নেশ্যনেল ডেস্ক, 1 জানুৱাৰী : ভগৱান শ্ৰীকৃষ্ণৰ নাম লৈ ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰি গ্ৰেপ্তাৰ এজন ৰাছিয়াৰ নাগৰিক ৷ সশস্ত্ৰ সীমা বল (এছএছবি)ৰ এজন জোৱানে ভগৱান শ্ৰী কৃষ্ণৰ নাম লৈ ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত এজন ৰাছিয়াৰ নাগৰিকক ধৰা পেলায় ৷ তাৰ পিচত তেওঁক খাদিবাৰী আৰক্ষী থানাৰ বিষয়াসকলে গ্ৰেপ্তাৰ কৰে বুলি সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ অভিযুক্ত নাগৰিকগৰাকী ৰাছিয়াৰ বাসিন্দা আলেকজান্দ্ৰভ পাভেল বুলি চিনাক্ত কৰা হৈছে ।
আৰক্ষীয়ে নাগৰিকজনৰ পৰা ৰাছিয়াৰ এখন অসম্পূৰ্ণ ৰঙীন পাছপোৰ্টও লাভ কৰা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, শনিবাৰে ৰাছিয়াৰ নাগৰিকজনে ভাৰত-নেপাল সীমান্তৰ শিলিগুৰিৰ খাদীবাৰী খণ্ডৰ বজাৰ অঞ্চলৰ মাজেৰে খোজ কাঢ়ি ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰি আছিল। সেই সময়ত তেওঁক সোধা পোছা কৰা হৈছিল ৷ তেওঁক সোধা প্ৰশ্নত তেওঁৰ উত্তৰৰ খেলি-মেলি হোৱাত লগে লগে তেওঁক খাদিবাৰী আৰক্ষী থানালৈ হস্তান্তৰ কৰা হয় ৷
জানিব পৰা মতে আলেকজান্দ্ৰভ পাভেলে যোৱা নৱেম্বৰত ৰাছিয়াৰ পৰা নেপাললৈ আহিছিল। এই সময়ছোৱাত তেওঁ এবাৰ ভাৰত ভ্ৰমণ কৰিছিল । সীমান্ত পাৰ হৈ তেওঁ দক্ষিণ বংগৰ এটা ইস্কন মন্দিৰত কেইদিনমান থকাৰ পিচত তেওঁ পুনৰ নেপাললৈ উভতি আহে । কিন্তু ভগৱান কৃষ্ণৰ বাবে থকা টানৰ বাবে তেওঁ আকৌ এবাৰ ভাৰতলৈ আহিব বিচাৰিছিল ৷ কিন্তু এইবাৰ ভাগ্যই লগ নিদিলে পাভেলক ৷
আৰক্ষীয়ে লগতে কয় যে, আলেকজেণ্ডাৰ পাভেলৰ ওচৰত বৈধ নথি-পত্ৰ নাছিল ৷ সেইবাবে এইটো স্পষ্ট হৈছিল যে তেওঁ অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল ।
পাভেলক এছ.এছ.বি. কৰ্মীসকলে আটক কৰে আৰু আৰক্ষীৰ হাতত গতাই দিয়ে ৷ তাৰ পিচতে আৰক্ষীয়ে পাভেলক গ্ৰেপ্তাৰ কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:মল্লযুঁজাৰুসকলে বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত ৰাজনৈতিকভাৱে প্ৰণোদিত: যোগেশ্বৰ দত্ত