ETV Bharat / bharat

চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত আসন সংৰক্ষণৰ ব্যৱস্থা নাথাকে

author img

By

Published : Nov 28, 2020, 9:34 AM IST

2020-21ৰ শৈক্ষিক বৰ্ষৰ বাবে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চিকিৎসকসকলৰ বাবে আসন সংৰক্ষণৰ অনুমতি দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত বহা এখন বিচাৰে এই নিৰ্দেশ প্ৰদান কৰিছে ৷ এই নিৰ্দেশ অনুযায়ী 2020-21 বৰ্ষৰ চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নাম ভৰ্তিৰ বাবে কৰ্মৰত চিকিৎসকসকলৰ বাবে কোনো ধৰণৰ আসন সংৰক্ষণৰ ব্যৱস্থা নাথাকে ৷

চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমৰ নামভৰ্তিত নাথাকিব আসন সংৰক্ষণৰ ব্যৱস্থা

নতুন দিল্লী, 28 নৱেম্বৰ: চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কৰ্মৰত চিকিৎসকক আসন সংৰক্ষণৰ সুবিধা প্ৰদান কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ ৷ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে 2020-21 ৰ শৈক্ষিক বৰ্ষৰ বাবে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত কৰ্মৰত চিকিৎসক সকলৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰাৰ অস্বীকাৰ কৰে ৷

উচ্চতম ন্যায়ালয়ে ইয়াৰ অন্তৱৰ্তীকালীন আদেশত এইবুলি কয় যে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ ক্ষেত্ৰত সেৱাত থকা চিকিৎসক সকলৰ বাবে 50 শতাংশ আসন সংৰক্ষণৰ কথা উল্লেখ কৰি তামিলনাডু চৰকাৰে জাৰি কৰা চৰকাৰী নিৰ্দেশনাই মেধাবী চিকিৎসকসকলৰ বাবে সমস্যাৰ সৃষ্টি কৰিব যিহেতু তামিলনাডুৰ চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত 50 শতাংশ আসন সেৱাত থকা চিকিৎসক সকলৰ বাবে সংৰক্ষিত থাকিব ৷

চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে কেৰালাৰ উচ্চ ন্যায়ালয় আৰু তামিলনাডু চৰকাৰে ইন-চাৰভিচ-কোটা ক লৈ যি নিৰ্দেশনা জাৰি কৰিছিল সেই নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই কৰা আবেদনক সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এই অন্তৱৰ্তীকালীন আদেশ দিয়ে আৰু আসন সংৰক্ষনৰ বিষয়টোত অসন্মতি প্ৰদান কৰে ৷

ন্যায়াধীশ এল নাগেশ্বৰ ৰাওৰ নেতৃত্বত বহা এখন বিচাৰে এই সন্দৰ্ভত নিৰ্দেশ প্ৰদান কৰি কয় যে চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমত 2020-21 বৰ্ষৰ নামভৰ্তিৰ বাবে সকলো কাৰ্যক্ৰম উপযুক্ত কৰ্তৃপক্ষই নিৰ্ধাৰিত কৰা দিনতে লোৱা হ'ব আৰু এইক্ষেত্ৰত সেৱাত থকা চিকিৎসক সকলৰ বাবে কোনোধৰণৰ আসন সংৰক্ষণৰ ব্যৱস্থা নাথাকিব ৷

অৱশ্যে এই কথা স্পষ্ট কৰি দিয়া হৈছে যে এই নিৰ্দেশ কেৱল 2020-21 বৰ্ষৰ বাবেহে কাৰ্যকৰী হ'ব ৷ চুপাৰ স্পেচিয়েলিটি চিকিৎসা পাঠ্যক্ৰমৰ কাৰ্যক্ৰম 2020 ৰ 3 আগষ্টৰ পৰাই আৰম্ভ হৈছিল আৰু আৰম্ভণিতেই এই কথা স্পষ্ট কৰি দিয়া হৈছিল যে পৰীক্ষাৰ্থী সকলৰ বাবে কোনো ধৰণৰ আসন সংৰক্ষণৰ ব্যৱস্থা নাথাকে ৷ যিহেতু সমগ্ৰ নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান অন্তিম পৰ্যায়ত আছে , সেয়ে বিচাৰক সকলে সেৱাত থকা চিকিৎসক সকলৰ বাবে আসন সংৰক্ষণৰ ব্যাৱস্থা কৰিবলৈ অস্বীকাৰ কৰে ৷

লগতে পঢ়ক: ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.