ETV Bharat / bharat

SC Hearing on Article 370 : অনুচ্ছেদ ৩৭০ বাতিলৰ ওপৰত উচ্চতম ন্যায়ালয়ত শুনানি আৰম্ভ - hearing on challenging abrogation of Article 370

উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিলক প্ৰত্যাহ্বান জনাই কৰা এটা গোটৰ আবেদনৰ শুনানি আৰম্ভ কৰিছে ।

SC Hearing on Article 370
SC Hearing on Article 370
author img

By

Published : Aug 2, 2023, 1:39 PM IST

নিউজ ডেস্ক, ২ আগষ্ট : উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সংবিধান বিচাৰপীঠে অনুচ্ছেদ ৩৭০ বাতিল কৰা আৰু পূৰ্বৰ ৰাজ্য জম্মু-কাশ্মীৰক দুটা কেন্দ্ৰীয়শাসিত অঞ্চলত বিভক্ত কৰাৰ প্ৰত্যাহ্বান জনোৱা আবেদনৰ এটা গোটৰ শুনানি আৰম্ভ কৰিছে । পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যক বিশেষ মৰ্যাদা প্ৰদান কৰা অনুচ্ছেদ ৩৭০ বাতিল কৰাৰ ওপৰত আবেদনকাৰীসকলে আপত্তি জনাইছিল ।

মঙলবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত পাঁচজনীয়া সংবিধান বিচাৰপীঠে বুধবাৰৰ পৰা দৈনন্দিন শুনানি অনুষ্ঠিত কৰিব বুলি নিৰ্ধাৰণ কৰিছিল ৷ ন্যায়াধীশ সঞ্জয় কিষাণ কৌল, সঞ্জীৱ খান্না, বি আৰ গাভাই আৰু সূৰ্য কান্তক লৈ গঠিত বিচাৰপীঠে ১১ জুলাইত বিভিন্ন পক্ষৰ দ্বাৰা লিখিত আবেদন দাখিলৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল ৷

পাঁচজনীয়া বিচাৰপীঠে কয় যে, সোমবাৰে আৰু শুকুৰবাৰৰ বাহিৰে দৈনন্দিন ভিত্তিত এই শুনানি অনুষ্ঠিত হ'ব । এই দিন দুটা হৈছে শীৰ্ষ ন্যায়ালয়ত বিবিধ বিষয়ৰ শুনানিৰ দিন । শুনানিৰ বাবে গ্ৰহণ কৰিবলৈ এই দিনবোৰত কেৱল নতুন আবেদন গ্ৰহণ কৰা হ'ব আৰু নিয়মীয়া বিষয়বোৰৰ শুনানি নহ'ব । উচ্চতম ন্যায়ালয়ে দুগৰাকী অধিবক্তা নিযুক্ত কৰিছে । ইয়াৰে ভিতৰত এগৰাকী হৈছে আবেদনকাৰী পক্ষৰ আৰু আনগৰাকী চৰকাৰী পক্ষৰ । তেওঁলোকক সুবিধা সংকলন (convenience compilation) প্ৰস্তুত কৰিবলৈ আৰু ইয়াক ২৭ জুলাইৰ আগতে দাখিল কৰিবলৈ নিৰ্দেশ দিছিল । লগতে স্পষ্ট কৰি দিছিল যে উক্ত তাৰিখৰ পিছত কোনো নথি গ্ৰহণ কৰা নহ'ব । এক সুবিধা সংকলন টোকাই আদালতক গোটেই গোচৰটোৰ এটা স্নেপশ্বট প্ৰদান কৰে, যাতে ইয়াৰ দ্বাৰা তথ্যবোৰ দ্ৰুততাৰে বিবেচনা কৰাত সহায় কৰে ।

আনহাতে, উচ্চতম ন্যায়ালয়ে কৈছে যে ৫ আগষ্ট, ২০১৯ৰ অধিসূচনাৰ পিছত জম্মু-কাশ্মীৰত চলি থকা চৰ্ত সন্দৰ্ভত কেন্দ্ৰৰ শপতনামাত পাঁচজনীয়া বিচাৰপীঠৰ দ্বাৰা বিচাৰ কৰিবলগা সাংবিধানিক বিষয়টোৰ ওপৰত কোনো প্ৰভাৱ নপৰে ।

লগতে পঢ়ক :ISIS agents in UP: উত্তৰ প্ৰদেশত পাকিস্তানে মেলিছে চোৰাংচোৱা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.