ETV Bharat / bharat

দুখনকৈ উচ্চ ন্যায়ালয় মুখ্য ন্যায়াধীশৰ ৰদ-বদলত অনুমোদন সৰ্বোচ্চ ন্যায়ালয়ৰ

author img

By

Published : Dec 16, 2020, 9:49 PM IST

উচ্চতম ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ বোবদেৰ নেতৃত্বৰ খণ্ড বিচাৰপীঠে অন্ধ্ৰপ্ৰদেশ আৰু ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ৰদ-বদলত অনুমতি প্ৰদান কৰে ।

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰদবদল
উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ ৰদবদল

নিউজ ডেস্ক, ১৬ ডিচেম্বৰ : উচ্চতম ন্যায়ালয়ৰ কলাজিয়ামে অন্ধ্ৰ প্ৰদেশৰ মুখ্য ন্য়ায়াধীশ আৰু ছিক্কিমৰ মুখ্য ন্যায়াধীশৰ পৰস্পৰ বদলিত অনুমতি প্ৰদান কৰে । বুধবাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শৰত অৰবিন্দ বোবদেৰ নেতৃত্বত থকা কলাজিয়ামে এই সিদ্ধান্ত গ্ৰহণ কৰে ।

সেই অনুসৰি, অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জে কে মাহেশ্বৰীক ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয় । আনহাতে ছিক্কিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এ কে গোস্বামীক অন্ধ্ৰ প্ৰদেশ উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে বদলি কৰা হয় ।

একেদৰেই ১৫ ডিচেম্বৰত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি, তেলেংগানা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰ এছ চৌহানক উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্য়ায়াধীশ হিচাপে বদলি কৰা হয় । আনহাতে দিল্লী উচ্চ ন্য়ায়ালয়ৰ ন্যায়াধীশ হিমা কোহলিক তেলেংগানা উচ্চ ন্য়ায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয় ।

লগতে পঢ়ক : গোৱালপাৰাত গ্ৰেণেড বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.