ETV Bharat / bharat

Protest against non-recruitment of teachers: শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত পথ অৱৰোধ

author img

By

Published : Jul 12, 2022, 1:48 PM IST

শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত ত্ৰিপুৰাত পথ অৱৰোধ । ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ মাতাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়খনত শিক্ষকৰ অভাৱ পূৰণ নকৰাৰ প্ৰতিবাদত কৰিলে পথ অৱৰোধ (Road blockade in protest against non-recruitment of teachers)।

ব
Shortage of teacher in Tripura: শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত পথ অৱৰোধ

আগৰতলা, ১২ জুলাই: ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ মাতাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সোমবাৰে বিদ্যালয়খনত শিক্ষকৰ অভাৱ পূৰণ নকৰাৰ প্ৰতিবাদত পথ অৱৰোধ কৰে (Road blockade in protest against non-recruitment of teachers)। ক্ষুব্ধ শিক্ষাৰ্থীসকলে বিদ্যালয় কৰ্তৃপক্ষৰ মইমতালিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা বুলি জানিব পৰা গৈছে । বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে কৰি অহা অবেদনৰ স্বত্বেও শিক্ষা বিভাগৰ লগতে বিদ্যালয় কৰ্তৃপক্ষই কোনো পদক্ষেপ লোৱা নাই । বিদ্যালয়খনত দীৰ্ঘদিন ধৰি দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে বিষয় শিক্ষকৰ দাবী জনাই আহিছে । তেওঁলোকৰ দাবীৰ প্ৰতি সহাৰি নজনোৱা বাবেই ত্ৰিপুৰাৰ দক্ষিণ জিলাৰ বেলোনিয়া উপ-সংমণ্ডলৰ বেলোনিয়া আৰক্ষী থানাৰ অন্তৰ্গত মাতাই বজাৰ অঞ্চলত শিক্ষাৰ্থীসকলে ৰাজপথ অৱৰোধ কৰে ।

প্ৰতিবাদকাৰীসকলে বেলোনিয়াৰ পৰা শ্ৰীনগৰলৈ যোৱা পথটো অৱৰোধ কৰাত যান-বাহন চলাচল ব্যাহত হয় । শিক্ষাৰ্থীসকলে পুৱা ৮ বজাৰ পৰা দুঘণ্টা ধৰি পথ অৱৰোধ কৰি হাতত প্লেকাৰ্ড লৈ শিক্ষক নিযুক্তিৰ দাবীত শ্ল'গান দিয়ে । শিক্ষাৰ্থীসকলে বহু বছৰৰ পৰা এই বিদ্যালয়খনত বৃহৎ সংখ্যক শিক্ষাৰ্থী থকা স্বত্বেও শিক্ষকৰ অভাৱৰ সন্মুখীন হৈ থকা বুলি অভিযোগ উত্থাপন কৰে ।

পিছত আৰক্ষী আৰু টিএছআৰ বাহিনীৰ জোৱান অৱৰোধস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলায় (police and TSR forces rushed to the blockade site)। শিক্ষাৰ্থী সকলে নিজৰ দাবীত অটল হৈ থকাত ৰিচ্যমুখ মণ্ডলৰ সভাপতি আৰু দক্ষিণ জিলা শিক্ষা বিষয়াই শিক্ষাৰ্থীসকলৰ সৈতে আলোচনা কৰে । উক্ত আলোচনাত ৰিচ্যমুখ মণ্ডলৰ সভাপতি আৰু দক্ষিণ জিলা শিক্ষা বিষয়াই যিমান সম্ভৱ সোনকালে শিক্ষক নিযুক্তিৰ বিষয়ে উচ্চ কৰ্তৃপক্ষৰ সৈতে কথা পাতিব বুলি আশ্বাস দিয়ে । ইপিনে, শিক্ষাৰ্থীসকলে যদি বিষয় শিক্ষকসহ শিক্ষকৰ অভাৱ পূৰণ নকৰে, তেন্তে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:Tense situation on Assam-Meghalaya border: বকোৰ আপাৰ তাৰাবাৰীৰ পৰা খেদিলে অসমীয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.