ETV Bharat / bharat

Omicron variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

author img

By

Published : Nov 30, 2021, 6:58 AM IST

মহাৰাষ্ট্ৰত এগৰাকী ব্যক্তি ক’ভিড-19 ৰ নতুন প্ৰৱাহ Omicron ৰ (New Covid-19 Variant Omicron) দ্বাৰা আক্ৰান্ত হোৱাৰ আশংকা কৰা হৈছে ৷ কিছুদিন পূৰ্বে দক্ষিণ আফ্ৰিকাৰ পৰা মুম্বাইলৈ আহিছিল ব্যক্তিগৰাকী ৷ তেওঁৰ নমুনাসমূহ genome sequencing ৰ বাবে প্ৰেৰণ কৰা হৈছে ৷

Sample of Maharashtra man sent for genome sequencing Omicron Variant Threat
Omicron variant threat : মহাৰাষ্ট্ৰত আফ্ৰিকাৰ পৰা অহা ব্যক্তিৰ দেহত ক’ভিড-19

নেশ্যনেল ডেস্ক, 29 নৱেম্বৰ : ক’ভিড-19ৰ নতুন প্ৰকাৰ Omicron এ (New Covid-19 Variant Omicron) শেহতীয়াকৈ ভয়াৱহ ৰূপ ধাৰণ কৰিছে অষ্ট্ৰেলিয়াত ৷ ইয়াৰ মাজতে মহাৰাষ্ট্ৰত দক্ষিণ আফ্ৰিকাৰ পৰা এজন লোকো এই Omicron প্ৰকাৰৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷ ব্যক্তিগৰাকীৰ দেহত ধৰা পৰিছে ক’ভিড-19 ৰ উপস্থিতি ৷

ব্যক্তিগৰাকী ক’ভিডৰ নতুন প্ৰকাৰ Omicron ৰ (New Covid-19 Variant Omicron)দ্বাৰা আক্ৰান্ত হয় নে নাই, সেয়া পৰীক্ষা কৰাৰ বাবে তেওঁৰ নমুনাসমূহ genome sequencing ৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ কল্যাণ ডোম্বীৱলী পৌৰসভাৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰতিভা পনপেটেলে জানিবলৈ দিছে এই কথা ৷

তেওঁ কয় যে, "ব্যক্তিগৰাকীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা দিল্লী হৈ মুম্বাইলৈ আহিছিল ৷ তেওঁক পৌৰসভাৰ আইছ’লেশ্যন কক্ষত কোৱাৰেণ্টাইনত ৰখা হৈছিল ৷ কিন্তু তেওঁৰ ভাতৃৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল নিগেটিভ আহিছে ৷ আনহাতে, তেওঁৰ পৰিয়ালৰ লোকৰ নমুনাসমূহ সোমবাৰে সংগ্ৰহ কৰা হ’ব" ৷

উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই দক্ষিণ আফ্ৰিকাত ক’ভিডৰ নতুন প্ৰকাৰ B.1.1.529 ধৰা পেলাইছে (New Covid-19 Variant) ৷ এই নতুন প্ৰৱাহৰ নাম দিয়া হৈছে 'Omicron' (New Covid-19 Variant Omicron) ৷

এই প্ৰকাৰটোত যথেষ্ট সংখ্যক পৰিৱৰ্তন আছে, যাৰ কিছুমান গুৰুত্বপূৰ্ণ । প্ৰাথমিক প্ৰমাণে আন VOC ৰ তুলনাত এই প্ৰকাৰটোৰ সৈতে পুনৰ সংক্ৰমণ হোৱাৰ আশংকা বৃদ্ধি হোৱাৰ তথ্য সদৰী কৰিছে । দক্ষিণ আফ্ৰিকাৰ প্ৰায় সকলো প্ৰদেশতে এই প্ৰকাৰৰ ঘটনাৰ সংখ্যা বৃদ্ধি হোৱা দেখা গৈছে ।

লগতে পঢ়ক : Farm Laws Repeal Bill: লোকসভাত গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.