ETV Bharat / bharat

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল RLD ৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ

author img

By

Published : May 30, 2022, 4:24 PM IST

১০ জুনত অনুষ্ঠিত হ'ব লগা ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ সৈতে সোমবাৰে পুৱাৰভাগত ৰাষ্ট্ৰীয় লোক দলৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে দাখিল কৰে মনোনয়ন পত্ৰ(Jayant Chaudhary files nomination) । উত্তৰ প্ৰদেশ বিধানসভা চৌহদত চৌধুৰীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ । সমাজবাদী পাৰ্টি আৰু আৰএলডি মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী(joint candidate of the Samajwadi Party RLD combine) হিচাপে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে চৌধুৰীয়ে ।

ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল RLD ৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ
ৰাজ্যসভা নিৰ্বাচনৰ মনোনয়ন দাখিল RLD ৰ মুৰব্বী জয়ন্ত চৌধুৰীৰ

নেশ্যনেল,৩০ মে': উত্তৰ প্ৰদেশত বলিছে ৰাজ্যসভা নিৰ্বাচনৰ বতাহ । সোমবাৰে পুৱাৰভাগত সমাজবাদী পাৰ্টি আৰু আৰএলডি মিত্ৰজোঁটৰ যুটীয়া প্ৰাৰ্থী(joint candidate of the Samajwadi Party RLD combine) হিচাপে ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰে ৰাষ্ট্ৰীয় লোক দলৰ মুৰব্বী জয়ন্ত চৌধুৰীয়ে(Jayant Chaudhary files nomination) । মনোনয়ন দাখিলৰ সময়চোৱাত চৌধুৰীক সংগ দিলে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱকে আদি কৰি ভালেসংখ্যক নেতা-কৰ্মীয়ে । উত্তৰ প্ৰদেশ বিধানসভা চৌহদত দাখিল কৰিলে মনোনয়ন পত্ৰ ।

মনোনয়ন পত্ৰ দাখিল কৰাৰ পাছতেই সমাজবাদী পাৰ্টীক ধন্যবাদ জ্ঞাপন কৰে জয়ন্ত চৌধুৰীয়ে । তেঁও কয় যে এই মিত্ৰতা অতি শক্তিশালী আৰু ই অক্ষুন্ন থাকিব । লগতে তেঁওৰ সাধ্যানুসাৰে ৰাজ্যসভাত উত্তৰ প্ৰদেশ সম্পৰ্কীয় বিষয়বোৰ উত্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি আশ্বাস প্ৰদান কৰে । SP আৰু RLD ৰ উমৈহতীয়া বিষয়বোৰো ৰাজ্যসভাত উত্থাপন কৰা হ'ব বুলি মন্তব্য কৰে চৌধুৰীয়ে । আনহাতে উত্তৰ প্ৰদেশৰ বাজেট সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত চৌধুৰীয়ে কয় যে পৰিসংখ্যাৰ জালত জনসাধাৰণ বিভ্ৰান্ত হ'ব, গতিকে নিবনুৱা আৰু কৃষকসকলৰ কৰ পৰিশোধৰ দৰে মূল বিষয়বোৰ সমাধান কৰিব লাগে ।

মনোনয়ন দাখিলৰ পাছতেই অখিলেশ যাদৱে চৌধুৰীক অভিনন্দন জ্ঞাপন কৰে । উল্লেখ্য যে উত্তৰ প্ৰদেশ বিধানসভাত ২৭৩ জন বিধায়কৰ সৈতে শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এয়ে অনায়াসে আঠজন সদস্যক সংসদৰ উচ্চ সদনলৈ নিৰ্বাচিত কৰিব বুলি আশা কৰা হৈছে । আনহাতে এছপি আৰু ইয়াৰ সহযোগী দল আৰএলডি আৰু এছবিএছপিয়ে ১২৫ জন বিধায়কৰ শক্তিৰে তিনিজন প্ৰাৰ্থীৰ বিজয় নিশ্চিত কৰিবলৈ সক্ষম হ'ব বুলি প্ৰকাশ কৰে ।

ভাৰতৰ নিৰ্বাচন আয়োগৰ মতে, ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩১ মে । নথি পত্ৰসমূহ ১ জুনত পৰীক্ষা কৰা হ'ব, প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩ জুন । ভোটগ্ৰহণ ১০ জুনত অনুষ্ঠিত হ'ব আৰু একেদিনাই কৰা হ'ব ভোট গণনা ।

লগতে পঢ়ক: Master mind of Batadrava PS incident died: আশ্বিকুলৰ মৃত্যুক সহজভাৱে ল’ব পৰা নাই পৰিয়ালে

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.