ETV Bharat / bharat

এক্সিছ বেংকত 4 মিনিটত 16 লাখ টকা লুটিলে ডকাইতে

author img

By ETV Bharat Assamese Team

Published : Dec 6, 2023, 3:01 PM IST

Updated : Dec 6, 2023, 3:41 PM IST

এক্সিছ বেংকত লুটপাতৰ ঘটনা । বিহাৰৰ কাটিৰাত অৱস্থিত এক্সিছ বেংকত এই ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ ডকাইতৰ দলটোৱে পলায়ন কৰে ৷

Robbery in Axis Bank in Bhojpur
এক্সিছ বেংকত 4 মিনিটত 16 লাখ টকা লুটিলে ডকাইতে
এক্সিছ বেংকত 4 মিনিটত 16 লাখ টকা লুটিলে ডকাইতে

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : বিহাৰৰ আৰাহ জিলাৰ কাটিৰা ম'ৰত বুধবাৰে পুৱা 10.17 বজাত পাঁচজনীয়া সশস্ত্ৰ দুৰ্বৃত্তৰ এটা দলে এক্সিছ বেংকত অতৰ্কিতে প্ৰৱেশ কৰে ৷ দলটোৱে বেংকত সোমায়েই বেংকৰ সকলো কৰ্মচাৰীক এটা কোঠাত বন্দী কৰি লুটপাত আৰম্ভ কৰে ৷

লগে লগে বেংকটোৰ ভিতৰত হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হয় ৷ ভোজপুৰৰ আৰক্ষী অধীক্ষক প্ৰমোদ কুমাৰে নিশ্চিত কৰে যে, অপৰাধীকেইটাই এজন ব্যৱসায়ীয়ে ধন জমা কৰিবলৈ অহাৰ পিচতে বেংকটোত প্ৰৱেশ কৰি বেংকটোৰ পৰা নগদ ধন লুটি পলায়ন কৰে ৷ প্ৰথম অৱস্থাত আৰক্ষীয়ে ডকাইতৰ দলটো বেংকৰ ভিতৰত থকা বুলি অলপ বিভ্ৰান্ত হৈছিল যদিও পৰৱৰ্তী সময়ত বেংকৰ তলাটো ভাঙি দিয়াত ডকাইতৰ দলটোৱে পলায়ন কৰে বুলি নিশ্চিত হয় ৷

আৰক্ষীক অধীক্ষকগৰাকীয়ে কোৱা অনুসৰি, "তথ্য পোৱাৰ লগে লগে আমি তৎক্ষণাত বেংকত উপস্থিত হৈছিল । আমি উপস্থিত হোৱালৈ ডকাইতৰ দলটোৱে বেংকৰ মূল গেটৰ তলা বন্ধ কৰি পলায়ন কৰিছিল । আমি কিছু সময়ৰ বাবে ডকাইতৰ দলটো ভিতৰত আছে বুলি বিভ্ৰান্ত হৈছিলো যদিও আমি তলাটো ভাঙি ভিতৰলৈ যাওঁতে ডকাইতৰ দলটো তেতিয়ালৈ পলায়ন কৰিলে বুলি গম পাইছিলো ৷ কিন্তু তেতিয়ালৈ অপৰাধী দলটোৱে ইতিমধ্যে লক্ষাধিক ধন লুটি পলায়ন কৰিছিল ৷"

সম্প্ৰতি আৰক্ষীয়ে চহৰখনৰ চাৰিওফালে কঠোৰ নিৰাপত্তা ব্যৱস্থা জাৰি কৰিছে ৷ শীঘ্ৰেই অপৰাধীকেইটাক গ্ৰেপ্তাৰ কৰি লুটি নিয়া ধনখিনি উদ্ধাৰ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস প্ৰদান কৰিছে ৷

বেংকৰ কৰ্মীসকলে জনোৱা অনুসৰি, সাতৰ পৰা আঠটা ডকাইতে বেংকটোত প্ৰৱেশ কৰিছিল ৷ ডকাইতৰ দলটো অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত আছিল ৷ দলটোৱে বেংকৰ কৰ্মীসকলৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈছিল ৷ ডকাইতৰ দলটোৱে সকলো বেংক কৰ্মীক এটা কোঠাৰ ভিতৰত বন্ধ কৰি লুটপাত আৰম্ভ কৰিছিল ৷ অৱশ্য়ে কোনেও গুলীচালনা কৰা নাছিল ৷

লগতে পঢ়ক: আততায়ীৰ গুলীত শ্ৰী ৰাজপুত কৰ্ণী সেনাৰ অধ্যক্ষ সুখদেৱ সিং গোগামেড়ীৰ মৃত্যু, গেংষ্টাৰ ৰোহিত গোদাৰাৰ দায়িত্ব স্বীকাৰ

Last Updated : Dec 6, 2023, 3:41 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.