ETV Bharat / bharat

Rice Mill Building Collapses in Karnal : হাৰিয়ানাত ধানমিলৰ অট্টালিকা খহি দুজনৰ মৃত্যু, আহত ১৮

author img

By

Published : Apr 18, 2023, 1:42 PM IST

সোমবাৰে হাৰিয়ানাৰ কৰ্ণাল জিলাত এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হয় (Rice Mill Building Collapses in Karnal) । কৰ্ণাল জিলাৰ তাৰাবাদী চহৰত থকা এটা ধানবনা কলৰ তিনিমহলীয়া অট্টালিকাটো খহি পৰে । ফলত প্ৰায় ৩০ জন শ্ৰমিক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।

Rice Mill Building Collapses in Karnal
হাৰিয়ানাৰ ধানমিলত ভয়ংকৰ দুৰ্ঘটনা
হাৰিয়ানাৰ ধানমিলত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক, 18 এপ্ৰিল : সোমবাৰে হাৰিয়ানাৰ কৰ্ণাল জিলাৰ তাৰাবাদী চহৰত এটা ডাঙৰ দুৰ্ঘটনা সংঘটিত হয় । তাত থকা এটা ধানমিলৰ তিনিমহলীয়া অট্টালিকা খহি পৰে (Rice Mill Building Collapses in Karnal Hariyana) । জানিব পৰা মতে, এই দুৰ্ঘটনাটো পুৱা প্ৰায় চাৰি বজাত সংঘটিত হয় । ঘটনাটোৰ সময়ত ধানমিলৰ শ্ৰমিকসকল ভৱনটোত শুই আছিল ।

প্ৰায় ৩০ জন শ্ৰমিক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ খবৰ পোৱা গৈছে (Karnal Hariyana rice mill collapsed) । এই দুৰ্ঘটনাত দুজন শ্ৰমিকৰ মৃত্যু হৈছে (two died in Hariyana Rice Mill Building Collapse) । আনহাতে, 18 জন লোক আহত হোৱা বুলি কোৱা জানিব পৰা গৈছে । ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী তথা এম্বুলেন্স উপস্থিত ততাতৈয়াকৈ উপস্থিত হয় ।

পুৱাৰে পৰা শ্ৰমিকসকলৰ উদ্ধাৰ অভিযান চলে । কৰ্ণালৰ এছ পি শশাংক চাৱন ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰকাৰ্যৰ তদাৰক কৰে । আনহাতে, ধানমিলটোৰ মালিকক আৰক্ষীয়ে জেৰা কৰে । অৱশ্যে দুৰ্ঘটনাটো কেনেদৰে সংঘটিত হ'ল সেই বিষয়ে একো তথ্য এতিয়াও পোৱা হোৱা নাই । ধানবনা কলটোৰ নাম শিৱ শক্তি বুলি জানিব পৰা গৈছে । ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়গৈ । তেওঁলোকে তুৰন্তে ধ্বংসাৱশেষত আবদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ ককাম আৰম্ভ কৰি দিয়ে । ঘটনাটো তাৰাৱাড়ীৰ শিৱ শক্তি ধানমিলত সংঘটিত হয় ।

জানিব পৰা মতে, তিনিমহলীয়া ভৱনটোত প্ৰায় 100 জন শ্ৰমিকে বাস কৰিছিল । ইয়াৰে কিছুমান শ্ৰমিক তেওঁলোকৰ কামলৈ ওলাই গৈছিল । আনহাতে, কিছুমানে তেতিয়াও তাত শুই আছিল । খবৰ অনুসৰি, পুৱা প্ৰায় 4 বজাত তিনিমহলীয়া অট্টালিকাটো হঠাতে খহি পৰে । এতিয়ালৈকে 18 ৰ পৰা 20 জন লোক আহত জানিব পৰা গৈছে । আনহাতে, আৰু কিছুসংখ্যক লোক ধ্বংসাৱশেষৰ তলত পোত খাই থকাৰ আশংকা কৰা হৈছে । আৰক্ষীয়ে ঘটনাৰ তথ্য পোৱাৰ লগে লগে শীৰ্ষ বিষয়া আৰু কৰ্ণালৰ আৰক্ষী অধীক্ষক শশাংক কুমাৰ চাৱন ঘটনাস্থলীত উপস্থিত হয় ।

তিনিমহলীয়া অট্টালিকাটো খহি পৰাৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও তাত থকা শ্ৰমিকসকলে ধানমিলটোৰ ৩ মহলীয়া ভৱনটোৰ ওপৰত প্ৰশ্ন কৰি আছে । আৰক্ষী আৰু উদ্ধাৰকাৰী দলে শ্ৰমিকসকলক ধ্বংসাৱশেষৰ পৰা আঁতৰোৱাত নিয়োজিত হৈ আছে । আহতসকলক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে হাৰিয়ানাৰ সৰ্বাধিক সংখ্যক ধানমিল কৰ্ণালৰ তাৰাৱাড়ীত আছে । ইয়াত শ শ ধানমিল আছে । লাখ লাখ শ্ৰমিকে এই মিলবোৰত কাম কৰে ।

লগতে পঢ়ক : Suicide case at Dhubri District Jail : কয়দীৰ আত্মহত্যাক লৈ ধুবুৰী কাৰাগাৰত ৰহস্যঘন পৰিস্থিতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.