ETV Bharat / bharat

দীনেশ ত্ৰিবেদীৰ খালী ৰাজ্যসভাৰ আসনৰ বাবে ৯ আগষ্টত উপ-নিৰ্বাচন - নিৰ্বাচনী প্ৰক্ৰিয়া

দীনেশ ত্ৰিবেদীয়ে পদত্যাগ কৰাৰ পাচতে খালী হৈ থকা ৰাজ্যসভাৰ সাংসদৰ আসনৰ উপ নিৰ্বাচন সন্দৰ্ভত নিৰ্বাচন আয়োগৰ বিবৃতি । অহা ৯ আগষ্টত হ'ব খালী আসনখনৰ উপ-নিৰ্বাচন । পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুলাই আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২ আগষ্ট ।

by poll to seat vacated by Dinesh Trivedi
দীনেশ ত্ৰিবেদীৰ খালী ৰাজ্যসভাৰ আসনত ৯ আগষ্টত হ'ব উপ নিৰ্বাচন
author img

By

Published : Jul 16, 2021, 10:38 PM IST

নেশ্যনেল ডেস্ক,১৬ জুলাই : পশ্চিমবংগৰ প্ৰাক্তন তৃণমূল কংগ্ৰেছৰ (Trinamool Congress) নেতা দীনেশ ত্ৰিবেদীয়ে পদত্যাগ কৰাৰ পাচতে খালী হৈ আছে ৰাজ্যসভাৰ সাংসদৰ আসন । ৰাজ্যসভাৰ এই খালী আসনৰ উপ-নিৰ্বাচনকলৈ গুৰুত্বপূৰ্ণ ঘোষণা নিৰ্বাচন আয়োগৰ (Election Commission)। নিৰ্বাচন আয়োগে বিবৃতি যোগে জনোৱা মতে, অহা ৯ আগষ্টত হ'ব খালী আসনখনৰ উপ-নিৰ্বাচন । পুৱা ৯ বজাৰ পৰা আবেলি ৪ বজালৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ।

নিৰ্বাচন আয়োগৰ মতে নিৰ্বাচন সন্দৰ্ভত ২২ জুলাইত এক জাননী জাৰী কৰা হ'ব । বিবৃতিত উল্লেখ কৰা মতে, মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৯ জুলাই আনহাতে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ২ আগষ্ট । লগতে কোৱা হৈছে যে, ভোটগণনা ৯ আগষ্টত অৰ্থাৎ ভোটগ্ৰহণৰ পাচতে অনুষ্ঠিত হ'ব । ইফালে নিৰ্বাচন আয়োগে জনোৱা মতে, ১০ আগষ্টৰ পূৰ্বে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব ।

সমগ্ৰ নিৰ্বাচন প্ৰক্ৰিয়াত পালন কৰিবলগীয়া নীতি নিৰ্দেশনাসমূহো উল্লেখ কৰে নিৰ্বাচন আয়োগে । ভোটগ্ৰহণৰ সময়ত ভোটাৰসকলে অনুসৰণ কৰিবলগা নিৰ্দেশনাসমূহ উল্লেখ কৰি নিৰ্বাচন আয়োগে কয় যে, প্ৰতিগৰাকী ব্যক্তিয়ে নিৰ্বাচন সম্পৰ্কীয় প্ৰতিটো কাৰ্যকলাপৰ সময়ত মাস্ক পৰিধান কৰিব লাগিব । নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যৱহৃত হল , কোঠা আদিৰ চৌহদত প্ৰৱেশৰ সময়ত সকলো ব্যক্তিৰ শৰীৰৰ উষ্ণতা স্কেনিং কৰিব লাগিব আৰু সকলো স্থানতে চেনিটাইজাৰ উপলব্ধ হ'ব লাগিব ।

লগতে ৰাজ্য চৰকাৰ আৰু গৃহ মন্ত্ৰালয়ে জাৰী কৰা ক'ভিড নিৰ্দেশনা অনুসৰি সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব । ইফালে পশ্চিমবংগৰ মুখ্য সচিবক ৰাজ্যখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াক এই ক্ষেত্ৰত নিযুক্তি দিবলৈ নিৰ্দেশ দিয়া হৈছে যাতে উক্ত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সময়ত ক'ভিড নিৰ্দেশনাৱলী সঠিক ৰূপত পালন কৰা হয় । উল্লেখ্য যে পশ্চিমবংগৰ হিংসাত্মক ঘটনাবোৰ সংঘটিত হৈ থকাৰ সময়তে তৃণমূল কংগ্ৰেছৰ ৰাজ্যসভাৰ সাংসদ ত্ৰিবেদীয়ে (Dinesh Trivedi) ১২ ফেব্ৰুৱাৰীত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল । ইফালে পদত্যাগ কৰাৰ প্ৰায় এসপ্তাহৰ পিছতে তেওঁ ভাৰতীয় জনতা পাৰ্টিত (BJP) যোগদান কৰে ।

লগতে পঢ়ক :জম্মুৰ কেইবাটাও স্থানত দেখা গৈছে সন্দেহজনক ড্ৰোন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.