ETV Bharat / bharat

যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ল'লে উচ্চতম ন্যায়ালয়ে

দিল্লীত যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ল'লে সৰ্বোচ্চ ন্যায়ালয়ে । যমুনা নদীৰ পানীত এম'নিয়াৰ পৰিমাণ বহু বেছি হোৱাৰ বাবে দিল্লীৰ বহু স্থানত পানী যোগান ধৰাত অনুমতি দিয়া নাই দিল্লী জল ব'ৰ্ডে । হাৰিয়ানাৰ পৰা এম'নিয়াযুক্ত পানী বৈ আহিছে বুলি দিল্লী জল ব'ৰ্ডে ন্যায়ালয়ক জনাইছে ।

যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত নিজাববীয়াকৈ গোচৰ ল'লে সৰ্বোচ্চ ন্যায়ালয়ে

author img

By

Published : Jan 13, 2021, 3:33 PM IST

নেশ্যনেল ডেস্ক, ১৩ জানুৱাৰী: বুধবাৰে যমুনা নদীৰ প্ৰদূষণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ নিজাববীয়া গোচৰৰ শুনানি গ্ৰহণ কৰা হয় । উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত হাৰিয়ানা চৰকাৰলৈ জাননী জাৰি কৰিছে । দিল্লী জল ব'ৰ্ডৰ আবেদনত উল্লেখ কৰা হৈছিল যে, যমুনা নদীৰ পানীত এম'নিয়াৰ পৰিমাণ বহু বেছি হোৱাৰ বাবে দিল্লীৰ সকলো ক্ষেত্ৰতে পানী যোগান ধৰাত অসুবিধাৰ সৃষ্টি হৈছে আৰু এম'নিয়াযুক্ত পানী হাৰিয়ানাৰ ফালৰ পৰা বৈ আহিছে ।

মুখ্য ন্যায়াধীশ এছ এ ববড়েই অধ্যক্ষতা কৰা বিচাৰপীঠৰ আগত জ্যেষ্ঠ অধিবক্তা মীনাক্ষি আৰোৰাই দিল্লী জল ব'ৰ্ডৰ পক্ষত যুক্তি দৰ্শায় যে, হাৰিয়ানাস্থিত ছেৱেজ ট্ৰীটমেণ্ট প্ৰকল্পই সুচাৰুৰূপে কাম কৰা নাই । মীনাক্ষি আৰোৰাই কয় যে, হাৰিয়ানাৰ ফালৰ পৰা বৈ অহা পানীত এম'নিয়াৰ পৰিমাণ অধিক হোৱা বাবে এই পানী খোৱাৰ বাবে অনুপযোগী হৈ পৰিছে । পানীত প্ৰদূষণ সৃষ্টি কৰিব পৰা সামগ্ৰী পেলোৱাতো পানী প্ৰদূষিত হোৱাৰ মূল কৰাণ বুলিও যুক্তি দৰ্শায় । ইয়াৰ পিছতে বিচাৰপীঠে ছেৱেজ ট্ৰীটমেণ্ট প্ৰকল্পৰ জৰিয়তে প্ৰদূষণ হ্ৰাস কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰা উচিত বুলি মীনাক্ষী আৰোৰাক প্ৰশ্ন কৰে ।

দিল্লী জল ব'ৰ্ডে কয় যে, পানীত এম'নিয়াৰ পৰিমাণ ০.৯ পিপিএম থাকিব লাগে । ইয়াৰ পৰিৱৰ্তে হাৰিয়ানাৰ পৰা বৈ অহা পানী অতি মাত্ৰাত প্ৰদূষিত হোৱাৰ কথা প্ৰমাণিত হৈছে । এই পানীত এম'নিয়াৰ পৰিমাণ অধিক হোৱাৰ বাবে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আনিছে । সেয়ে এই পানী দিল্লী জল ব'ৰ্ডে দিল্লীত যোগান ধৰাত অনুমতি প্ৰদান কৰা নাই । বুধবাৰে শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে মীনাক্ষি আৰোৰাক পৰামৰ্শদাতা হিচাপে নিয়োগ কৰে । অহা সপ্তাহৰ মঙলবাৰে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে উচ্চতম ন্যায়ালয়ে ।

লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ ধৰ্ষণ কাণ্ডৰ তিনি অভিযুক্ত আৰক্ষীৰ জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.