ETV Bharat / bharat

RIP Gen Bipin Rawat : চীফ অৱ ডিফেন্স ষ্টাফৰ মৃত্যুত শোকস্তব্ধ বলীউড

author img

By

Published : Dec 9, 2021, 4:34 PM IST

Updated : Dec 9, 2021, 6:47 PM IST

তামিলনাডুৰ কুন্নুৰত সংঘটিত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে (Gen Bipin Rawat passed away) ৷ তেওঁৰ লগতে পত্নী মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী সেনা বিষয়াই এই দুৰ্ঘটনাত হেৰুৱালে প্ৰাণ ৷ দুৰ্ভাগ্যজনক এই ঘটনাত মৃত্যু হোৱা সকললৈ গভীৰ শ্ৰদ্ধা জনাইছে ভাৰতৰ মনোৰঞ্জন জগতৰ কেইবাগৰাকীও তাৰকাই (Celebraties on Bipin Rawat death) ৷

RIP Gen Bipin Rawat
RIP Gen Bipin Rawat

নিউজ ডেস্ক, 9 ডিচেম্বৰ : কুন্নুৰত সংঘটিত বিমান দুৰ্ঘটনাত চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট (CDS Gen Bipin Rawat death) আৰু আন 12 জনৰ মৃত্যু হোৱা ঘটনাত শোকস্তব্ধ বলীউড ৷ প্ৰসিদ্ধ কণ্ঠশিল্পী লতা মংগেশকাৰ, অভিনেত্ৰী কংগনা ৰাণাৱট, কমল হাছান আৰু আন আন বহু তাৰকাই টুইটাৰযোগে জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৷ জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী মধুলিকা ৰাৱাট আৰু 11 গৰাকী সেনা বিষয়াৰ বুধবাৰে তামিলনাডুৰ কুন্নুৰত সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছে ৷ এই দুৰ্ঘটনাত একমাত্ৰ প্ৰাণ ৰক্ষা পৰা গ্ৰুপ কেপ্টেইন বৰুণ সিঙে বৰ্তমান ৱেলিংটনৰ মিলিটেৰী হাস্পতালত মৃত্যুৰে যুঁজ দিছে ৷

নিজৰ টুইটাৰত হিন্দীতে এটা টুইট কৰি লতা মংগেশকাৰে কয় যে, এই ঘটনাটো অতিশয় দুৰ্ভাগ্যজনক (Lata Mangeshkar tributes to Bipin Rawat) ৷ এই ঘটনা দেশৰ বাবে এক অপূৰণীয় ক্ষতি ৷ মই ভাৰত মাতৃৰ এইগৰাকী বীৰ সন্তানলৈ অশ্ৰু অঞ্জলি যাচিছোঁ ৷ লগতে তেওঁৰ পৰিয়াললৈ সমবেদনা জনাইছোঁ ৷

দাক্ষিণাত্যৰ চুপাৰষ্টাৰ কমল হাছানেও জেনেৰেল ৰাণাৱটৰ মৃত্যুত দুখ প্ৰকাশ কৰিছে ৷ নিজৰ টুইটত তেওঁ লিখে, কৰযোৰে আমি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ ৷

অভিনেত্ৰী লাৰা দত্তই টুইটাৰযোগে জেনেৰেল বিপিন ৰাৱাট, মধুলিকা ৰাৱাট আৰু আন 11 গৰাকী মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷ এই দিনটো ভাৰতীয় সেনা বাহিনীৰ বাবে এটা দুখৰ দিন বুলিও উল্লেখ কৰে লাৰা দত্তই ৷

পদ্মশ্ৰী সন্মানেৰে সন্মানীত অভিনেত্ৰী কংগণা ৰাণাৱাটে ইনষ্টাগ্ৰামযোগে এটা ষ্টৰী শ্বেয়াৰ কৰি এই ঘটনাত দুখ প্ৰকাশ কৰে ৷ পোষ্টটোত কংগণাই উল্লেখ কৰে যে, জেনেৰেল ৰাণাৱটৰ মৃত্যুৰ বাতৰিটো বছৰটোৰ বাবেই এটা দুঃখবৰ ৷ দেশবাসীয়ে জেনেৰেল ৰাণাৱটক দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে চিৰদিন মনত ৰাখিব ৷

অভিনেতা বিবেক অবেৰয়ে টুইটযোগে এই ঘটাক লৈ দুখ প্ৰকাশ কৰিছে ৷ চাৰি দশকযোৰা দেশসেৱাৰ বাবে জেনেৰেল ৰাণাৱটলৈ চেল্যুট জনায় অভিনেতাগৰাকীয়ে ৷ লগতে তেওঁ ভাৰতীয় সৈনিকগৰাকীৰ মৃত্যুত শোকাৰ্ত দেশবাসীৰ সৈতে থকাৰ কথা ব্যক্ত কৰে ৷

অভিনেতা কুনাল কাপুৰে হেলিকপ্টাৰ দুৰ্ঘটনাৰ এই ঘটনাক দেশৰ বাবে এক দুখদায়ক ক্ষতি বুলি উল্লেখ কৰি মৃতকৰ পৰিয়াললৈ সমবেদনা জনায় ৷ সিদ্ধাৰ্থ মালহোত্ৰাই CDS ৰাৱাটৰ সৈতে উঠা এখন ফটো শ্বেয়াৰ কৰিছে ৷ তেওঁ লিখে যে, সঁচাকৈয়ে এটা দুখজনক খবৰ ৷ শ্বেৰশ্বাহৰ ট্ৰেইলাৰ মুক্তিৰ সময়ত জেনেৰেল ৰাৱাটক লগ পোৱাৰ কথাও উল্লেখ কৰে অভিনেতা গৰাকীয়ে ৷

Producers Guild of India য়ো টুইটাৰযোগে দুখ প্ৰকাশ কৰিছে ৷ এক শোকবাৰ্তাত উল্লেখ কৰে যে, জেনেৰেল ৰাৱাট আৰু বাকী সকলৰ মৃত্যু এক দুৰ্ভাগ্যজনক ঘটনা ৷ মৃতকৰ পৰিয়াললৈ তেওঁলোকে সমবেদনা জ্ঞাপন কৰে ৷

অভিনেতা অনুপম খেৰ, অভিনেত্ৰী উৰ্মিলা মাটোণ্ডকাৰ আৰু আন কেইবাগৰাকীও বলীউড তাৰকাই জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যুত দুখ প্ৰকাশ কৰে ৷ অনুপম খেৰে লিখে যে, গভীৰভাৱে জেনেৰেল ৰাৱাট, তেওঁৰ পত্নী আৰু বাকী 11 জন মৃতকলৈ শ্ৰদ্ধা জনাইছোঁ ৷ বহুবাৰ জেনেৰেল ৰাৱাটক লগ পোৱাৰ কথা প্ৰকাশ কৰে অনুপম খেৰে ৷

অভিনেতা ভিক্টৰ মেচী, দাক্ষিণাত্যৰ চুপাৰ ষ্টাৰ পৃথ্বীৰাজ, বলীউডৰ নায়ক অনিল কাপুৰ, নিকিতিন ধীৰেও গভীৰভাৱে শোক প্ৰকাশ কৰে এই শোকাৱহ দুৰ্ঘটনাৰ মৃতকলৈ ৷

লগতে পঢ়ক : Tamilnadu chopper crash : ভিডিঅ’ কলতেই শেষবাৰ পত্নী-সন্তানক দেখা পালে বি চাই তেজাই

Last Updated : Dec 9, 2021, 6:47 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.