ETV Bharat / bharat

SC Directs Manipur Government : মণিপুৰ চৰকাৰক শেহতীয়া স্থিতিৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ ছুপ্ৰিম কোৰ্টৰ - SC on Manipur violence

মণিপুৰ চৰকাৰে ৰাজ্যখনৰ পৰিস্থিতি উন্নত হৈ আছে বুলি জনোৱাৰ পিছত উচ্চতম ন্যায়ালয়ে মণিপুৰ চৰকাৰক শেহতীয়া উন্নয়নৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে ।

SC Directs Manipur Government
SC Directs Manipur Government
author img

By

Published : Jul 3, 2023, 2:06 PM IST

নিউজ ডেস্ক, ৩ জুলাই : উচ্চতম ন্যায়ালয়ে সোমবাৰে মণিপুৰ চৰকাৰক ৰাজ্যখনত হোৱা জাতিগত হিংসাৰ ওপৰত এক উন্নয়নৰ স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । নিৰ্দেশটোত ছুপ্ৰিম কোৰ্টে কয়, "তৃণমূল পৰ্যায়ত কি পদক্ষেপ লোৱা হৈছে জানিব বিচাৰিছোঁ, আমাক শেহতীয়া স্থিতিৰ এক বিতং প্ৰতিবেদন দিয়ক ।" আনহাতে, মণিপুৰ চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বাধীন বিচাৰপীঠৰ সন্মুখত দাখিল কৰে যে ৰাজ্যখনৰ পৰিস্থিতি উন্নত হৈ আছে । অৱশ্যে সেয়া 'লাহে লাহে' ।

উল্লেখ্য, এই সন্দৰ্ভত আবেদনকাৰীক প্ৰতিনিধিত্ব কৰা জ্যেষ্ঠ অধিবক্তা কলিন গনচালভেছে আদালতৰ সন্মুখত দাখিল কৰে যে পৰিস্থিতি অতি চৰম হৈ পৰিছে । আনহাতে, তুষাৰ মেহতাই দাখিল কৰে যে অসামৰিক আৰক্ষী, ভাৰতীয় সংৰক্ষিত বেটেলিয়ন আৰু চিএপিএফ আদিৰ ১১৪ টা কোম্পানী ৰাজ্যখনত মোতায়েন কৰা হৈছে । লগতে গনচালভেজক এই ঘটনাক সাম্প্ৰদায়িক দৃষ্টিকোণ প্ৰদান নকৰিবলৈ আহ্বান জনায় ।

আনহাতে, ন্যায়াধীশ চন্দ্ৰচূড়ে তুষাৰ মেহতাক এক উন্নীত স্থিতিৰ প্ৰতিবেদন দাখিল কৰিবলৈ কয় । তেওঁ কয়, "তৃণমূল পৰ্যায়ত কি পদক্ষেপ লোৱা হৈছে জানিব বিচাৰোঁ । আমাক পৰিস্থিতিৰ এক বিতং প্ৰতিবেদন দিয়ক ।" মেহতাই লগতে কয় যে তেওঁ সোমবাৰৰ ভিতৰত ইয়াৰ বিৱৰণ প্ৰদান কৰিব । লগতে কয় যে কাৰফিউ ২৪ ঘণ্টাৰ পৰা ৫ ঘণ্টালৈ হ্ৰাস কৰা হৈছে আৰু পৰিস্থিতিৰ উন্নতি হৈছে ।

ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠখনে কয়, "আমাক এখন সঠিক শপতনামা দিয়ক... পুনৰ্সংস্থাপন শিবিৰ, অস্ত্ৰ-শস্ত্ৰ পুনৰুদ্ধাৰ, আইন-শৃংখলা উদ্ধাৰৰ বাবে কি পদক্ষেপ লোৱা হৈছে আমাক কওক...।"

উল্লেখ্য যে মণিপুৰ ট্ৰাইবেল ফ'ৰাম দিল্লীক প্ৰতিনিধিত্ব কৰা অধিবক্তা সত্য মিত্ৰৰ সহায়ত গনচালভেছে কয় যে তেওঁ এক নথি দাখিল কৰিছে, যিয়ে প্ৰতিখন গাঁৱত সঠিক স্থিতিৰ প্ৰতিবেদন আৰু হত্যাৰ সঠিক স্থিতি প্ৰদান কৰে । গনচালভেছে কয় যে হিংসা হ্ৰাস কৰা হ'ব বুলি আশ্বাস দিয়া হৈছিল, কিন্তু "ই বৰ্তমান ২০-ৰ পৰা ১১০ হৈছে, ই যথেষ্ট ত্বৰান্বিত হৈছে...।"

লগতে পঢ়ক :Unidentified drone in PM residence : প্ৰধানমন্ত্ৰী বাসভৱনৰ ওপৰেৰে কোনে উৰুৱালে ড্ৰোণ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.