ETV Bharat / bharat

Bilkis Bano rape case: বিলকিছ বানু গোচৰৰ শুনানি গ্ৰহণৰ পৰা বিৰত থাকিল মহিলা ন্যায়াধীশ

author img

By

Published : Dec 13, 2022, 8:46 PM IST

2002 বৰ্ষত গুজৰাটত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ গোচৰ সন্দৰ্ভত 11 জনকৈ দোষীক আগতীয়াকৈ মুকলি কৰি দিয়াৰ বিৰুদ্ধে বিলকিছ বানুৱে ন্যায়ালয়ত জনোৱা আবেদনৰ শুনানি গ্ৰহণৰ পৰা বিৰত থাকে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা ত্ৰিবেদী (SC judge Justice Bela Trivedi recuses)৷

Bilkis Bano rape case
বিলকিছ বানু গোচৰৰ শুনানি গ্ৰহণৰ পৰা বিৰত থাকিল মহিলা ন্যায়াধীশ

নেশ্যনেল ডেস্ক,13 ডিচেম্বৰ: ন্যায়াধীশ অজয় ৰাষ্টোগী আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে বিলকিছ বানু গোচৰটো শুনানিৰ বাবে লোৱাৰ লগে লগে ন্যায়াধীশ ৰাষ্টোগীয়ে তেওঁৰ ভগ্নী ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে গোচৰটো শুনি ভাল নাপাব বুলি উল্লেখ কৰে (justices Ajay Rastogi and Bela M Trivedi) ৷ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে মঙলবাৰে ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত দলবদ্ধ ধৰ্ষণৰ স্বীকাৰ হোৱা বিলকিছ বানু গোচৰৰ শুনানি গ্ৰহণৰ পৰা নিজকে আতঁৰায় ৰাখে (SC judge Justice Bela Trivedi recuses) ৷

বিলকিছ বানুক দলৱদ্ধ ধৰ্ষণ আৰু পৰিয়ালটোৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকা 11 জনকৈ অভিযুক্তক ৰেহাই দিয়াৰ বিৰুদ্ধে বিলকিছ বানুৱে আদালতত দাখিল কৰা আবেদনৰ শুনানিৰ পৰা মঙলবাৰে নিজকে আঁতৰাই ৰাখে ন্যায়াধীশ বেলা এম ত্ৰিবেদীয়ে(Supreme Court judge recuses in Bilkis Bano case ) ৷ কাণ্ডটোৰ সৈতে জড়িত ১১ জনকৈ দোষীৰ শাস্তিৰ ৰেহাই প্ৰদান কৰিছিল ৰাজ্য চৰকাৰে আৰু ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাইছিল ভুক্তভোগী বিলকিছ বানুৱে ৷

ন্যায়াধীশ অজয় ৰাষ্টোগী আৰু বেলা এম ত্ৰিবেদীৰ বিচাৰপীঠে বিষয়টো শুনানিৰ বাবে হাতত লোৱাৰ লগে লগে ন্যায়াধীশ ৰাষ্টোগীয়ে কয় যে তেওঁৰ ভগ্নী ন্যায়াধীশে গোচৰটো গ্ৰহণ কৰিবলৈ ভাল নাপাব । ন্যায়াধীশ ৰাষ্টোগীৰ নেতৃত্বত গঠিত বিচাৰপীঠে নিৰ্দেশ দি কয় যে বিষয়টো এখন বিচাৰপীঠৰ সমুখত তালিকাভুক্ত কৰা হওঁক য’ত তেওঁলোকৰ মাজৰ এজন সদস্যও সদস্যভুক্ত নহয় ৷ অৱশ্যে ন্যায়াধীশ ত্ৰিবেদীক অস্বীকাৰ কৰাৰ কোনো স্পষ্ট কাৰণ উল্লেখ কৰা নাই বিচাৰপীঠে ।

স্বাধীনতা দিৱস তথা ১৫ আগষ্টৰ দিনা বিলকিছ বানু কাণ্ডৰ সৈতে জড়িত 11 জন দোষীক মুকলি কৰি দিয়া হৈছিল (Bilkis Bano rape convicts) ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ভুক্তভোগী বিলকিছ বানুৱে তেওঁৰ আবেদনত উল্লেখ কৰে যে , উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰা আইনৰ প্ৰয়োজনীয়তাক ৰাজ্য চৰকাৰে সম্পূৰ্ণৰূপে আওকাণ কৰি যান্ত্ৰিকভাৱে নিৰ্দেশ প্ৰদান কৰিছে ৷ উল্লেখ্য যে, গুজৰাটত 2002 বৰ্ষত সংঘটিত হোৱা সংঘৰ্ষৰ সময়ত প্ৰাণৰ মমতাত পলায়ণ কৰাৰ সময়তে বিলকিছ বানুৰ সৈতে ঘটিছিল নাৰকীয় ঘটনাটো ৷ উক্ত সময়চোৱাত বানুৰ বয়স আছিল ২১ বছৰ আৰু তেওঁ পাঁচ মাহৰ গৰ্ভৱতী আছিল । মৰ্মান্তিক বিষয় যে, নিহত পৰিয়ালৰ সাতজন সদস্যৰ ভিতৰত আছিল বিলকিছ বানুৰ এটি তিনি বছৰীয়া কন্যা সন্তানো ।

এই গোচৰৰ তদন্ত চিবিআইৰ হাতত অৰ্পণ কৰি বিচাৰ প্ৰক্ৰিয়াটো মহাৰাষ্ট্ৰৰ আদালতলৈ হস্তান্তৰ কৰে উচ্চতম ন্যায়ালয়ে(Supreme court on Bilkis Bano) । ২০০৮ চনৰ ২১ জানুৱাৰীত মুম্বাইৰ চিবিআইৰ বিশেষ আদালতে ১১ টা অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে । বোম্বে উচ্চ ন্যায়ালয় (Bombay High Court)আৰু উচ্চতম ন্যায়ালয়তো পাছলৈ দোষী সাব্যস্ত হয় অপৰাধীকেইটা ।

দেশ কঁপোৱা বিলকিছ বানু গোচৰত দোষী সাব্যস্ত হোৱা ১১ টা দোষীয়ে লক্ষণীয়ভাৱে ১৫ আগষ্টৰ দিনা গুজৰাট চৰকাৰৰ অনুগ্ৰহত গোধৰা উপ কাৰাগাৰৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৷ গুজৰাট চৰকাৰৰ শাস্তি ৰেহাই তথা ৰেমিছন নীতিৰ অধীনত 11 জনকৈ অপৰাধী মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয়(Remission policy of Gujrat) ।

উল্লেখনীয় যে, ১৫ বছৰতকৈও অধিক দিন কাৰাদণ্ড ভুগিছিল জঘণ্য, বৰ্বৰোচিত বিলকিছ বানু ঘটনাৰ সৈতে জড়িত 11 টা অপৰাধীয়ে ।

লগতে পঢ়ক: Bilkis Bano rape case: বিলকিছ বানোৰ পুনৰীক্ষণ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.