ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ হাইদৰপোৰা এনকাউণ্টাৰ সন্দৰ্ভত আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

"এবাৰ এটা মৃতদেহ কবৰ দিয়াৰ পিছত, ইয়াক আইনৰ জিম্মাত থকা বুলি গণ্য কৰা হয় (Custody of law) । আদালতৰ আইনত হস্তক্ষেপ ইয়াৰ উলংঘন হ'ব পাৰে । এবাৰ সমাধিস্থ হোৱাৰ পিছত মৃতদেহক আমনি কৰিব নালাগে ।"

JK
JK
author img

By

Published : Sep 12, 2022, 12:54 PM IST

নিউজ ডেস্ক, ১২ ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ হাইদৰপোৰা এনকাউণ্টাৰত নিৰাপত্তাৰক্ষীয়ে হত্যা কৰা আমিৰ মাগ্ৰেক (Amir Magray encounter controversy in Jammu Kashmir) ৰাজ্যিক প্ৰশাসনে ধৰ্মীয় বিশ্বাস অনুসৰি অন্তিম সংস্কাৰ কৰাকে ধৰি সন্মানজনকভাৱে সমাধিস্থ কৰা বুলি কোৱাৰ পৰিপ্ৰেক্ষিতত উচ্চতম ন্যায়ালয়ত এই সম্পৰ্কীয় এখন আবেদন সোমবাৰে খাৰিজ কৰা হয় (SC dismissed plea on hyderpora encounter) ।

পিতৃ মহম্মদ লতিফ মাগ্ৰেয়ে তেওঁৰ পুত্ৰৰ মৃতদেহ কবৰৰ পৰা উদ্ধাৰৰ বাবে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল (Pleaded for recovery body in Supreme Court) । ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত এখন বিচাৰপীঠে অৱশ্যে ৰাজ্যক তেওঁৰ নিকট আত্মীয়ক ৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা পালন কৰিবলৈ নিৰ্দেশ দিয়ে আৰু লগতে তেওঁলোকক কবৰস্থানত প্ৰাৰ্থনা কৰিবলৈ অনুমতি দিয়ে ।

ন্যায়াধীশ জে বি পাৰ্ডিৱালাই ৰায়টোৰ অপাৰেটিভ অংশটো পঢ়ি কয়, "এবাৰ এটা মৃতদেহ কবৰ দিয়াৰ পিছত, ইয়াক আইনৰ জিম্মাত থকা বুলি গণ্য কৰা হয় (custody of law) । আদালতৰ আইনত হস্তক্ষেপ ইয়াৰ উলংঘন হ'ব পাৰে । এবাৰ সমাধিস্থ হোৱাৰ পিছত মৃতদেহক আমনি কৰিব নালাগে ।"

বিচাৰপীঠে লগতে উল্লেখ কৰে যে ৰাজ্যিক প্ৰশাসনে অন্তিম সকলো নীতি-নিয়ম পালন কৰাৰ পিছত মৃতদেহটো সমাধিস্থ কৰা হৈছিল বুলি উল্লেখ কৰি এখন শপতনামা দাখিল কৰিছে (buried performing last rites) । যাৰ ভিতৰত আছে ধৰ্মীয় পৰম্পৰা অনুসৰি মৃতদেহক গা ধুওৱা আৰু কাপোৰেৰে ঢাকি ৰখা । ইয়াত মৃতকক সঠিকভাৱে সমাধিস্থ কৰা হোৱা নাই বুলি দেখুৱাবলৈ একো নাছিল ।

বিচাৰপীঠে কয় যে আমি আদালত হিচাপে আপীলকাৰীৰ অনুভূতিক সন্মান কৰোঁ । কিন্তু উচ্চ ন্যায়ালয়ে আৱেগৰ কথা মনত ৰাখি অধিকাৰৰ সিদ্ধান্ত লোৱা উচিত নহয়, আইন অনুসৰি এনে কৰা উচিত । বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক ন্যায্য আৰু ন্যায়সঙ্গত বুলি অভিহিত কৰি পিতৃৰ আপীল খাৰিজ কৰে ।

উল্লেখ্য, ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাক লৈ গঠিত এখন বিচাৰপীঠে ২০২১ চনৰ নৱেম্বৰত শ্ৰীনগৰৰ হাইদৰপোৰা এনকাউণ্টাৰত নিহত হোৱা তেওঁৰ পুত্ৰ আমিৰৰ মৃতদেহৰ বাবে মুহাম্মদ লতিফ মাগ্ৰেৰ দ্বাৰা দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি এই পৰ্যবেক্ষণ আগবঢ়ায় (2021 Hyderpora encounter in Srinagar) ।

আনহাতে, জম্মু আৰু কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ে পৰিয়ালটোক উক্ত স্থানত ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি দিছিল য'ত জম্মু-কাশ্মীৰ আৰক্ষীয়ে (Jammu and Kashmir Police) আমিৰ মাগ্ৰেক সমাধিস্থ কৰিছিল । কিন্তু মৃতদেহটো পৰিয়ালটোক হস্তান্তৰ কৰিবলৈ অস্বীকাৰ কৰিছিল । উচ্চ ন্যায়ালয়ে জম্মু-কাশ্মীৰ প্ৰশাসনক মাগ্ৰেৰ পৰিয়ালক ৫ লাখ টকাৰ ক্ষতিপূৰণ পৰিশোধ কৰিবলৈও নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :শ্বিলঙত কাৰাগাৰৰ পৰা পলায়ন কৰা চাৰি কয়দীক মৰিয়াই মৰিয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.