ETV Bharat / bharat

KNP Rhino number controversy : কাজিৰঙাৰ গঁড়ৰ সংখ্যাক লৈ কোনে চলাইছে ভুৱা প্ৰচাৰ ? - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা

এগৰাকী আৰটিআই কৰ্মীয়ে দাবী কৰা মতে কাজৰিঙাৰ গঁড়ৰ সংখ্যা জৰীপত ভুলকৈ উপস্থাপন কৰা হৈছে (KNP Rhino census)। অভিযোগ নস্যাৎ অসমৰ বন বিভাগৰ । মিছা প্ৰচাৰ চলোৱা আৰটিআই কৰ্মীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান চৰকাৰৰ ।

KNP Rhino number controversy
কাজিৰঙাৰ গঁড়ৰ সংখ্যাক লৈ কোনে চলাইছে ভুৱা প্ৰচাৰ
author img

By

Published : Apr 14, 2023, 5:26 PM IST

নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ সংখ্যাক লৈ প্ৰশ্ন কৰি বিপদত এগৰাকী আৰটিআই কৰ্মী । অসমৰ বন বিভাগে গঁড়ৰ সংখ্যাৰ ভুল তথ্য দিয়াৰ অভিযোগ কৰিছিল আৰটিআই কৰ্মীজনে (Misrepresentation of rhino population in Kaziranga)। এই অভিযোগৰ পাচতে অসমৰ বন বিভাগে আৰটিআই কৰ্মীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে । বন বিভাগৰ মতে, আৰটিআই কৰ্মীজনে গঁড়ৰ সংখ্যা সম্পৰ্কে মিছা অভিযোগ উত্থাপন কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক বদনাম কৰিবলৈ চেষ্টা কৰিছে ।

উল্লেখ্য যে, আৰটিআই কৰ্মীজনে বুধবাৰে মন্ত্ৰালয়লৈ এখন পত্ৰ লিখিছিল । য'ত তেওঁ লিখিছে যে অসমৰ বন বিভাগে যোৱা বছৰ লোকপিয়লত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ সংখ্যা ২,৬৩৪ টা বুলি উল্লেখ কৰিছিল । কিন্তু সেই সংখ্যা ২,০৪২ টা হে হ'ব লাগে বুলি তেওঁ দাবী কৰিছে (RTI activist report on KNP Rhino number)। ইয়াক "এক অদ্ভুত প্ৰক্ৰিয়াগত খেলিমেল" বুলি অভিহিত কৰি তেওঁ অভিযোগ কৰে যে কিছুমান গুৰুত্বপূৰ্ণ তথ্য বিলোপ কৰা হৈছে । ইয়াৰ পাচতে, মন্ত্ৰালয়ে বিভাগটোৰ পৰা উত্তৰ বিচাৰিছিল ।

উত্তৰত অসমৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে কয় যে আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে আনুমানিক মূল্যায়ন প্ৰক্ৰিয়া আৰু পদ্ধতি বুজি নোপোৱাকৈ মিছা প্ৰচাৰ চলাই কাজিৰঙাক বদনাম কৰিছে । কাজিৰঙাত ২০২২ চনৰ গঁড়ৰ সংখ্যাক "অদ্ভুত প্ৰক্ৰিয়াগত খেলিমেলি" বুলি অভিহিত কৰি চৌধুৰীয়ে উদ্যানখনৰ প্ৰতি তেওঁৰ বিদ্বেষপূৰ্ণ অভিপ্ৰায় ব্যক্ত কৰিছে (Forest department denied RTI activist complaint)। তেওঁৰ মন্তব্য অত্যন্ত দুখজনক আৰু নিন্দনীয় বুলিও মুখ্য বন সংৰক্ষকে অভিযোগ কৰে ।

পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়লৈ লিখা পত্ৰখনত অসমৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে দাবী কৰে যে আৰটিআই কৰ্মী ৰোহিত চৌধুৰীয়ে গঁড়ৰ লোকপিয়লৰ এছঅ'পি ভুলকৈ অধ্যয়ন কৰিছে (KNP Rhino census controversy)। ইফালে মন্ত্ৰালয়লৈ লিখা পত্ৰত আৰটিআই কৰ্মীজনে অভিযোগ কৰিছে যে অসমৰ বন বিভাগে প্ৰদান কৰা তথ্য অনুসৰি, যোৱা বছৰ মাৰ্চত কাজিৰঙাৰ ২২ টা খণ্ডত জৰীপ চলোৱা হৈছিল, য'ত ১,০৬৪ টা গঁড়ৰ সংখ্যা দেখা গৈছিল ।

আনহাতে, গণনাকাৰীসকলে ২৬ আৰু ২৭ মাৰ্চত সেই খণ্ডবোৰত মাত্ৰ ৪৭২ টা গঁড় গণনা কৰিছিল । চৌধুৰীয়ে কয় যে চূড়ান্ত গণনাত এই ২২ টা খণ্ডৰ সৈতে সম্পৰ্কিত গণনাকাৰীৰ তথ্য আঁতৰোৱা হৈছে আৰু ৮০ টা খণ্ডত আনুমানিক মুঠ সংখ্যা ২০৪২ টাৰ পৰিৱৰ্তে ২,৬৩৪ হিচাপে দেখুওৱা হৈছে (Kaziranga National Park)।

তেওঁ লগতে দাবী কৰিছে যে খণ্ড গণনা প্ৰক্ৰিয়াত গঁড়ৰ সংখ্যাৰ আকলনৰ বাবে এছঅ'পিত নিৰ্ধাৰিত তিনিটা পদ্ধতিৰ ভিতৰত অন্যতম 'নমুনা জৰীপ'ৰ দৰে কোনো প্ৰক্ৰিয়া নাই । তেওঁ কৈছে যে মাত্ৰ ২২ টা খণ্ডত এটা "নমুনা জৰীপ" কৰা হৈছে । ইফালে অসমৰ মুখ্য বন সংৰক্ষক এম কে যাদৱে কৈছে যে চৌধুৰীৰ অভিযোগ ভিত্তিহীন কিয়নো এই প্ৰক্ৰিয়াটোত গঁড়ৰ প্ৰকৃত গণনা জড়িত নহয় ।

১৯৯১ চনৰ পৰা কাজিৰঙাত গঁড়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে । যোৱা বছৰ, ইয়াৰ সংখ্যাত গড় বাৰ্ষিক বৃদ্ধিৰ হাৰ ২.৭ শতাংশ আছিল । অৱশ্যে, এই সময়ছোৱাত মুঠ ৭১৪ টা গঁড়ৰ মৃত্যু হৈছে আৰু তাৰে ৫১ টা গঁড় চোৰাং চিকাৰীয়ে হত্যা কৰিছে ।

লগতে পঢ়ক : Delhi Police Dictionary : দিল্লী আৰক্ষীৰ অভিধানৰ পৰা আঁতৰিব 383 উৰ্দু পাৰ্চী শব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.