ত্ৰিপুৰা, 25 জানুৱাৰী: অতি প্ৰাচীন কালৰে ফুল সকলোৰে মাজত সৌন্দৰ্যৰ বাহক হিচাপে পৰিগণিত হৈ আহিছে যদিও, ত্ৰিপুৰাৰ কল্যাণপুৰৰ এগৰাকী উদ্যমী যুৱক শংকৰ শীলৰ বাবে ফুল হৈছে অৰ্থ উপাৰ্জনৰ এটা ভাল পথ ৷ ত্ৰিপুৰাৰ খোৱাই জিলাৰ কল্যাণপুৰৰ যুৱক শংকৰ শীলৰ মতে ফুলৰ খেতি তেওঁৰ বাবে কেৱল এক আত্মনিৰ্ভৰশীলতাৰ পথেই নহয় কঠিন সময়ত ফুলবোৰে তেওঁৰ জীৱনত অনুপ্ৰেৰণাৰ উৎস হৈ ধৰা দিয়াৰ লগতে মনত শান্তি পোৱাত সহায় কৰে ৷
শংকৰে ভাৱে যে ফুলে সদায়েই ইতিবাচক প্ৰভাৱ পেলাই ৷ তেওঁ কয় যে, "ফুলে সদায়েই ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰে আৰু ফুলৰ এই বৈশিষ্টই মোক এই ব্যৱসায়ৰ প্ৰতি অধিক আকৃষ্ট কৰি তোলে ৷ "
কল্যাণপুৰ বজাৰৰ পৰা নাতিদূৰৈত শংকৰে এটুকুৰা মাটি লিজত লৈ মুঠ 40,000 টকা বিনিয়োগ কৰি ফুলৰ পুলিসমূহ ৰূপন কৰিছিল ৷ শংকৰৰ ব্যৱসায়ে ঠন ধৰি উঠাৰ পাছতে এই ব্যৱসায়ৰ প্ৰতি আকৃষ্ট হৈ এতিয়া শংকৰৰ এই বাগিছালৈ বিভিন্ন বিভাগৰ মুৰব্বী সকলৰ লগতে বিভিন্ন গৰাকী লোকৰ আগমন ঘটা পৰিলক্ষিত হৈছে ৷
![a story on self reliance](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10372810_image_tripura.jpg)
শংকৰে কয়, "বিভিন্ন ধৰণৰ অনুষ্ঠান যেনে বিয়া, যিকোনো বাৰ্ষিকী অনুষ্ঠান, জন্মদিন আদিত মই প্ৰথমে ফুলৰ যোগান ধৰিছিলো ৷ কিছুবছৰ এই ব্যৱসায়ত অতিবাহিত কৰাৰ পাছত মই ভাৱিলো যে মোৰ নিজাকৈ এখন বাগিছা থকা উচিত আৰু তেতিয়া মোৰ গ্ৰাহক সকলে অধিক সতেজ ফুল লাভ কৰিব ৷"
এই কথা মনলৈ অহাৰ পাছতে শংকৰে নিজা প্ৰচেষ্টাৰে ফুলৰ বাগিছা খনক পূৰ্ণ ৰূপ দিয়াৰ প্ৰচেষ্টাত নামি পৰে ৷ শংকৰৰ এই প্ৰচেষ্টাই সফল হোৱাৰ পাছতে এতিয়া তেওঁৰ আত্ম নিৰ্ভৰশীলতাৰ কাহিনীক যুৱ প্ৰজন্মৰ বাবে এক স্বাৱলম্বীতাৰ নিদৰ্শন হিচাপে দাঙি ধৰাৰ বাবে প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ অতি শেহতীয়াকৈ স্থানীয় বিধায়ক পিনাকী দাস চৌধুৰী আৰু উদ্যান বিভাগে তেওঁলৈ পাঁচ লাখ টকাৰ এক সাহাৰ্য ঘোষণা কৰে ৷ এই ধনৰাশিৰ সহায়ত শংকৰৰ ফুলৰ খেতিক আৰু অধিক প্ৰসাৰিত কৰি তোলাৰ উদ্দেশ্যে তেওঁৰ লিজত লোৱা মাটিখিনিত এটা সেউজ গৃহ গঢ়ি তোলা হৈছে ৷
লগতে পঢ়ক:অৱসৰপ্ৰাপ্ত সেনা বাহিনীৰ জোৱানে উপস্থাপন কৰিব পিনাক মাল্টি লাঞ্চ ৰকেট চিষ্টেম