ETV Bharat / bharat

India emphasizes on Green Shipping: সেউজ জাহাজ পৰিবহণৰ সন্দৰ্ভত ভাৰতৰ গুৰুত্ব আৰোপ

author img

By

Published : Feb 10, 2023, 2:13 PM IST

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক নতুন দিল্লীত সাক্ষাৎ কৰে ন'ৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জন খ্ৰীষ্টানক(Sarbananda Sonowal meets Mr Jan Christian) ।সেউজ বন্দৰ, সেউজ জাহাজ পৰিবহণ, জাহাজ নিৰ্মাণ, নীল অৰ্থনীতিৰ সবলীকৰণ, মহিলাৰ অংশগ্ৰহণ আদি বিভিন্ন দিশ সামৰি আলোচনা অনুষ্ঠিত ৷

India emphasizes on Green Shipping
ন'ৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীক সাক্ষাৎ সৰ্বানন্দ সোণোৱালৰ

নতুন দিল্লী, 10 ফেব্ৰুৱাৰী: কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৃহস্পতিবাৰে নতুন দিল্লীত সাক্ষাৎ কৰে ন'ৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী জন খ্ৰীষ্টান ভেষ্ট্ৰেই(Sarbananda Sonowal meets Mr Jan Christian) । মন্ত্ৰী দুগৰাকীৰ মাজত সৌহাৰ্দপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । সেউজ বন্দৰ আৰু জাহাজ চলাচল, নাবিকসকলৰ প্ৰশিক্ষণ, ভৱিষ্যতৰ জাহাজ চলাচল আৰু বহনক্ষম জাহাজ পুনৰ্ব্যৱহাৰৰ বাবে সেউজ এম'নিয়া আৰু হাইড্ৰ'জেনৰ দৰে বৈকল্পিক ইন্ধনৰ ব্যৱহাৰকে ধৰি দ্বিপাক্ষিক স্বাৰ্থজড়িত বিষয়সমূহ তেওঁলোকে বিতংভাৱে বৈঠকত আলোচনা কৰে । ভাৰতত 'সেউজ উপকূলীয় জাহাজ পৰিবহণ কাৰ্যসূচীৰ সমাধান'ৰ কাৰ্যকৰীকৰণৰ সন্দৰ্ভতো বৈঠকত আলোকপাত কৰা হয় ।

দুয়োখন দেশে বন্দৰ আৰু জাহাজ পৰিবহণ খণ্ডত শূন্য নিৰ্গমন সমাধান কাৰ্যকৰী কৰাৰ বাবে বিশেষ প্ৰযুক্তি ব্যৱহাৰৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ দোহাৰে । শেহতীয়া বছৰবোৰত দুয়োখন দেশে তেওঁলোকৰ দ্বিপাক্ষিক অৰ্থনৈতিক আৰু কাৰিকৰী পৰিপূৰকতা ক্ৰমান্বয়ে বৃদ্ধি কৰি আহিছে । ভাৰত-ন'ৰৱেৰ দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণ দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ ভ্ৰমণৰ জৰিয়তে নিয়মীয়া ভাব আদান-প্ৰদানৰ দ্বাৰা চিহ্নিত কৰিব পাৰি ।

দুয়োখন দেশৰ মাজত অন্তিমখন 'যুটীয়া কাৰ্যকৰী গোটৰ সামুদ্ৰিক বৈঠক' ২০২২ চনৰ নৱেম্বৰত অনুষ্ঠিত হৈছিল । কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে ২০২২ চনৰ জুন মাহত নীল অৰ্থনীতিৰ সন্দৰ্ভত ভাৰত-ন'ৰৱে টাস্ক ফ'ৰ্চৰ পঞ্চম সংস্কৰণত অংশগ্ৰহণ কৰিছিল । 'গ্ৰীণভয়েজ ২০৫০'ৰো এক শক্তিশালী অংশ ভাৰত- যি হৈছে ন'ৰৱে চৰকাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক প্ৰতিষ্ঠানৰ মাজত ২০১৯ চনৰ মে'ত আৰম্ভ কৰা এক অংশীদাৰী প্ৰকল্প যাৰ লক্ষ্য হৈছে জাহাজ উদ্যোগক নিম্ন কাৰ্বন ভৱিষ্যতৰ দিশে পৰিৱৰ্তন কৰা ।

India emphasizes on Green Shipping
ন'ৰৱেৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰীৰ প্ৰতিনিধিৰ দল

বৈঠকত সৰ্বানন্দ সোণোৱালে কয় যে, ন'ৰৱেৰ মন্ত্ৰীগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজত জাহাজ আৰু বন্দৰৰ ক্ষেত্ৰত বৰ্ধিত সামুদ্ৰিক সহযোগিতাক উৎসাহিত কৰিব । তেওঁ লগতে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেউজ বন্দৰ আৰু সেউজ পৰিবহণৰ দৃষ্টিভংগী পূৰণ কৰাৰ দিশত হাইড্ৰ’জেন ইন্ধন চেল ফেৰী, স্বতন্ত্ৰ পৃষ্ঠৰ জাহাজ, নিম্ন-নিৰ্গমণ এলএনজি-হাইব্ৰিড জাহাজ, শূন্য নিৰ্গমণ সৌৰ বেটাৰী ৰ'-ৰ' জাহাজ, অভ্যন্তৰীণ আৰু উপকূলীয় এলপিজি/এলএনজি কেৰিয়াৰ আদিৰ ক্ষেত্ৰত ন'ৰৱেৰ দক্ষতাপূৰ্ণ সহযোগিতা কামনা কৰিছোঁ ।"

ন'ৰৱেৰ প্ৰতিনিধি দলটোত বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়া, ভাৰতস্থিত ন'ৰৱেৰ ৰাষ্ট্ৰদূত আৰু ন'ৰৱেৰ বিভিন্ন কোম্পানীৰ প্ৰতিনিধি অন্তৰ্ভুক্ত আছিল । ভাৰতৰ ফালৰ পৰা ৰাষ্ট্ৰীয় জাহাজ পৰিবহণ ব'ৰ্ডৰ অধ্যক্ষ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক: Attack on minister house: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণৰ বাসগৃহত দুৰ্বৃত্তৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.