ETV Bharat / bharat

Cyber crime : অনলাইন গেম খেলি হেৰুৱালে ৫৮ কোটি টকা, আত্মহত্যাৰ চেষ্টা ব্যৱসায়ীৰ - Cyber crime in Nagpur

অনলাইন গেমৰ জৰিয়তে ধন উপাৰ্জনৰ লোভত এগৰাকী ব্যৱসায়ীয়ে হেৰুৱালে ৫৮ কোটি টকা । ঋণ লৈ ভাগৰুৱা ব্যৱসায়ীৰ আত্মহত্যাৰ চেষ্টা । অভিযুক্তৰ ঘৰৰ পৰা কিঃগ্ৰাঃ সোণ আৰু ১৭ কোটি টকা জব্দ ।

Cyber crime
অনলাইন গেম খেলি হেৰুৱালে ৫৮ কোটি টকা
author img

By

Published : Jul 23, 2023, 11:21 AM IST

নেশ্যনেল ডেস্ক,২৩ জুলাই : অনলাইন গেমৰ জৰিয়তে টকা উপাৰ্জনৰ প্ৰলোভন দি এগৰাকী ব্যৱসায়ীৰ পৰা কোটি কোটি টকা লুণ্ঠন কৰিলে এটা চক্ৰই । অনলাইন গেমৰ জৰিয়তে নাগপুৰৰ ব্যৱসায়ীজনে প্ৰায় ৫৮ কোটি টকা হেৰুৱায় । ইমান ধন হেৰুওৱাৰ পাছত আত্মহত্যাৰ চেষ্টা কৰে ব্যৱসায়ীজনে । লগে লগে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰি আছে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গণ্ডিয়াত অভিযুক্তৰ ঘৰত অভিযান চলাইছে । অভিযানত আৰক্ষীয়ে ঘৰটোৰ পৰা ৪ কিলোগ্ৰাম সোণ আৰু ১৭ কোটি নগদ ধন জব্দ কৰিছে ।

অৱশ্যে, অভিযুক্তজন পলাই যাবলৈ সক্ষম হয় । জানিব পৰা মতে ভুক্তভোগীজন নাগপুৰৰ এজন ডাঙৰ ব্যৱসায়ী । তেওঁ ২০২১ চনৰ নৱেম্বৰৰ পৰা অনলাইন গেম খেলি ৫৮ কোটি টকা হেৰুৱাইছে । অনন্ত নৱৰতন জৈন নামৰ অভিযুক্তজনে তেওঁক অনলাইন গেমৰ প্ৰলোভন দিছিল । ভুক্তভোগীয়ে আৰক্ষীক জনোৱা মতে অভিযুক্ত নৱৰতন জৈনে তেওঁক এটা অনলাইন গেমিং এপত ২৪ ঘণ্টা বাজি মাৰি কোটি কোটি টকা উপাৰ্জন কৰাৰ প্ৰলোভন দিছিল ।

ভুক্তভোগীক কম সময়ৰ ভিতৰত যথেষ্ট ধন উপাৰ্জন কৰিবলৈ প্ৰলোভিত কৰিছিল । লগতে অভিযুক্তজনে তেওঁক অনলাইন বেটিং/গেমিং লিংকৰ ব্যৱহাৰকাৰী নাম, পাছৱৰ্ড প্ৰেৰণ কৰিছিল ।

অভিযুক্ত অনন্ত ওৰফে চন্টুৱে অভিযোগকাৰীক অনলাইন লিংকত বাজি মৰাৰ অভ্যাস কৰিছিল । ভুক্তভোগী ব্যৱসায়ীজনে অভিযুক্তৰ নিৰ্দেশতে তেওঁৰ ধন পুনৰুদ্ধাৰ কৰিবলৈ তেওঁৰ বন্ধুবৰ্গৰ পৰা টকা ধাৰ লৈছিল আৰু গেম খেলিছিল । কিন্তু গেমত তেওঁ কেতিয়াও লাভান্বিত হোৱা নাছিল । ভুক্তভোগী ব্যৱসায়ীজনে সন্দেহ কৰা মতে অভিযুক্ত অনন্ত অনলাইন বেটিংত লাভান্বিত হৈছিল । যাৰ বাবে ভুক্তভোগীয়ে হেৰুওৱা ধন ঘূৰাই দিয়াৰ দাবী কৰিছিল ।

কিন্তু অভিযুক্তজনে ব্যৱসায়ীগৰাকীক হত্যাৰ ভাবুকি দিছিল আৰু তাৰ পৰিৱৰ্তে ৪০ লাখ টকাৰ ধন দাবী কৰিছিল । এনে পৰিস্থিতিত ব্যৱসায়ীজনে আত্মহত্যাৰ চেষ্টা কৰে । অভিযোগ অনুসৰি অভিযুক্ত অনন্তই ব্যৱসায়ীগৰাকীক ভুৱা লিংক প্ৰদান কৰিছিল আৰু লিংক ছেটিঙছত হেৰফেৰ কৰিছিল ।

লগতে পঢ়ক :CM vigilence team operation : মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ দুই চৰকাৰী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.