ETV Bharat / bharat

Royal wedding: এখন বিশেষ বিয়াই চেহেৰা সলনি কৰিলে এখন গাঁৱৰ

author img

By

Published : Jan 27, 2023, 7:27 PM IST

বিয়া বুলি ক’লেই আমাৰ মনত এক আনন্দৰ সৃষ্টি হয় ৷ বিয়াঘৰত সৃষ্টি হয় উদুলি-মুদুলি পৰিবেশৰ ৷ অতি সাধাৰণ বিয়াৰ পৰা আৰম্ভ কৰি বহু বিলাসী বিবাহলৈকে, সকলোতে এই আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে ৷ আজি আমি আপোনালোকক এনে এখন বিয়া দেখুৱাম, য’ত কেৱল বিবাহ মণ্ডপতেই খৰচ হৈছে কেইবা কোটি টকা (Royal wedding of NRI daughter) ৷

Etv BharatNRI daughter attractive pandal worth crore rupees
Royal wedding of NRI daughter
এখন বিশেষ বিয়াই চেহেৰা সলনি কৰিলে এখন গাঁৱৰ

নিউজ ডেস্ক, 27 জানুৱাৰী: আপুনি মই সকলোৱে বিবাহ অনুষ্ঠানৰ সৈতে পৰিচিত ৷ বিভিন্ন ধৰ্ম আৰু জাতি অনুসৰি বিবাহৰ পথা ভিন্ন ৷ সেইবোৰো আমি দেখিছোঁ ৷ অতি সাধাৰণ বিয়াৰ পৰা বিলাসী বিয়ালৈকে এবাৰ হ’লেও আপুনি নিশ্চয় সাক্ষী হৈছে ৷ নামী-দামী বিবাহবোৰৰ ৰেহ-ৰূপে আপোনাকো চমক দিবলৈ হয়তো সক্ষম হৈছে ৷ বিবাহ মণ্ডপৰ আটক-ধুনীয়া সজ্জা, খাদ্য-সম্ভাৰ আদিয়ে তাত উপস্থিত থকা সকলক বাৰুকৈয়ে মোহিত কৰে ৷ তেনে এখন বিয়াৰ কথাই ক’বলৈ লৈছোঁ ৷ যিখন বিয়াৰ বাবে ৰেহ-ৰূপ সলনি হৈ পৰিলে এখন গাঁৱৰ (NRI daughter wedding in Barmer) ৷

ৰাজস্থানৰ বাড়মেৰ জিলাৰ এগৰাকী এন আৰ আই ব্যক্তিৰ পুত্ৰীৰ বিবাহ অনুষ্ঠান শেহতীয়াকৈ চৰ্চালৈ আহিছে ৷ ব্যক্তিগৰাকীয়ে নিজ কন্যাৰ বিবাহৰ বাবে গাঁৱত এখন ৰিজ’ৰ্ট আৰু দূৰ্গ নিৰ্মাণ কৰা ঘটনাই আমোদ দিছে বিবাহ অনুষ্ঠানলৈ অহা লোকৰ লগতে অঞ্চলবাসীক ৷ বিয়াৰ বাবে এজন পাৰ্গত টেন্ট ডিজাইনাৰৰ দ্বাৰা ব্যক্তিগৰাকীয়ে সমগ্ৰ মণ্ডপটো পুৰণি দূৰ্গ আৰু ৰিজ’ৰ্টৰ ধৰণেৰে সজাই তুলিছে ৷ শতাধিক তম্বুৰে বিবাহথলীক এখন চহৰৰ দৰে ৰূপ দিয়া হৈছে ৷ গছপুলি, হেলিপেড আৰু ৰাস্তা নিৰ্মাণ কৰি বিবাহ মণ্ডপটো ঠিক স্কটলেণ্ডৰ দুৰ্গৰ দৰে সজোৱা হৈছে (NRI daughter attractive pandal worth crore rupees) ৷

বাড়মেৰ জিলাৰ ভিয়াণ্ডৰ বুধাতলা গাঁৱৰ এন আৰ আই নিবাসী নৱল কিশোৰ গোদাৰাৰ কন্যাৰ বিয়া ঠিক কৰা হৈছে পালী সমষ্টিৰ প্ৰাক্তন সাংসদ বদ্ৰীৰাম জাখড়ৰ পুত্ৰৰ সৈতে ৷ গোদাৰা পূৰ্বে গুজৰাটত আছিল আৰু তাৰ পাচত আফ্ৰিকালৈ গৈ তাতেই থিতাপি লৈছিল ৷ নিজৰ কন্যা ৰীতুৰ বিয়াৰ বাবে দুমাহ পূৰ্বৰ পৰা তেওঁ এই মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ প্ৰায় 400 লোকৰ দ্বাৰা এই মণ্ডপ নিৰ্মাণ কৰা হৈছে ৷ পেণ্ডেল আৰু ইয়াৰ শিল্পসজ্জাৰ নিৰ্দেশক মহেন্দ্ৰ সিংঘৱীয়ে কয় যে, বিবাহৰ বাবে এনেকুৱা মণ্ডৱ পূৰ্বতে কেতিয়াও নিৰ্মাণ কৰা নাই ৷ কেইবা কোটি টকা খৰচ হৈছে এই ণ্ডপ নিৰ্মাণত (Royal wedding of NRI daughter) ৷

গোদাৰাই বুধাতলা গাঁৱত নিজ কন্যাৰ বিবাহৰ বাবে মণ্ডপটো সজাইছে ৷ গোদাৰাৰ কন্যাৰ বিবাহৰ বাবে নিৰ্মাণ কৰা মণ্ডপে সকলোকে আকৰ্ষিত আৰু আচৰিত কৰি তুলিছে ৷ মাত্ৰ কেইটামান দিনৰ ভিতৰতে বিয়ালৈ আহিব লগীয়া প্ৰায় 10 হাজাৰ অতিথিৰ বাবে ৰাজস্থান মৰুভূমিত নিৰ্মাণ কৰি উলিওৱা হৈছে কিলেনুমা ৰিজ’ৰ্ট ৷ প্ৰায় 25 বছৰ পূৰ্বে গোদাৰা গুজৰাটৰ পৰা কৰ্মৰ সন্ধানত দক্ষিণ আফ্ৰিকালৈ গৈছিল বুলি জানিব পৰা গৈছে (NRI Naval Kishore Godara daughter wedding) ৷

গোদাৰাই প্ৰসাধন সামগ্ৰীৰ পৰা আৰম্ভ কৰি খননলৈকে ব্যৱসায় স্থাপন কৰিছিল ৷ তেওঁ মাতৃ বৰ্তমান গাঁওখনৰ গাঁওপ্ৰধান ৷ নৱল কিশোৰ গোদাৰাই কয় যে, তেওঁ এটি পুত্ৰ আৰু দুগৰাকী কন্যা আছে ৷ প্ৰতিজন দেউতাকৰে সপোন থাকে যে, তেওঁ নিজৰ কন্যাৰ বিয়া ধুমধামেৰে আয়োজন কৰিব ৷ ‘‘মই কোনো এখন দেশৰ বিলাসী ৰিজ’ৰ্টত কন্য়া ৰীতুৰ বিবাহ অনুষ্ঠিত কৰিব পাৰিলোঁ হেতেন ৷ কিন্তু মই গাঁৱত বিবাহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’লোঁ ৷ সেয়ে ইচ্ছানুসৰি বিবাহ মণ্ডপ সাজু কৰিছোঁ’’ গোদাৰাই কয় (Royal wedding in Rajasthan) ৷

নৱল কিশোৰ গোদাৰাৰ কন্যা ৰীতুৱে B Tech সম্পূৰ্ণ কৰিছে ৷ তেওঁৰ বিয়া হ’ব জোধপুৰ নিবাসী তথা পালী সংসদীয় সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী সাংসদ বদ্ৰীৰাম জাখড়ৰ পুত্ৰ প্ৰকাশৰ সৈতে ৷ বৃহস্পতিবাৰে আছিল বিবাহৰ সংগীত অনুষ্ঠান ৷ আজি অৰ্থাৎ 27 জানুৱাৰীত সম্পন্ন হৈছে বিবাহ প্ৰক্ৰিয়া ৷ বিবাহ অনুষ্ঠানত মুখ্যমন্ত্ৰী অশোক গেহলোটৰ পৰা আৰম্ভ কৰি বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকললৈকে সকলোকে নিমন্ত্ৰণ জনোৱা হৈছে ৷ তাৰোপৰি ডাঙৰ ডাঙৰ উদ্যোগতিসকলকো এই বিবাহ অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱা হৈছে ৷ সেয়েহে এইদৰে বিলাসীভাৱে সাজি উলিওৱা হৈছে বিবাহ মণ্ডপটো ৷

লগতে পঢ়ক: Who is this Poonam: শতাধিক গৰাকীবিহীন মৃতদেহ সৎকাৰেৰে চৰ্চালৈ আহিছে পুনম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.