ETV Bharat / bharat

Sabita Mahto: বিশ্বৰ সৰ্বোচ্চ পথ উমলিং লাত দৌৰি উপনীত হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলাৰ বিষয়ে জানো আহক

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 8:16 PM IST

বিহাৰৰ জীয়ৰী সবিতা মাহাতোয়ে চমক কৰিছে । ৫ ছেপ্টেম্বৰত, সবিতা বিশ্বৰ সৰ্বোচ্চ পথ উমলিং লাত উপনীত হোৱা বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয় । সবিশেষ আগলৈ-

Etv Bharat
সবিতা মাহাতো

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ : বিহাৰৰ ছোৱালীবোৰে আজিকালি আশ্চৰ্যকৰ কাম কৰি আছে । ছাপৰাৰ নিবাসী পৰ্বতাৰোহী, চাইকেল আৰোহী আৰু আল্ট্ৰা ৰানাৰ সবিতা মাহাতোৱে যোৱা বছৰ চাইকেল চলাই বিশ্বৰ সৰ্বোচ্চ পথ উমলিং লাত উপনীত হৈছিল ৷ চলিত বছৰৰ ৫ ছেপ্টেম্বৰত, সবিতা বিশ্বৰ সৰ্বোচ্চ মটৰচালিত পথ দৌৰি আৰোহণ কৰা বিশ্বৰ প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হয় ।

Sabita Mahto of Chapra
সবিতা মাহাতো

ছাপৰাৰ আল্ট্ৰা ৰানাৰ সবিতা মাহাটো :

ছাপৰাৰ পানাপুৰ গাঁৱৰ বাসিন্দা সবিতা মাহাতো বিশ্বৰ সৰ্বোচ্চ মটৰচালিত পথ উমলিং লাত দৌৰি উপনীত হোৱা বিশ্বৰ প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে । তাত উপস্থিত হ’বলৈ সবিতাক ১৯ দিন সময় লাগিছিল । ১৯ আগষ্টত মানালিৰ পৰা দৌৰ আৰম্ভ কৰি ৫ ছেপ্টেম্বৰত বিশ্বৰ সৰ্বোচ্চ পথ উমলিং লাত উপস্থিত হৈ ইতিহাস ৰচনা কৰে সবিতাই ।

Sabita Mahto of Chapra
সবিতা মাহাতো
৫৭০ কিলোমিটাৰ দৌৰি ৰচিলে ইতিহাস :

সবিতা মাহাতোৱে কয় যে বিশ্বৰ সৰ্বোচ্চ মটৰচালিত পথ উমলিং লা জয় কৰাটো এক প্ৰত্যাহ্বানতকৈ কম নহয় । মানালীৰ পৰা ৫৭০ কিলোমিটাৰ দৌৰি সমুদ্ৰপৃষ্ঠৰ পৰা উমলিং লা (১৯০২৪ ফুট) পায়গৈ তেওঁ । মানালিৰ পৰা আৰোহণ আৰম্ভ হোৱাৰ লগে লগে আৰু ১০০ কিলোমিটাৰ যোৱাৰ পিচত সেই ঠাইত মানুহৰ উশাহ-নিশাহ ল’বলৈ কষ্ট হয় । এনে পৰিস্থিতিত দৌৰাটো তেওঁৰ বাবে আছিল অতি প্ৰত্যাহ্বানজনক । উপৰিঞ্চি বতৰেও বহু অশান্তিৰ সৃষ্টি কৰিছিল, কেতিয়াবা যদি ৰ’দ কেতিয়াবা আকৌ বৰষুণ !

Sabita Mahto of Chapra
সবিতা মাহাতো

"সকলো বস্তু আওকাণ কৰি, মই পৃথিৱীৰ সৰ্বোচ্চ মটৰচালিত পথ উমলিং লাত উপস্থিত হৈছো । এই 19 দিনৰ সময়ছোৱাত, প্ৰতিদিনে মই এক নতুন প্ৰত্যাহ্বানৰ ৰূপত কিবা এটা পাইছিলো, যিটো মই গ্ৰহণ কৰিছিলো আৰু আগবাঢ়ি গৈছিলো । মই প্ৰতিদিনে ৮ ঘণ্টা দৌৰিছিলোঁ আৰু সন্ধিয়াৰ পিচত ধাবা বা সেনাৰ সেনানিবাসত আছিলোসবিতা মাহাতো, পৰ্বতাৰোহী ৷

যোৱাবাৰ মই চাইকেলেৰে উমলিং লা পালো :

তেওঁ কয় যে দৌৰি বিশ্বৰ সৰ্বোচ্চ পথ উমলিং লাত উপনীত হোৱা দেশৰ প্ৰথমগৰাকী মহিলা দৌৰবিদ হিচাপে তেওঁ অতি সুখী অনুভৱ কৰিছে । এই অভিযানটো সুলভ আন্তঃৰাষ্ট্ৰীয় সমাজ সেৱা সংস্থাৰ এক বৃহৎ অৱদান । এতিয়ালৈকে, তেওঁ বহুতো সফলতা অৰ্জন কৰিছে । ২০২২ চনৰ ৫ জুনত সবিতাই দিল্লীৰ পৰা চাইকেলেৰে পৃথিৱীৰ সৰ্বোচ্চ পথটো জোখাৰ যাত্ৰা আৰম্ভ কৰিছিল । ২৮ জুনত তেওঁ ৫৭৯৮ মিটাৰ ওখ উমলিং লা পথত উপস্থিত হৈ ইতিহাস ৰচনা কৰে ৷

Sabita Mahto of Chapra
সবিতা মাহাতো

সবিতাই কৈছিল যে তেওঁৰ সপোন এতিয়াও পূৰণ হোৱা নাই । তেওঁৰ সপোন হৈছে মাউণ্ট এভাৰেষ্টত নিজৰ দেশৰ ত্ৰিৰংগা উত্তোলন কৰা । যাৰ বাবে তেওঁক সহায়ৰ প্ৰয়োজন । মাউণ্ট এভাৰেষ্ট জয় কৰিবলৈ তেওঁ এতিয়া সক্ষম নহয় কাৰণ তেওঁ সমৰ্থন লাভ কৰা নাই । যদি চৰকাৰৰ লগতে সাধাৰণ মানুহেও সহায় কৰে, তেন্তে তেওঁৰ মাউণ্ট এভাৰেষ্টৰ সপোন পূৰণ হ'ব ।

Sabita Mahto of Chapra
সবিতা মাহাতো

সবিতাই কয় যে তেওঁ নিম্ন শ্ৰেণীৰ পৰিয়ালৰ পৰা আহিছে, সেয়েহে তেওঁৰ সপোন পূৰণত বহু সমস্যা আছে । এতিয়া কেৱল মানুহ আৰু চৰকাৰৰ পৰা সহায়ৰ আশা কৰিব পাৰে তেওঁ । "মোৰ সপোন কেৱল পৰ্বতাৰোহী, চাইকেল চালক বা দৌৰবিদ হিচাপে চিহ্নিত কৰাই নহয়, মই দেশৰ সকলো মহিলাক সজাগ আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে আগবাঢ়ি আছো" ।

Sabita Mahto of Chapra
সবিতা মাহাতো

চাইকেলেৰে ২৯ খন ৰাজ্য ইতিমধ্যে সামৰি লৈছে :

২০১৭ চনত সবিতাই চাইকেলেৰে ১৭৩ দিনত এককভাৱে ২৯খন ৰাজ্য কভাৰ কৰা প্ৰথমগৰাকী মহিলা আছিল । ২০১৬ চনৰ পৰা ২০১৯ চনলৈ ৭০০০ মিটাৰৰ ওপৰত বহু পাহাৰ বগাইছে তেওঁ । ২০১৯ চনত ৭১২০ মিটাৰ উচ্চতাত গড়ৱালৰ ত্ৰিশুল পৰ্বত আৰোহণ কৰে তেওঁ । ২০২২ চনত তেওঁ চাইকেলেৰে বিশ্বৰ সৰ্বোচ্চ শৃংগ (১৯৩০০ মিটাৰ) উমলিং লালৈ যাত্ৰা সম্পূৰ্ণ কৰিছে ।

লগতে পঢ়ক : Asia Cup 2023 : ছুপাৰ ফ’ৰৰ দ্বিতীয়খন মেচত শ্ৰীলংকাৰ সন্মুখীন বাংলাদেশ; শ্ৰীলংকাৰ সন্মুখত 258 ৰাণৰ লক্ষ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.