ETV Bharat / bharat

চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে কোটি টকা সংগ্ৰহ; ৰাজকোটত গ্ৰেপ্তাৰ অভিযুক্ত

ধোৰাজীৰ পাটনৱাও আৰক্ষীয়ে চৰকাৰী চাকৰিৰ প্ৰলোভন দি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীৰ সন্দেহ যে এই প্ৰৱঞ্চকবোৰে বহু যুৱকক কোটি টকাৰ প্ৰতাৰণা কৰিছে ।

luring government jobs in rajkot
চৰকাৰী চাকৰিৰ প্ৰলোভনেৰে কোটি টকা সংগ্ৰহ; ৰাজকোটত গ্ৰেপ্তাৰ অভিযুক্ত
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 2:27 PM IST

নিউজ ডেস্ক, ২২ নৱেম্বৰ : গুজৰাটৰ ৰাজকোটত চৰকাৰী চাকৰিৰ এক ভয়ানক প্ৰৱঞ্চক চক্ৰৰ কথা পোহৰলৈ আহিছে । কলানা গাঁৱৰ নৱনীত কান্তিভাই ৰমণী আৰু ধোৰাজীৰ নিকুঞ্জ নামৰ দুগৰাকী যুৱকে শিক্ষিত নিবনুৱাসকলক কেৰাণী পদত নিযুক্তিৰ প্ৰলোভনেৰে ভুৱা কলিং লেটাৰ দি কোটি কোটি টকা আত্মসাত কৰাৰ অভিযোগ উঠিছে । তেওঁলোকৰ পৰা নগদ ১০ লাখ টকা উদ্ধাৰ কৰা হৈছে ।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ বিষয়ে তথ্য সংগ্ৰহ কৰি এটা গোচৰ পঞ্জীয়ন কৰে । উল্লেখ্য যে, ৰাজ্যখনত অনা-সচিবালয় কেৰাণী পদত নিযুক্তিৰ বিজ্ঞাপন ২০২৮ চনত প্ৰকাশ কৰা হৈছিল । আনহাতে, ২০১৯ চনত এই পৰীক্ষা বাতিল হোৱাৰ পিছত ২০২২ চনত পুনৰ পৰীক্ষা অনুষ্ঠিত হৈছিল ।

এই পৰীক্ষাত উত্তীৰ্ণ কৰোৱা আৰু চাকৰিৰ নিযুক্তি-পত্ৰ প্ৰদানৰ প্ৰলোভন দিয়া হৈছিল । গুজৰাট মাধ্যমিক সেৱা বাছনি বোৰ্ড, স্বাস্থ্য সঞ্চালক আৰু পৰিয়াল কল্যাণ বিভাগৰ মুৰব্বীৰ ভুৱা স্বাক্ষৰেৰে চাকৰিৰ নিযুক্তি-পত্ৰও প্ৰস্তুত কৰি বিতৰণ কৰা হৈছিল । এই অভিযোগত ধৃত অভিযুক্তই ধোৰাজী, ক্ৰিটিয়ানা আৰু পোৰবন্দৰ পান্থিকৰ দুই শতাধিক যুৱকক চাকৰিৰ নামত প্ৰলোভিত কৰিছিল । আনহাতে, প্ৰতিগৰাকী প্ৰাৰ্থীৰ পৰা ১০ লাখ টকাকৈ সংগ্ৰহ কৰি কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উঠিছে ।

এই ঘটনাৰ চিকাৰ হোৱা মূল জিঞ্জৰী গাঁৱৰ তথা বৰ্তমান জাঞ্জাৰদা ৰোড অঞ্চলৰ বাসিন্দা ৰবিৰাজভাই মনসুখভাই কুণ্ডাৰিয়াই পাটনাৱাও আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে । অভিযোগত কলানা গাঁৱৰ নৱনীত কান্তিভাই ৰমণী আৰু ধোৰাজীৰ নিকুঞ্জই তেওঁলোকক অনা-সচিবালয় কেৰাণী পদত নিযুক্তিৰ প্ৰলোভন দিয়া বুলি কোৱা হৈছে । আনহাতে, অভিযুক্তই ভুৱা কলিং লেটাৰ দি তেওঁৰ পৰা ১০ লাখ টকা আত্মসাত কৰাৰো অভিযোগ কৰে ।

ইয়াৰ উপৰি পাটনাৱাও আৰক্ষী থানাতো এজন যুৱকে এই প্ৰৱঞ্চনাৰ অভিযোগ দাখিল কৰে । এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নৱনীত কান্তিভাই ৰমণী নামৰ এজন ব্যক্তিক আটক কৰে । অভিযুক্তক আদালতত হাজিৰ কৰি আৰক্ষীৰ জিম্মা বিচৰা হয় । ধোৰাজী আদালতে অভিযুক্তক চাৰি দিনৰ আৰক্ষীৰ জিম্মা প্ৰদান কৰিছে । আনহাতে, আৰক্ষীয়ে নিকুঞ্জ নামৰ আন এজন অভিযুক্তক ধৰিবলৈও অনুসন্ধান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক :ৰাইজক প্ৰলোভনেৰে ধৰ্মান্তৰকৰণ, অসম আৰু ত্ৰিপুৰাৰ দুজনক গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশ আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.