ETV Bharat / bharat

বিবাহ বিচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান - ন্যায়াধীশ সঞ্জয় কিষণ কৌলে অধ্যক্ষতা কৰা

সমাজত, কৰ্মস্থানত জীৱন সংগীৰ সন্মান হানি কৰিলে, মানসিক অশান্তি দিলে ভুক্তভোগী সংগীগৰাকীয়ে বিচাৰিব পাৰে বিবাহ বিচ্ছেদ । এই কাৰণসমূহ বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে স্বীকাৰ কৰিব আদালতে । এই ৰায় দিলে উচ্চতম ন্যায়লয়ে ।

বিবাহ বিচ্ছেদ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

author img

By

Published : Feb 27, 2021, 6:44 PM IST

নেশ্যনেল ডেস্ক, ২৭ ফেব্ৰুৱাৰী: উচ্চতম ন্য়ায়ালয়ে ৰায়দান কৰিছে যে, সমাজত, কৰ্মস্থানত জীৱন সংগীৰ সন্মান হানি কৰা, মানসিক অশান্তি দিয়া আদি কাৰ্য বিবাহ বিচ্ছেদৰ ভিত্তি হিচাপে গণ্য কৰা হ'ব । ন্যায়াধীশ সঞ্জয় কিষণ কৌলে অধ্যক্ষতা কৰা বিচাৰপীঠে কয় যে, জীৱন সংগীৰ সন্মানত আঘাত হানি মানসিকভাৱে অশান্তি দিয়াৰ পিছত ভুক্তভোগী সংগীগৰাকীয়ে আনগৰাকী সংগীৰ সৈতে পুনৰ একেলগে জীৱন কটোৱাৰ কথা আশা কৰিব নোৱাৰি ।

এগৰাকী সেনা বিষয়াই তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ জনোৱা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ সঞ্জয় কিষণ কৌল, ঋষিকেশ ৰয় আৰু দীনেশ মহেশ্বৰীৰ তিনিজনীয়া বিচাৰপীঠে এই নিৰ্দেশ দিয়ে । সেনা বিষয়াগৰাকীয়ে বিবাহ বিচ্ছেদৰ কাৰণ দৰ্শোৱা মতে, তেওঁৰ পত্নীয়ে উচ্চ পদস্থ বিষয়াক তেওঁৰ বিৰুদ্ধে অভিযোগ দিছিল । ইয়াৰ পিছতে সেনা বিষয়াগৰাকীৰ বিৰুদ্ধে তদন্ত আৰম্ভ হৈছিল ।

আদালতে সমগ্ৰ বিষয়টো বিবেচনা কৰি কয় যে, মিছা অভিযোগ তোলা সংগীগৰাকীয়ে বৈবাহিক সম্পৰ্ক অক্ষুণ্ণ ৰাখিব বুলি আশা কৰিব নোৱাৰি আৰু সেনা বিষয়াগৰাকীয়ে ন্যায় লাাভ কৰাৰ বাবে যথেষ্ট যুক্তিযুক্ততা আছে । বিচাৰপীঠে ৰায় দিয়ে য়ে, সহনশীলতাৰ মাত্ৰা প্ৰতিটো দম্পত্তিৰ ক্ষেত্ৰত পৃথক হ'ব, ইয়াৰ কোনো অভিন্ন মান নিৰ্ধাৰণ কৰিব নোৱাৰি । প্ৰতিটো গোচৰত নিজৰ নিজৰ তথ্যৰ ওপৰত ভিত্তি কৰিহে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব।

লগতে পঢ়ক: হাফলঙত চৰকাৰী আঁচনিৰ পোষ্টাৰ-হ'ৰ্ডিং আঁতৰালে প্ৰশাসনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.