ETV Bharat / entertainment

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 90 সংখ্যক জন্ম জয়ন্তী - Pratima Barua Pandey birthdate

author img

By ETV Bharat Entertainment Team

Published : 2 hours ago

Pratima Barua Pandey : গৌৰীপুৰত বৃহস্পতিবাৰে গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ 90 সংখ্যক জন্মদিন উদযাপন কৰা হয় । প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষই তেওঁৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে ৷

Pratima Barua Pandey 90th birth anniversary
প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 90 সংখ্যক জন্ম জয়ন্তী (ETV Bharat Assam)

ধুবুৰী, 3 অক্টোবৰ : গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি 90 সংখ্যাক জন্মদিন । গোৱালপৰীয়া লোকগীতক জনপ্ৰিয় কৰি তোলা বিশিষ্ট শিল্পীগৰাকীক আজি শ্ৰদ্ধাৰে সুঁৱৰিছে ৰাজ্যবাসীয়ে । প্ৰতিবছৰে আজিৰ দিনটোত গৌৰীপুৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত তেওঁৰ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয় ৷ আজিও তাৰ ব্যতিক্ৰম নহ’ল ৷

বৰষুণকো নেওচি মহাবিদ্যালয়ৰ অধ্যক্ষই জন্ম বাৰ্ষিকীত প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায় ৷ গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ উদ্যোগত গৌৰীপুৰ মাটিয়াবাগস্থিত শিল্পীগৰাকীৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণো কৰা হয় । আনহাতে ধুবুৰী ফুলবাৰীৰ নৱ-নিৰ্মিত দলংখনৰ নাম প্ৰতিমা বৰুৱা পাণ্ডেৰ নামেৰে ৰাখিবলৈও আহ্বান জনাই মহাবিদ্যালয় কৰ্তৃপক্ষই ।

অৱশ্যে আজি এক বিপৰীত দৃশ্যও দেখা গ’ল গৌৰীপুৰ চহৰৰ মাজমজিয়াত ৷ হস্তীৰ কন্যা প্ৰতিমা বৰুৱা পাণ্ডে এলাগী হৈ পৰাও দেখা গ’ল একে ঠাইতে । শিল্পীগৰাকীৰ 90 সংখ্যক জন্ম জয়ন্তীত গুৰুত্ব নিদিলে কোনো দল-সংগঠন তথা পৰিয়ালৰ লোকে । গৌৰীপুৰ মা মহামায়া মন্দিৰৰ কাষত তথা ৰাজহুৱা পুথিভঁৰালৰ ওচৰত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিত এডাল মাল্য প্ৰদান কৰিবলৈ ওলাই নাহিল কোনো দল-সংগঠন তথা ৰাজপৰিয়ালৰ কোনো লোক । সাংবাদিকৰ এটি সজাতি দলে ৰাজপৰিয়ালৰ সদস্য মৌচুমী বৰুৱাক ফোন যোগে অৱগত কৰাৰ পিছত মৌচুমী বৰুৱা উক্ত ঠাইত উপস্থিত হৈ দিনৰ 1 বজাতহে প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে আৰু বন্তি প্ৰজ্বলন কৰি দুখ প্ৰকাশ কৰে ।

গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰখ্যাত হাতী বিশেষজ্ঞ প্ৰকৃতীশ চন্দ্ৰ বৰুৱাৰ কন্যা আৰু ‘দেৱদাস’ খ্যাত চলচ্চিত্ৰৰ পৰিচালক প্ৰমথেশ চন্দ্ৰ বৰুৱাৰ ভতিজী আছিল প্ৰতিমা বৰুৱা পাণ্ডে । 1934 চনৰ 3 অক্টোবৰত কলিকতাত জন্ম হৈছিল প্ৰতিমা বৰুৱা পাণ্ডেৰ । ধুবুৰীৰ গৌৰীপুৰীয়া ৰাজপৰিয়ালৰ জীয়াৰী আছিল লোকসংগীতৰ শিল্পীগৰাকী । প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত জীৱনৰ কথা ক’বলৈ গ’লে 1956 চনত ড॰ ভূপেন হাজৰিকাৰ "এৰা বাটৰ সুৰ" ছবিখনৰ দুটা গীতত কণ্ঠদান কৰি সংগীতৰ ক্ষেত্ৰখনত খোজ দিয়ে । গোৱালপৰীয়া লোকগীতলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদানৰ বাবেই তেখেতে লাভ কৰিছিল পদ্মশ্ৰী বঁটা ৷ ইয়াৰ উপৰিও 1988 চনত সংগীত নাটক অকাডেমি বঁটাও লাভ কৰিছিল তেখেতে ।

উল্লেখ্য যে, 1957 চনত গুৱাহাটীৰ জজ খেলপথাৰত অনুষ্ঠিত হোৱা ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত পোনপ্ৰথমবাৰৰ বাবে ভূপেন হাজৰিকা, দিলীপ শৰ্মা আৰু হেমাংগ বিশ্বাস আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱাভাৱে সংগীত জীৱন আৰম্ভ কৰিছিল তেখেতে । 1962 চনত প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত ‘কেনেহে ৰাধিব তোৰ বিৰহ মন’, ‘হস্তীৰ কন্যা’ আৰু ‘একেবাৰ হৰি বোল মন ৰচনা’ গীত পৰিবেশন কৰি দৰ্শকৰ সমাদৰ লাভ কৰে । 1975 চনত কলিকতাত ভূপেন হাজৰিকাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা লাভ কৰে প্ৰতিমা বৰুৱা পাণ্ডেই । ইয়াৰ পিছত 1976 চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে লাভ কৰে স্বীকৃতি ।

লগতে পঢ়ক : কেনভাছত কেটেপা মাৰি জুবিনৰ ছবি আঁকিলে অনুৰাগীয়ে - Zubeen Garg Portrait by Dipu Bora

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.