ETV Bharat / bharat

Bihar Land For Job Scam : ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰী; লালু, ৰাবৰী আৰু তেজস্বী যাদৱক জামিন প্ৰদান

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 2:07 PM IST

দিল্লীৰ ৰাউজ এভিনিউ আদালতে ভূমিৰ বিনিময়ত চাকৰি গোচৰত লালু প্ৰসাদ যাদৱ, ৰাবৰী দেৱী আৰু তেজস্বী যাদৱক ৫০,০০০ টকাৰ ব্যক্তিগত বণ্ডত জামিন প্ৰদান কৰে । গোচৰটোৰ পৰৱৰ্তী শুনানি ১৬ অক্টোবৰত অনুষ্ঠিত হ'ব ।

লালু, ৰাবৰী আৰু তেজস্বী যাদৱক জামিন প্ৰদান
Bihar Land For Job Scam

নিউজ ডেস্ক, ৪ অক্টোবৰ : ভূমিৰ বিনিময়ত চাকৰি কেলংকাৰী গোচৰত বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ আৰু ৰাবৰী দেৱী আৰু বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক বুধবাৰে দিল্লীৰ ৰাউজ এভিনিউ আদালতে জামিন প্ৰদান কৰে । উল্লেখ্য যে বুধবাৰে লালুপ্ৰসাদ, ৰাবৰী দেৱী আৰু তেজস্বী যাদৱে জামিন বিচাৰি ৰাউজ এভিনিউ আদালতত উপস্থিত হয় । লালুপ্ৰসাদৰ পৰিয়ালটো চিবিআইৰ বিশেষ ন্যায়াধীশ গীতাঞ্জলি গোৱেলৰ আদালতত হাজিৰ হয় । উক্ত আদালতে আন সকলো অভিযুক্তকো জামিন প্ৰদান কৰে । এতিয়া এই গোচৰটোৰ পৰৱৰ্তী শুনানি ১৬ অক্টোবৰত অনুষ্ঠিত হ'ব ।

উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত আদালতে বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱক চমন জাৰি কৰিছিল আৰু তেওঁক ৪ অক্টোবৰত আদালতত হাজিৰ হ'বলৈ কোৱা হৈছিল । তেজস্বীৰ উপৰি আদালতে লালু যাদৱ আৰু ৰাবৰী দেৱীকে ধৰি আন ১৭ জন অভিযুক্তক চমন জাৰি কৰিছিল । ইয়াৰে ভিতৰত তিনিজন ৰে'ল বিষয়াও আছে । তেওঁলোক সকলোৱে আদালতত উপস্থিত হৈ জামিন ল'ব লাগিব বুলি কোৱা হৈছিল ।

২২ ছেপ্টেম্বৰত চিবিআয়ে আদালতক কৈছিল যে গোচৰটোত অভিযুক্ত তিনিজন প্ৰাক্তন ৰে'ল বিষয়াৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে । ইয়াৰ পূৰ্বে ১২ ছেপ্টেম্বৰত তদন্তকাৰী সংস্থাটোৱে আদালতক জনাইছিল যে তেওঁলোকে প্ৰাক্তন কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী লালুপ্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ চলাবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লাভ কৰিছে । ৩ জুলাইত দাখিল কৰা দ্বিতীয় পৰিপূৰক অভিযোগনামাত চিবিআয়ে লালুপ্ৰসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰী দেৱী, পুত্ৰ তথা বিহাৰৰ উপ-মুখ্যমন্ত্ৰী তেজস্বী যাদৱ, পশ্চিম মধ্য ৰে'লৱেৰ (ডব্লিউচিআৰ) তদানীন্তন মহাপ্ৰবন্ধক আৰু ডব্লিউচিআৰৰ দুজন চিপিঅ'কে ধৰি ১৭ জন লোকৰ নাম উল্লেখ কৰিছে ।

এই গোচৰত তেজস্বীৰ নাম প্ৰথমবাৰৰ বাবে দ্বিতীয় পৰিপূৰক অভিযোগনামাত প্ৰকাশ পাইছিল । এই গোচৰটো মধ্যপ্ৰদেশৰ জবলপুৰৰ পশ্চিম-মধ্য অঞ্চলত ৰে'লপথৰ গ্ৰুপ ডি নিযুক্তিৰ সৈতে সম্পৰ্কিত । ঘটনাটো প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ ৰে'লমন্ত্ৰী হৈ থকাৰ সময়ৰ । চিবিআয়ে লালুপ্ৰসাদ যাদৱ আৰু আন অভিযুক্তসকলক প্ৰাৰ্থীৰ পৰা ভূমিৰ বিনিময়ত তেওঁলোকক চাকৰি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ।

লগতে অভিযোগ কৰা হৈছে যে এজন ব্যক্তিৰ সলনি আঞ্চলিক ৰে'লৱেত আন এজন ব্যক্তিক নিযুক্তি দিয়াৰ বাবে এনে নিযুক্তিৰ বাবে কোনো বিজ্ঞাপন বা কোনো ৰাজহুৱা জাননী জাৰি কৰা হোৱা নাছিল । তথাপিও নিযুক্তি লাভ কৰা পাটনাৰ বাসিন্দাসকলক মুম্বাই, জবলপুৰ, কলকাতা, জয়পুৰ আৰু হাজিপুৰত অৱস্থিত বিভিন্ন আঞ্চলিক ৰে'লৱেত নিযুক্তি দিয়া হৈছিল ।

লগতে পঢ়ক :Kaimur Bus Accident : গয়াৰ পৰা পিণ্ডদানৰ পিছত উভতাৰ পথত বাছ দুৰ্ঘটনা; এজন নিহত, আহত বহু লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.