ETV Bharat / bharat

কোনদিশে ভাৰতীয় কুস্তি ফেডাৰেশ্য়নৰ ভৱিষ্যৎ? আজি হ’ব নিৰ্ণয় - ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ নিৰ্বাচন

কাৰ হাতলৈ যাব ভাৰতীয় কুস্তি ফেডাৰেশ্য়নৰ বাঘজৰী ? সন্মুখ সমৰত কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেৰাণ আৰু সঞ্জয় সিং (Wrestling Federation President)৷

Sanjay Kumar Singh confident of winning
আজি ভাগ্য় নিৰ্ণয় হ’ব সঞ্জয় সিঙৰ
author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 2:05 PM IST

নেশ্য়নেল ডেস্ক, 21 ডিচেম্বৰ : অৱশেষত আজি অৰ্থাৎ 21 ডিচেম্বৰত ভাগ্য নিৰ্ণয় হ’ব ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ নিৰ্বাচনৰ সভাপতি পদৰ প্ৰাৰ্থী সঞ্জয় সিঙৰ ৷ শেহতীয়াকৈ পদত্যাগ কৰা প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ সিঙৰ সোঁহাতস্বৰূপে জনাজাত সঞ্জয় সিং ৷

21 ডিচেম্বৰত নতুন দিল্লীৰ কুতুব প্ৰতিষ্ঠানগত এলেকাৰ বি- 29 ৰ বেচমেণ্ট হলত পুৱা 10.30 বজাৰ পৰা আৰম্ভ হৈছে বহু প্ৰত্যাশিত ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ নিৰ্বাচন ৷ দিনৰ 1.30 বজালৈ ভোটদান সম্পন্ন কৰা হ’ব ৷ ইয়াৰ পিচতে 1.40 বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা ৷ তাৰ পিচতে ঘোষণা কৰা হ’ব ভাৰতীয় কুস্তি ফেডাৰেশ্য়নৰ পৰৱৰ্তী সভাপতিৰ নাম ৷

লক্ষণীয় যে, বজৰং পুনিয়া, বিনেশ ফোগাট আৰু সাক্ষী মালিককে ধৰি ভাৰতৰ শীৰ্ষ মল্লযোদ্ধাসকলে ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি ব্ৰীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তাৰ পিচতে ব্ৰীজ ভূষণ শৰণ সিঙে সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৷ অৱশেষত দীঘলীয়া বিলম্বৰ পিচত বৃহস্পতিবাৰে, 21 ডিচেম্বৰত ভাৰতীয় কুস্তি ফেডাৰেশ্য়ন ২০২৩ অনুষ্ঠিত কৰা হৈছে ৷ এই নিৰ্বাচনত, বাৰণসীৰ সঞ্জয় সিঙে ব্ৰীজ ভূষণ শৰণ সিঙৰ পেনেলৰ পৰা সভাপতি হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । অৱশ্য়ে ইতিমধ্য়ে সঞ্জয় সিঙে তেওঁৰ বিজয় হ’বই বুলি দাবী কৰিছে। কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেৰাণে সঞ্জয় সিঙৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ৷

আজি সাংবাদিকৰ সৈতে এক বাৰ্তালাপত প্ৰাৰ্থী সঞ্জয় সিঙে কয়, "উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। আমি কেৱল খেলুৱৈসকলৰ ভৱিষ্যতক লৈ চিন্তিত।"

লক্ষণীয় যে, ভাৰতীয় কুস্তি ফেডাৰেশ্যনৰ সংবিধানৰ পঞ্চম অনুচ্ছেদ অনুসৰি, ফেডাৰেচনৰ নিম্নলিখিত পদসমূহৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে ৷

পদকেইটা হৈছে :

  • সভাপতি
  • জ্যেষ্ঠ উপ-সভাপতি
  • উপ-সভাপতি
  • মহাসচিব
  • কোষাধ্যক্ষ
  • যুটীয়া সচিব
  • কাৰ্যবাহী সদস্য

লগতে পঢ়ক: আয়বহিৰ্ভূত সম্পত্তিৰ গোচৰ; তামিলনাডুৰ মন্ত্ৰী পোনমুডিক ৩ বছৰৰ কাৰাদণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.