ETV Bharat / bharat

বিমুদ্ৰাকৰণৰ পাচত বাঢ়িছে নোটৰ চাৰ্কুলেশ্যন আৰু ডিজিটেল পৰিশোধ: RBI

ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমান নোটৰ চাৰ্কুলেশ্যন আৰু ডিজিটেল পৰিশোধ বৃদ্ধি পাইছে । ২০১৬ চনৰ ৪ নৱেম্বৰলৈকে নোটৰ চাৰ্কুলেশ্যন আছিল ১৭.৭৪ লাখ কোটি আৰু চলিত বৰ্ষৰ ২৯ অক্টোবৰলৈকে নোটৰ চাৰ্কুলেশ্যন ২৯.১৭ লাখ কোটিলৈ বৃদ্ধি পাইছে । ২০২০ চনৰ ৩০ অক্টোবৰলৈকে নোটৰ চাৰ্কুলেশ্যন আছিল ২৬.৮৮ লাখ কোটি টকা ।

Rise in note circulation and digital payments post demonetisation
বিমুদ্ৰাকৰণৰ পাচত বাঢ়িছে নোটৰ চাৰ্কুলেশ্যন আৰু ডিজিটেল পৰিশোধ
author img

By

Published : Nov 8, 2021, 12:44 PM IST

নেশ্যনেল ডেস্ক, ৮ নৱেম্বৰ: ২০১৬ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ আৰু ১০০০ টকীয়া নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল । বিমুদ্ৰাকৰণৰ ফলশ্ৰুতি স্বৰূপে পুৰণি ৫০০ টকীয়া নোটৰ পৰিৱৰ্তে নতুন ৰূপত আহিছিল ৫০০ টকীয়া নোট । সম্পূৰ্ণৰূপে অচল হৈ পৰিছিল ১০০০ টকীয়া নোট । বিমুদ্ৰাকৰণৰ পাচতে স্বাভাৱিকতে ধন পৰিশোধৰ বাবে অধিকাংশ লোকেই ডিজিটেল বেংকিং প্লেটফৰ্মক আকোঁৱালি ল'লে ।

কিন্তু ডিজিটেল মাধ্যমেৰে ধন পৰিশোধ বৃদ্ধি হোৱাৰ পাচতো নোটৰ প্ৰচলন হ্ৰাস পোৱা নাই । ভাৰতীয় ৰিজাৰ্ভ বেংকে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, বিমুদ্ৰাকৰণৰ পাঁচ বছৰৰ পাচতো বিকাশৰ গতি হ্ৰাস পাইছে আৰু ভাৰতত ব্যৱহাৰ কৰি থকা অৰ্থাৎ প্ৰচলিত নোটৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে । ২০২০-২১ বৰ্ষত নোটৰ ব্যৱহাৰ বৃদ্ধি পাইছে । বিপদৰ সময়ত ব্যয় কৰিব পৰাকৈ কৰ'ণা মহামাৰীৰ সময়ত নগদ ধন মানুহে নিজৰ লগত অধিক ৰাখিছে ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৬ চনৰ ৪ নৱেম্বৰলৈকে নোটৰ প্ৰচলন আছিল ১৭.৭৪ লাখ কোটি । চলিত বৰ্ষৰ ২৯ অক্টোবৰলৈকে ২৯.১৭ লাখ কোটিলৈ নোটৰ প্ৰচলন বৃদ্ধি পাইছে । আনহাতে, ২০২০ চনৰ ৩০ অক্টোবৰলৈকে নোটৰ প্ৰচলন আছিল ২৬.৮৮ লাখ কোটি টকা ।

কিন্তু ২০২১ চনৰ ২৯ অক্টোবৰলৈকে নতুনকৈ ২,২৮,৯৬৩ কোটি টকাৰ নোটৰ প্ৰচলন হয় । ইফালে, ২০১৯-২০ বৰ্ষত প্ৰচলিত বেংক নোটৰ মূল্য আৰু পৰিমাণ ক্ৰমান্বয়ে ১৪.৭ শতাংশ আৰু ৬.৬ শতাংশ বৃদ্ধি হৈছিল । আনহাতে, ২০২০-২১ বৰ্ষত প্ৰচলিত বেংক নোটৰ মূল্য আৰু পৰিমাণ ক্ৰমান্বয়ে ১৬.৮ শতাংশ আৰু ৭.২ শতাংশ বৃদ্ধি পাইছে । ক'ভিডৰ সংক্ৰমণ বৰ্তমান নিয়ন্ত্ৰণলৈ অহাৰ পাচত ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং আৰু ইউনিফাইড পেমেণ্টইণ্টচ ইণ্টাৰফেচ(Unified Payments Interface)ৰ দৰে মাধ্যমৰ জৰিয়তে ডিজিটেল পৰিশোধ যথেষ্ট বৃদ্ধি হৈছে ।

ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগম(National Payments Corporation of India)ৰ মতে, ভাৰতত ধন পৰিশোধৰ মূল মাধ্যমত পৰিণত হৈছে ইউ পি আই । প্ৰধানমন্ত্ৰী মোডীয়ে ২০১৬ চনৰ ৮ নৱেম্বৰৰ মাজনিশাৰ পৰা সেই সময়ত প্ৰচলিত ৫০০ আৰু ১০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল । এই সিদ্ধান্তৰ মূল উদ্দেশ্য আছিল ডিজিটেল পৰিশোধ বৃদ্ধি কৰা আৰু ক'লাধন নিয়ন্ত্ৰণ কৰা । ২০১৬ চনত যেতিয়া বিমুদ্ৰাকৰণ আৰম্ভ কৰা হৈছিল তেতিয়া সমগ্ৰ দেশতে ৬.৩২ লাখ নকল নোট জব্দ কৰা হৈছিল ।

২০১৯ চনত ২৫ কোটি টকাৰ ২,৮৭,৪০৪খন নকল নোট আৰু ২০২০ চনত ৯২ কোটি টকাৰ মুঠ ৮,৩৪,৯৪৭ খন নকল নোট জব্দ কৰা হৈছিল । সৰ্বাধিক নকল নোট জব্দ হৈছিল মহাৰাষ্ট্ৰত । প্ৰায় ৮৩.৬ কোটি টকাৰ নকল নোট জব্দ হৈছিল ৰাজ্যখনত ।

ইয়াৰ পিছতেই আছিল উত্তৰ প্ৰদেশ । ৰাজ্যখনত ৩.৯ কোটি টকা আৰু পশ্চিমবংগত ২.৪ কোটি টকা জব্দ হৈছিল । ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰ' (National Crime Records Bureau)ই প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৯ চনৰ তুলনাত ২০২০ চনত অধিক সংখ্যক নকল নোট জব্দ কৰা হৈছিল ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.