ETV Bharat / bharat

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথম মুখপাত্ৰ এম জি বৈদ্যৰ শেষ নিশ্বাস ত্যাগ

author img

By

Published : Dec 19, 2020, 8:39 PM IST

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ নেতা তথা সংঘৰ প্ৰথম মুখপাত্ৰ মাধৱ গোবিন্দ বৈদ্যৰ শনিবাৰে মৃত্যু ঘটে ৷ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত 97 বছৰ বয়সত মৃত্যু ঘটে আৰএছএছৰ জ্যেষ্ঠ নেতাগৰাকীৰ ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰথম মুখপাত্ৰ এম জি বৈদ্যৰ শেষনিশ্বাস ত্যাগ

নিউজ ডেস্ক, 19 ডিচেম্বৰ : ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক মুখপাত্ৰ আৰু ভাষ্যকাৰ মাধৱ গোবিন্দ বৈদ্যৰ শনিবাৰে 97 বছৰ বয়সত মৃত্যু ঘটে ৷ কোৰোণা ভাইৰাছ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা বৈদ্যৰ শনিবাৰে নাগপুৰস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা বুলি নিশ্চিত কৰে নাতি বিষ্ণু বৈদ্যই ৷ দেওবাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জানিবলৈ দিয়ে নাতি বিষ্ণু বৈদ্যই ৷

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বেচ্ছাসেৱক হিচাপে সংঘ প্ৰতিষ্ঠাৰ দুটা দশক, আৰু সংঘৰ সৈতে আঠটা দশক পাৰ কৰিছিল বৈদ্যই ৷ এই সময়ছোৱাত বৈদ্যই ৰাজনীতিৰ পৰা আৰম্ভ কৰি সকলোখিনিৰ সন্মুখীন হৈছিল ৷ বিশেষকৈ 2014ত কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাত বিশেষ ভূমিকা আছিল বৈদ্যৰ ৷

নাগপুৰৰ মৰিছ মহাবিদ্যালয়ত পঢ়ি থকা অৱস্থাত 1943 চনত আৰএছএছৰ সৈতে যুক্ত হৈছিল বৈদ্য ৷ নাগপুৰস্থিত তৰুণ ভাৰত নামৰ আৰএছএছৰ মাৰাথী দৈনন্দিন কাকতৰ মুখ্য সম্পাদক আছিল বৈদ্য ৷ আৰএছএছৰ প্ৰথমগৰাকী প্ৰচাৰ-প্ৰমুখৰ লগতে অখিল ভাৰতীয় বৌদ্ধিক প্ৰমুখ আছিল এম জি বৈদ্য ৷

ৱাৰ্ধা জিলাৰ তাৰোদা মৌজাত জন্মগ্ৰহণ কৰা বৈদ্য কলা শাখাৰ স্নাতকোত্তৰ হোৱাৰ লগতে স্নাতকোত্তৰত সোণৰ পদক লাভ কৰিছিল ৷ আৰএছএছৰ সৈতে জড়িত হৈ থকাৰ সময়তে নাগপুৰৰ হিচলপ মহাবিদ্যালয়ত 1949ৰ পৰা 1966 লৈ অধ্যাপনাও কৰিছিল বৈদ্যই ৷

1966ত তেওঁ তৰুণ ভাৰতৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈ পৰে ৷ 1978ৰ পৰা 1984লৈ তেওঁ মহাৰাষ্ট্ৰ বিধান পৰিষদৰ মনোনীত সদস্য আছিল বৈদ্য ৷ ইয়াৰ উপৰিও নাগপুৰ বিশ্ববিদ্যালয়ৰ ছিনেট সদস্যও আছিল তেওঁ ৷ বৈদ্যই তৰুণ ভাৰতত প্ৰায় 25 বছৰ ধৰি লিখা-মেলা কৰাৰ লগতে কেবাখনো গ্ৰন্থও ৰচনা কৰিছিল ৷ তেওঁ হৈছে আৰএছএছৰ মাত্ৰ কেইজন সদস্যৰ অন্যতম যিয়ে সংঘৰ প্ৰথমাৱস্থাৰ পৰা আজিৰ এই অৱস্থাত উপনীত হোৱা প্ৰত্যক্ষ কৰিছিল ৷

সংঘৰ প্ৰতিষ্ঠাপক ডাঃ কেশৱ বলিৰাম হেডগেৱাৰকে ধৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ছগৰাকী সৰসংঘচালকৰ সৈতে কাম কৰিবলৈ সুযোগ পাইছিল বৈদ্যই ৷ মৃত্যুৰ সময়ত বৈদ্যই পত্নী সুনন্দা, তিনিগৰাকী কন্যা আৰু সংঘৰ সহ সৰকাৰ্যবাহ (যুটীয়া সাধাৰণ সম্পাদক) মনমোহন বৈদ্যকে ধৰি পাঁচগৰাকী পুত্ৰক এৰি থৈ গৈছে ৷

পিতৃৰ মৃত্যুৰ বিষয়ে টুইট কৰি মনমোহন বৈদ্যই লিখে যে, "নটা দশক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৈতে জড়িত হৈ থকা এগৰাকী সাংবাদিক, হিন্দুত্ব ভাষ্যকাৰ মোৰ পিতৃয়ে 97 বছৰৰ সক্ৰিয়, অৰ্থৱহ আৰু অনুপ্ৰেৰণামুলক জীৱন পাৰ কৰি আজি দিনৰ 3.35 বজাত শেষ নিশ্বাস ত্যাগ কৰে ৷"

বৈদ্যৰ জীৱন সকলোৰে বাবে অনুপ্ৰেৰণামুলক বুলি শোকবাৰ্তা প্ৰেৰণ কৰে আৰএছএছ প্ৰধান মোহন ভাগৱতে ৷ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৈদ্যৰ মৃত্যুত শোকপ্ৰকাশ কৰি টুইট কৰে ৷ বৈদ্যৰ মৃত্যুত শোকপ্ৰকাশ কৰে গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানীয়ে ৷

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত মহাৰাষ্ট্ৰত চাৰিটা খণ্ডত ভাগ কৰিব লাগে বুলি সংবাদ শীৰ্ষ দখল কৰিছিল মাধৱ গোবিন্দ বৈদ্যই ৷

লগতে পঢ়ক : মুম্বাই-আহমেদাবাদৰ মাজত চলিবলগীয়া বুলেট ট্ৰেইনৰ প্ৰথমখন আলোকচিত্ৰ প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.