ETV Bharat / bharat

Delhi Municipal Corporation Election: নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Nov 27, 2022, 9:49 PM IST

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে দেওবাৰে চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে (Sarbananda Sonowal launched a massive campaign) ৷

Sarbananda Sonowal launched a massive campaign for Delhi Municipal Corporation elections
Delhi Municipal Corporation election: নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নতুন দিল্লী, ২৬ নৱেম্বৰ : ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া নতুন দিল্লীৰ পৌৰ নিগম নিৰ্বাচনৰ বাবে দেওবাৰে চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে (Sarbananda Sonowal launched a massive campaign)৷

নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৱাৰ্ড নম্বৰ ১৪৫, ১৪৯, ১৫০ আৰু ১৫১ৰ বিজেপিৰ প্ৰাৰ্থীৰ বাবে ক্ৰমে লোধী ক'লনী, মালৱীয় নগৰ, কৃষ্ণ নগৰ আৰু মুনীৰকাত সোণোৱালে ব্যাপক প্ৰচাৰ চলায়, য'ত স্থানীয় জনতা আৰু উৎসাহী কাৰ্যকৰ্তাসকলৰ ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হয় (Delhi Municipal Corporation election)৷

তদুপৰি সোণোৱালে পদযাত্ৰাতো অংশগ্ৰহণ কৰি জনগণৰ বিপুল সঁহাৰি প্ৰত্যক্ষ কৰে।প্ৰচাৰ সভাত সোণোৱালে (Cabinet minister Sarbananda Sonowal) জনগণক উদ্দেশ্যি কয়, " প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ (PM Narendra Modi)সপোনৰ ভাৰতবৰ্ষক এক নতুন ৰূপ দিয়াৰ ক্ষেত্ৰত দিল্লীৰ জনতাই অগ্ৰণী ভূমিকা পালন কৰিব লাগিব। মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ সদিচ্ছাপূৰ্ণ নেতৃত্বত সৰ্বস্তৰৰ লোকৰে কল্যাণ সাধন হৈছে আৰু বিভিন্ন কল্যাণকামী পদক্ষেপে সকলোৰে জীৱন ধাৰণৰ মান উন্নত কৰিছে। কেন্দ্ৰত বিজেপি চৰকাৰ থকাৰ দিনতে এতিয়া ভাৰতে গ্ৰেট ব্ৰিটেইনক পিছ পেলাই বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।"

তদুপৰি মোদী চৰকাৰৰ দূৰদৰ্শী চিন্তা আৰু দেশৰ প্ৰতি থকা উৎসৰ্গিত মনোভাৱে এখন আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাকো ত্বৰান্বিত কৰা বুলি সোণোৱালে উল্লেখ কৰে।দেশৰ ৰাজধানী চহৰ দিল্লীক জাকতজিলিকা কৰি সৰ্বাংগসুন্দৰভাৱে গঢ়ি তুলিবলৈ বিকাশ আৰু প্ৰগতিৰ বাটেৰে প্ৰধানমন্ত্ৰীৰ পথ-প্ৰদৰ্শন তথা ইতিবাচক দৃষ্টিভংগীৰ ওপৰত বিশ্বাস ৰাখি দিল্লীবাসীক আগন্তুক পৌৰ নিগম নিৰ্বাচনৰ বাবে বিজেপিৰ পক্ষত ভোটদান কৰিবৰ বাবে আগুৱাই আহিবলৈ সোণোৱালে আহ্বান জনায়।

প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰতে বিশ্বৰ এখন আগশাৰীৰ দেশ হিচাপে প্ৰতিষ্ঠা হ'বলৈ পুৰ্ণোদ্যমে আগবাঢ়িছে আৰু এইক্ষেত্ৰত বিজেপিয়ে ভাৰতৰ চহৰসমূহৰ উন্নয়নক প্ৰাধান্য দি আগন্তুক অমৃতকালৰ ভিতৰত ভাৰতক বিশ্বৰ বুকুত উজ্বলাই তোলাৰ পণ লৈছে বুলিও সোণোৱালে মন্তব্য কৰে। দিল্লীক বিশ্বৰ এখন আগশাৰীৰ চহৰ হিচাপে উজলাই তোলাৰ বাবে বিজেপি চৰকাৰে আগন্তুক দিনতো বিভিন্ন প্ৰচেষ্টা হাতত ল'ব বুলি সোণোৱালে কয়।

তদুপৰি, সৰ্বানন্দ সোণোৱালে দিল্লীৰ কেজৰিৱাল চৰকাৰৰ ভ্ৰষ্টাচাৰৰ চৰিত্ৰ উদঙাই জনতাৰ মোহভংগ হোৱাৰ কথা কয়। ৰাজধানী চহৰখনত ব্যাপকভাৱে বৃদ্ধি পোৱা প্ৰদূষণ, সুৰা কেলেংকাৰী, বিশুদ্ধ খোৱাপানীৰ প্ৰয়োজনীয়তা পূৰণ কৰিব নোৱৰা আদিয়ে কেজৰিৱাল চৰকাৰৰ ব্যৰ্থতাকেই প্ৰতিফলিত কৰিছে বুলি সোণোৱালে উল্লেখ কৰে।

আনহাতে মোদী চৰকাৰে দিল্লীক উন্নয়নৰ নতুন শিখৰলৈ লৈ যোৱাৰ বাবে নতুন নতুন প্ৰচেষ্টা হাতত লৈছে। কেন্দ্ৰীয় চৰকাৰে দিল্লী চৰকাৰক যমুনা নদী পৰিষ্কাৰৰ বাবে কেইবা কোটি টকা প্ৰদান কৰিছিল।

ইয়াৰোপৰি স্বাস্থ্য সেৱা, শিক্ষা আদিকে ধৰি বিভিন্ন খণ্ডৰ বিকাশ আৰু প্ৰগতিৰ স্বাৰ্থত বৃহৎ ৰাশিৰ ধন মুকলি কৰি দিল্লী চৰকাৰক প্ৰদান কৰা হৈছে বুলিও সোণোৱালে উল্লেখ কৰে। তদুপৰি সোণোৱালে বিগত সময়ছোৱাত দিল্লী বিজেপি পৌৰ নিগমে ৰূপায়ণ কৰা বিভিন্ন কল্যাণকামী পদক্ষেপৰ সন্দৰ্ভতো আলোকপাত কৰে।

লগতে পঢ়ক: Padmashree Rahibai Popere : বীজ মাতা পদ্মশ্ৰী ৰোহীবাই পোপেৰ জীৱন যাত্ৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.