নেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী: অবৈধভাৱে সোণ সৰবৰাহ কৰি ৰঙাঘৰৰ আলহী হ'ল কৰ্ণাটকৰ এটা সৰবৰাহকাৰী । শুল্ক বিভাগে মাংগালুৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীটোৰ পৰা প্ৰায় ২০০ গ্ৰাম সোণ জব্দ কৰে শুল্ক বিভাগৰ বিষয়াই ।
যোৱা ১১ ফেব্ৰুৱাৰীত এখন বিমানত বিদেশৰ পৰা অহা এগৰাকী যাত্ৰীক বিচাৰি থকা অৱস্থাতে অবৈধভাৱে সোণ সৰবৰাহৰ কথা পোহৰলৈ আহে আৰু শুল্ক বিভাগে সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰা সোণখিনিৰ মূল্য ১০ লাখ টকা বুলি জানিবলৈ দিছে শুল্ক বিভাগে ।
সোণখিনি কাৰ্বন পেপাৰেৰে মেৰিয়াই বুটাম আৰু পেণ্টৰ ভিতৰত লুকুৱাই আনিছিল সৰবৰাহকাৰীটোৱে । সম্প্ৰতি ঘটনা সন্দৰ্ভত শুল্ক বিভাগে তদন্ত অব্যাহত ৰাখিছে । ধৃত সৰবৰাহকাৰীটোৰ ঘৰ কৰ্ণাটকৰ ভটকাল চহৰত ।