ETV Bharat / bharat

5 দিনৰ বাবে মুকলি কৰি দিয়া হ’ল শবৰীমালা মন্দিৰ

author img

By

Published : Jul 17, 2021, 2:14 PM IST

ক’ভিড-19 (Covid-19) মহামাৰীৰ বাবে কেইবা সপ্তাহ ধৰি বন্ধ হৈ থকাৰ পিছত কেৰালাৰ শবৰীমালা মন্দিৰ (sabarimala temple) কৰ্তৃপক্ষই শনিবাৰে ভক্তসকলক মাহিলী ৰীতি-নীতি পালন কৰিবলৈ অনুমতি দিয়াৰ লগতে পাঁচ দিনৰ বাবে ইয়াৰ দুৱাৰ মুকলি কৰে । মন্দিৰটো শনিবাৰৰ অৰ্থাৎ 17 জুলাইৰ পৰা 21 জুলাই লৈকে খোলা থাকিব।

sabarimala-temple-opens-for-devotees-for-5-days-with-covid-restrictions
​5 দিনৰ বাবে মুকলি কৰি দিয়া হ’ল শবৰীমালা মন্দিৰ

নেশ্যনেল ডেস্ক, 17 জুলাই: ক’ভিড-19 (Covid-19) মহামাৰীৰ বাবে কেইবা সপ্তাহ ধৰি বন্ধ হোৱাৰ পিছত কেৰালাৰ শবৰীমালা মন্দিৰে (sabarimala temple) শনিবাৰে ভক্তসকলক মাহিলী ৰীতি-নীতি পালন কৰিবলৈ অনুমতি দিয়াৰ বাবে পাঁচ দিনৰ বাবে ইয়াৰ দুৱাৰ মুকলি কৰে । মন্দিৰটো শনিবাৰৰ পৰা অৰ্থাৎ 17 জুলাইৰ পৰা 21 জুলাই লৈকে খোলা থাকিব বুলি প্ৰকাশ কৰা হৈছে । মাস্ক পৰিধান, সামাজিক দূৰত্বৰ লগতে ক’ভিড-19 প্ৰটক’ল কঠোৰভাৱে অনুসৰণ কৰা হ'ব । অনলাইন বুকিং প্ৰণালীৰ জৰিয়তে সৰ্বাধিক 5000 ভক্তক মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হ'ব ।

যিসকলে মন্দিৰ দৰ্শন কৰিব বিচাৰে তেওঁলোকে ভ্ৰমণৰ 48 ঘণ্টাৰ ভিতৰত সম্পূৰ্ণ ক’ভিড-19 টীকাকৰণ প্ৰমাণপত্ৰ বা ঋণাত্মক আৰ টি পিচি আৰ প্ৰমান পত্ৰ প্ৰদান কৰিব লাগিব ৷ উল্লেখ্য যে, দেশৰ আটাইতকৈ বেছি ক’ভিড প্ৰভাৱিত ৰাজ্যবোৰৰ ভিতৰত এখন হৈছে কেৰালা । এপ্ৰিলৰ আৰম্ভণিতে ৰাজ্যখনত লকডাউন জাৰি কৰা হৈছিল যেতিয়া ক’ভিড-19 ৰ দ্বিতীয় সমগ্ৰ দেশতে ভয়াৱহ অৱস্থাৰ সৃষ্টি কৰিছিল ।

কেইমাহমানৰ পিছত, ৰাজ্যখনত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰে আক্ৰান্তৰ সংখ্যা ৷ সম্প্ৰতি কিছু নিয়ন্ত্ৰণলৈ আহিছে কৰ’ণাৰ সংক্ৰমণ ৷ বিগত কেইসপ্তাহমানৰ পৰা দৈনিক ঘটনাবোৰ 10,000 ৰ পৰা 15,000 ৰ ভিতৰত থকা বুলি প্ৰকাশ পাইছে ৷

ৰাজ্যখনত এতিয়াও চলি আছে সপ্তাহান্তৰ লকডাউন । বৃহস্পতিবাৰে কেৰালাত প্ৰায় 13,773 টা ঘটনা পোহৰলৈ আহিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, বৰ্তমান 1,22,436 টা সক্ৰিয় ক’ভিড-19 ৰ ঘটনা আছে ৷ এতিয়ালৈকে মুঠ 29,93,242 গৰাকী সুস্থ হৈ উঠাৰ লগতে 15,155 গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

দেশব্যাপী টীকাকৰণ অভিযানৰ অধীনত, বৰ্তমানলৈকে 1,64,86,091 পালি ভেকচিন প্ৰদান কৰা হৈছে, যাৰ ভিতৰত আছে 1,19,18,696 প্ৰথম পালি আৰু 45,67,395 দ্বিতীয় পালি।

লগতে পঢ়ক:অচিৰেই শিশুৰ বাবে উপলব্ধ হ'ব Zydus Cadilaৰ ক'ভিড প্ৰতিষেধক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.