ETV Bharat / bharat

Madhumita Shukla murder case : অমৰমণি ত্ৰিপাঠীৰ মুক্তিত কোনো হস্তক্ষেপ নকৰে আদালতে - Madhumita Shukla murder case accused

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে মধুমিতা শুক্লাৰ ভগ্নী নিধি শুক্লাৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে । উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা এই সন্দৰ্ভত উত্তৰ বিচাৰিছে ।

Madhumita Shukla murder case
অমৰমণি ত্ৰিপাঠীৰ মুক্তিত কোনো হস্তক্ষেপ নকৰে আদালতে
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 4:49 PM IST

নেশ্যনেল ডেস্ক,২৫ আগষ্ট : উত্তৰ প্ৰদেশৰ কবি মধুমিতা শুক্লা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত তথা প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নীক কাৰাগাৰ কৰ্তৃপক্ষই মুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে । তেওঁলোকৰ এই মুক্তিৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কোনো হস্তক্ষেপ নকৰাৰ ঘোষণা কৰিছে । যাৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সাজু হৈছে দুয়োগৰাকী অভিযুক্ত ।

উল্লেখ্য যে ২০০৩ চনত কবি মধুমিতা শুক্লাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হৈছিল প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নী । ২০০৭ চনৰ পৰা যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত হৈ আছে দম্পতীটো । কিন্তু শেহতীয়াকৈ তেওঁলোকে সময়ৰ পূৰ্বে মুক্তিৰ বাবে আবেদন জনাইছিল আৰু সেই আবেদনত সন্মতি প্ৰদান কৰি আদালতে দুয়োগৰাকীকে মুক্তি দিয়াৰ নিৰ্দেশনা জাৰি কৰিছে ।

কিন্তু মধুমিতা শুক্লাৰ ভগ্নী নিধি শুক্লাই অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নীৰ মুক্তিৰ বিৰুদ্ধে শীৰ্ষ আদালতত আবেদন জনাইছিল । কিন্তু আদালতে তেওঁলোকৰ মুক্তি স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । ইফালে উত্তৰ প্ৰদেশৰ কাৰাগাৰ বিভাগে এক নিৰ্দেশত কৈছে যে তেওঁলোকক কাৰাগাৰত ভাল আচৰণৰ ভিত্তিত মুকলি কৰি দিয়া হ'ব ।

ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীক লৈ গঠিত এখন বিচাৰপীঠে শুক্লাৰ আবেদনৰ ওপৰত জাননী জাৰি কৰে আৰু ৮ সপ্তাহৰ ভিতৰত উত্তৰ প্ৰদেশ চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে । ইফালে শীৰ্ষ ন্যায়ালয়ে মুক্তিত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে । শীৰ্ষ ন্যায়ালয়ে কয় যে যদি আবেদনকাৰীৰ যুক্তিৰ সৈতে সন্মত হয় তেন্তে আদালতে অমৰমণি ত্ৰিপাঠী আৰু তেওঁৰ পত্নীক পুনৰ কাৰাগাৰলৈ ঘূৰাই পঠিয়াব পাৰে ।

উল্লেখ্য যে ২৪ বছৰীয়া কবি আৰু ত্ৰিপাঠীৰ কথিত প্ৰেমিকা মধুমিতা শুক্লাক ২০০৩ চনৰ ৯ মে'ত হত্যা কৰা হৈছিল আৰু তেওঁৰ মৃতদেহ লক্ষ্ণৌৰ নিশাতগঞ্জ অঞ্চলত থকা তেওঁৰ ঘৰত পোৱা গৈছিল । মায়াৱতীৰ চৰকাৰৰ সেই সময়ৰ মন্ত্ৰী অমৰমণি ত্ৰিপাঠীক বহুজন সমাজ পাৰ্টিৰ (বিএছপি) প্ৰভাৱশালী নেতা হিচাপে দেখা গৈছিল আৰু প্ৰথমতে হত্যাকাণ্ডৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই বুলি দাবী কৰা হৈছিল । পাছত চিবিআইৰ তদন্তত পোহৰলৈ আহিছিল যে হত্যাৰ বলি হোৱা শুক্লাৰ গৰ্ভত থকা সন্তানটোৰ পিতৃ আছিল ত্ৰিপাঠী ।

লগতে পঢ়ক :Madhumita Shukla murder case : ২০ বছৰ কাৰাবাসৰ অন্তত মুক্তি লাভ পত্নীসহ প্ৰাক্তন মন্ত্ৰী অমৰমণি ত্ৰিপাঠীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.