগ্ৰী চেণ্টিগ্ৰেড আৰু উত্তৰ ৰাজস্থান, দিল্লী, উত্তৰ-পশ্চিম মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ কিছু অংশত ১৩-১৬ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকিব । ইয়াৰ মাজতে প্ৰচণ্ড শীতৰ বাবে পাঞ্জাবৰ অমৃতসৰত এগৰাকী ছাত্ৰৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক :প্ৰচণ্ড শীতৰ বাবে অমৃতসৰত ছাত্ৰৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.