ETV Bharat / bharat

Gauhati HC: ন্যায়িক বিষয়া বুডী হাবুঙক গুৱাহাটী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 5:19 PM IST

অৰুণাচল প্ৰদেশৰ ন্যায়িক বিষয়া বুডী হাবুঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ত অৰুণাচল প্ৰদেশলৈ আবণ্টিত একমাত্ৰ সেৱা পদ পূৰণৰ বাবে ২৬ এপ্ৰিলত হাইকোৰ্ট কলেজিয়ামে তেওঁৰ নাম পৰামৰ্শ দিছিল । বুডী হাবুং অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ ন্যায়িক বিষয়া ।

Budi Habung Addl. Judge of Gauhati HC
ন্যায়িক বিষয়া বুডী হাবুঙক গুৱাহাটী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি

নিউজ ডেস্ক, ৩ ছেপ্টেম্বৰ: অৰুণাচল প্ৰদেশৰ ন্যায়িক বিষয়া বুডী হাবুঙক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাবে নিযুক্তি দিয়া হৈছে ৷ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে হাবুঙক দুবছৰৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে । কেন্দ্ৰীয় চৰকাৰে শনিবাৰে এক অধিসূচনা জাৰি কৰি এই ঘোষণা কৰাৰ পাচতেই আইন আৰু ন্যায় বিভাগৰ ৰাজ্যিক মন্ত্ৰী অৰ্জুন মেঘৱালে তেওঁৰ ‘X’ হেণ্ডেলৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে ৷

  • In exercise of the power conferred by the Constitution of India, the President of India, after consultation with the Chief Justice of India, is pleased to appoint the following as Judges / Additional Judges of High Courts. I convey my best wishes to them:- pic.twitter.com/mrzNZCG3vN

    — Arjun Ram Meghwal (@arjunrammeghwal) September 2, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বুডী হাবুঙে ২০১০ চনৰ ৩১ মাৰ্চত ন্যায়িক সেৱাত যোগদান কৰে । তেওঁ অৰুণাচল প্ৰদেশ ন্যায়িক সেৱাৰ জ্যেষ্ঠ ন্যায়িক বিষয়া হিচাপে ৰাজ্যৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে । ন্যায়িক বিষয়া বুডী হাবুঙৰ ব্যক্তিগত আৰু পেছাদাৰী ভাবমূর্তি নিকা আৰু স্বচ্ছ হোৱাৰ বাবে তেওঁক এই পদত নিযুক্তি দিয়া হয় ৷ ইফালে একেটা অধিসূচনাত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে অধিবক্তা ছিবো শংকৰ মিশ্ৰ আৰু ন্যায়িক বিষয়া আনন্দ চন্দ্ৰ বেহেৰাক ওড়িশা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আৰু আৰু ন্যায়াধীশ চি এছ সুধাক কেৰালা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তি দিয়ে ।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামে ১৭ আগষ্টত এই নিযুক্তিৰ পৰামৰ্শ দিছিল । উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটত প্ৰকাশিত প্ৰস্তাৱত কলেজিয়ামে লক্ষ্য কৰিছিল যে হাবুং অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ ন্যায়িক বিষয়া । প্ৰস্তাৱটোত উল্লেখ কৰা হৈছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ত অৰুণাচল প্ৰদেশলৈ আবণ্টিত একমাত্ৰ সেৱা পদ পূৰণৰ বাবে ২৬ এপ্ৰিলত হাইকোৰ্ট কলেজিয়ামে তেওঁৰ নাম পৰামৰ্শ দিছিল । হাবুঙৰ নিযুক্তিৰ লগে লগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অনুমোদিত শক্তি ৩০ জনৰ বিপৰীতে ২৫ জন ন্যায়াধীশৰ সৈতে কাৰ্যক্ষম হ’ব ।

লগতে পঢ়ক: G20 in Delhi: ভাৰতৰ দৃষ্টিভংগী বিশ্বৰ ভৱিষ্যতৰ বাবে ৰোডমেপ; প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.