নিউজ ডেস্ক, 3 এপ্ৰিল : ৰাজস্থানৰ আলৱাৰ জিলাস্থিত ৰাকেশ টিকাইটৰ কনভয়লৈ শিল নিক্ষেপ কৰা এদিনৰ পাচতে এজন আভিযুক্তক আটক কৰিছে ৰাজস্থান আৰক্ষীয়ে ৷ উল্লেখ্য য়ে, ভাৰতীয় কিষান ইউনিয়নে ৰাকেশ টিকাইটৰ কনভয়লৈ শিল নিক্ষেপ কৰা বিষয়ত আৰক্ষীক ওচৰত এজাহাৰ দাখিল কৰিছিল ৷
এই গোচৰৰ ভিত্তিতে আজি এই লোক আটক কৰে আৰক্ষীয়ে ৷ গুৰুত্বপূৰ্ণ কথা এই লোক জন বিজেপিৰ ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ছাত্ৰ নেতা আছিল বুলি খবৰ প্ৰকাশ পাইছে ৷
ইফালে, কৃষক নেতা ৰাকেশ টিকাইটৰ কনভয়লৈ শিল নিক্ষেপ কৰা বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৷ টুইটাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাহুল গান্ধীয়ে ভাৰতীয় কিষান ইউনিয়ন লগত একেলগে কৃষক বিৰোধী আন্দোলন আগবঢ়াই লৈ যোৱাত সহমত প্ৰকাশ কৰে ৷
ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্দেশ্যেও মন্তব্য প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ৷ "তেওঁলোকৰ সংগঠনে কৰ্মী সকলক হিংসাত্মাক কাৰ্য ৰূপায়নৰ বাবে শিক্ষা দিয়ে ৷ কিন্তু ইয়াৰ বিপৰীতে অহিংসা সত্যাগ্ৰহে কৃষক সকলক নিৰ্ভীক কৰি তোলে ৷" ৰাহুল গান্ধীয়ে টুইটাৰত এইদৰে লিখে ৷
লগতে পঢ়ক:24 ঘন্টা হ্ৰাস পালে ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত থকা নিষেধাজ্ঞা