ETV Bharat / bharat

এন বীৰেণ সিঙৰ বাবে জটিল প্ৰত্যাহ্বান হ'ব ৰহিংগীয়া-মণিপুৰীৰ সংঘাত

author img

By

Published : Mar 21, 2022, 7:35 PM IST

Updated : Mar 21, 2022, 8:22 PM IST

দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা এন বীৰেণ সিঙৰ বাবে ৰোহিংগীয়া শৰণাৰ্থীৰ লগত মোকাবিলা কৰাতো হৈ পৰিব প্ৰথম প্ৰত্যাহ্বান (Rohingya migrants in Manipur) । ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ বাবে আজি দ্বিতীয় বাৰলৈ শপত লোৱা এন বীৰেণ সিঙলৈ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা আহিছে বিশেষ নিৰ্দেশনা ।

rohingya-manipuri-clash-will-bring
এন বীৰেণ সিঙৰ বাবে জটিল প্ৰত্যাহ্বান হ'ব ৰহিংগীয়া-মণিপুৰীৰ সংঘাট

গুৱাহাটী, 21 মাৰ্চ : চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ পৰা বিগত প্ৰায় চাৰিটা বছৰত প্ৰব্ৰজিত হোৱা ৰহিংগীয়া জনগোষ্ঠীৰ (Rohingya migrants in Manipur) লোক সকলক লৈ সতৰ্কতা অৱলম্বন কৰি অহা কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ মুখামুখি হ'বলৈ এইবাৰ বিশেষ দায়িত্ব দিব মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙক । নতুন দিল্লীৰ এক শীৰ্ষ সূত্ৰই এই কথা জানিবলৈ দিছে ।

সূত্ৰটোৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগে ভাবে যে ২০১৭ চনৰ আগষ্ট মাহৰো আগৰে পৰা ম্যানমাৰৰ পৰা ৰগিংগীয়া মুছলমান লোকে মণিপুৰত প্ৰবেশ কৰি আছে । এনে অনুপ্ৰবেশকাৰী সকলক মনিপুৰৰে কেইটামান জনগোষ্ঠীৰ লোকে অতি কৌশলেৰে আশ্ৰয় দি আহিছে ।‌‌ আনকি তেনে অনুপ্ৰবেশকাৰীৰ গোপন আশ্ৰয়ৰ ব্যাৱস্থা কৰি প্ৰশাসনিক নথিপত্ৰ উলিয়াই দিয়াৰ ব্যৱস্থা কৰি দিছে স্থানীয় জনগোষ্ঠীৰ একাংশ লোকে ।

সূত্ৰটোৰ মতে অতি শীঘ্ৰে এনে লোক‌ আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আত্মগোপন‌ কৰি‌ থকা ৰহিংগীয়া সকলৰ বিপৰীতে আৰম্ভ হ’ব‌ এক অভিযান । কাৰ্যতঃ দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লবলৈ সাজু হোৱা এন বীৰেণ সিঙৰ নেতৃত্বতে আৰম্ভ হ’ব এই‌ অভিযান ।

উল্লেখ্য যে, ২০১৭ চনত ম্যানমাৰৰ সেনাৰ দ্বাৰা চলোৱা এক অভিযানৰ বলি‌ হৈ ৰাখাইনকে মুখ্য কৰি দেশ খনৰ বিভিন্ন প্ৰান্তৰত থকা ৰহিংগীয়া জনগোষ্ঠীৰ লোকসকলে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ চুবুৰীয়া ৰাষ্ট্ৰ সমূহত সিঁচৰতি হৈ পৰিছিল । মুলতঃ ২০১৭ চনৰ আগষ্ট মাহত তুঙ্গত উঠা এই অভিযানত কিবাকৈ প্ৰাণ লৈ কেৱল বাংলাদেশৰ কস্কবাজাৰ জিলাতে প্ৰৱেশ কৰিছিল প্ৰায় এক নিযুত ৰগিংগীয়াই ।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি বাংলাদেশত আশ্ৰয় লোৱা ৰগিংগীয়া শৰণাৰ্থীৰ সংখ্যা আঠ লাখ নব্বৈ হাজাৰ। এই‌ জনসংখ্যাৰ ৬০ শতাংশ ই হ'ল শিশু আৰু কিশোৰ। এই আশ্ৰয় শিবিৰ সমূহত যোৱা চাৰি বছৰ ধৰি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠনে শিশু সকলৰ বাবে খাদ্য আৰু কাপোৰৰ ব্যৱস্থা কৰি‌ আছে ।

মন কৰিবলগীয়া যে ৰগিংগীয়া সকলক পুনৰ ওভটাই নিয়াৰ ক্ষেত্ৰত ম্যানমাৰ চৰকাৰে আজি‌ পৰ্যন্ত কোনো কথা নিশ্চিত কৰা নাই । ৰাষ্ট্ৰসংঘৰ স্পেচিয়েল মিছন হেড অলা এলামগ্ৰেনে ২০১৯ চনত ম্যানমাৰ চৰকাৰক ৰগিংগীয়া সকলক ওভটাই লোৱাৰ কথা কৈছিল যদিও ম্যানমাৰ চৰকাৰে সেই কথা‌ কাৰ্যতঃ অস্বীকাৰ কৰিছিল ।

ৰাষ্ট্ৰসংঘৰ স্পেচিয়েল মিছন হেড গৰাকীয়ে ম্যানমাৰ চৰকাৰক ৰগিংগীয়া সকলক ওভটাই লোৱাৰ বাবে 'কণ্ডিউছিভ কণ্ডিশ্যন' সৃষ্টি কৰাৰ বাবে আৰ্জি দিছিল । কিন্তু সেয়া সম্ভৱ হৈ নুঠিল । নতুন দিল্লীৰ আভ্যন্তৰীণ নিৰাপত্তাৰ লগত জড়িত সূত্ৰটোৰ মতে, ৰগিংগীয়া মুছলমান জনগোষ্ঠীৰ শৰণাৰ্থী সকলক ইতিমধ্যে মণিপুৰত সংস্থাপিত কৰাৰ বাবে এটা চক্ৰ সক্ৰিয় হৈ আছে (Challenges for CM N Biren Singh)।

মণিপুৰ ৰহিংগীয়া সকলৰ বাবে হৈ পৰিছে ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰৱেশ কৰাৰ কৰিড'ৰ। শেহতীয়াকৈ সম্পন্ন হোৱা বিধানসভাৰ নিৰ্বাচনত ভোট ভিক্ষা কৰাৰ সময়ত বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে স্পষ্ট ভাৱে এই কথা‌ কৈছিল আৰু সেয়া নিৰ্বাচনী ইচ্ছু হৈ পৰিছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে সীমান্তৱৰ্তী অঞ্চলৰ কেইবাটাও জনগোষ্ঠীক সাঙুৰি মন্তব্য কৰিছিল ।

মণিপুৰৰ ভুমিত ইয়াৰ খিলঞ্জীয়া সকল সংখ্যালঘূ হোৱাৰ আশংকাক প্ৰচাৰ কৰি নিৰ্বাচনী সুযোগ লোৱাত সফল হল বিজেপি আৰু এন বীৰেণ সিং। উল্লেখ্য যে ৰহিংগীয়া অনুপ্ৰৱেশকাৰীক ভাৰতীয় নাগৰিকৰ নথিভুক্ত কৰাৰ বাবে তৎপৰতা লৈ থকা আৰু নিয়মীয়াকৈ সেই কাম কৰি থকা চক্ৰ এটাক কিছু দিনৰ আগতে অসমৰ কাছাৰ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ কথাই কেন্দ্ৰীয় গৃহ বিভাগক অধিক সতৰ্ক কৰি‌ তুলিছে ।

ইয়াৰ আগতেও দিল্লীৰ এখন মাদ্ৰাছাত প্ৰশিক্ষণ লৈ মণিপুৰত প্ৰৱেশ কৰিবলৈ যাওতে ছয় জনীয়া ৰহিংগীয়াৰ দল এটাক ইম্ফলৰ বিমান বন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল । এনে এক প্ৰেক্ষাপটত মণিপুৰ আৰু ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত এলানি অভিযান চলোৱাৰ পোষকতা কৰি‌ আহিছে কেন্দ্ৰীয় চৰকাৰে। সূত্ৰটোৰ মতে আজি এন বীৰেণ সিঙে দ্বিতীয় বাৰৰ বাবে মণিপুৰৰ মুখ্যমন্ত্ৰীৰ শপত লোৱাৰ পিছতে আৰম্ভ হ’ব‌ এই অভিযান ।

এই সন্দৰ্ভত ইতিমধ্যে পথ-নিৰ্দেশনা দিয়া হৈছে মুখ্যমন্ত্ৰী গৰাকীক । শেহতীয়া নিৰ্বাচনটোত জয়লাভ কৰাৰ পিছত আন দুগৰাকী নেতাৰ নামো মুখ্যমন্ত্ৰীৰ আসনত বাবে বিবেচনাৰ মাজলৈ আহিছিল যদিও আভ্যন্তৰীণ নিৰাপত্তাৰ দিশটোলৈ চাই এন বীৰেণ সিঙৰ নামেই শেষ মূহুৰ্তত বিবেচিত হয় বুলি সূত্ৰটোৱে আজি আঙুলিয়াই দিছে ।
লগতে পঢ়ক : অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

Last Updated : Mar 21, 2022, 8:22 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.