ETV Bharat / bharat

মোৰাদাবাদ দুৰ্ঘটনা : নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহাৰ্যৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 31, 2021, 10:43 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে 2 লাখ টকাৰ অনুদানৰ অনুমোদন জনায় । প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ পৰা এই অনুদান দিয়া হ’ব ।

Moradabad accident
মোৰাদাবাদৰ দুৰ্ঘটনা

নেশ্যনেল ডেস্ক,31 জানুৱাৰী : উত্তৰ প্ৰদেশৰ মোৰাদাবাদ জিলাত সংঘটিত হোৱা পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ আত্মীয়ৰ বাবে 2 লাখ টকাৰ অনুদানৰ অনুমোদন জনায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহাৰ্য পুঁজিৰ পৰা এই অনুদান দিয়া হ’ব বুলি দেওবাৰে ঘোষণা কৰে প্ৰধানমন্ত্ৰীয়ে ৷

শনিবাৰে পুৱাৰ ভাগত মোৰাদাবাদ-আগ্ৰা ৰাষ্ট্ৰীয় ঘাইপথত হোৱা ভয়াৱহ পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সকলৰ প্ৰতিগৰাকীকে 50,000 টকাকৈ প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে ৷ উল্লেখ্য যে, উক্ত দুৰ্ঘটনাটোত 10 গৰাকী লোক নিহত হোৱাৰ বিপৰীতে 10 গৰাকীকৈ লোক আঘাতপ্ৰাপ্ত হয় ৷

প্ৰধানমন্ত্ৰীৰ লগতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও নিহতৰ প্ৰতিটো পৰিয়ালকে 2 লাখ টকাকৈ সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে ৷

লগতে পঢ়ক : বাজেট উত্থাপনৰ পূৰ্বে বৈঠকত মিলিত হ’ব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.