নেশ্যনেল ডেস্ক, 22 জানুৱাৰী: ছত্তীশগড়ত মষ্ট ৱাণ্টেড মহিলা নক্সালবাদীৰ আত্মসমৰ্পণ (8 lakh rewarded woman Naxalite)৷ শনিবাৰে ছত্তীশগড়ৰ চুকমাত নক্সাল প্ৰভাৱিত অঞ্চলসমূহত চুকমা আৰক্ষীয়ে এক অভিযান চলায় ৷ এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ কিষ্টাৰাম অঞ্চলৰ অন্তৰ্গত পোটাকপল্লীত এটা নতুন নক্সালবাদী শিবিৰ মুকলি কৰা বুলি খবৰ লাভ কৰিছিল নিৰাপত্তা বাহিনীয়ে (Naxalite Surrender in Sukma)৷ স্থানীয় লোকেও এই সন্দৰ্ভত আৰক্ষীৰ লগত যোগাযোগ স্থাপন কৰিছিল (Sukma Maoist news) ৷
শনিবাৰে মেড ডিভিজন কুতুল এৰিয়া কোম্পানী নং 1 ৰ সদস্য ভেট্টি মাংগী নামৰ এগৰাকী দুধৰ্ষ নক্সালবাদীয়ে এছ টি এফ আৰু আৰক্ষী থানা কিষ্টাৰামৰ ওচৰত আত্মসমৰ্পণ কৰে ।
ভেট্টি চুকমা জিলাৰ কিষ্টাৰাম অঞ্চলৰ বাসিন্দা । ছত্তীশগড় চৰকাৰে পূৰ্বেই নক্সাল সদস্যাগৰাকীৰ মূৰৰ দাম ৮ লাখ টকা নিৰ্ধাৰণ কৰিছিল । 2017 চনৰ পৰা মহিলাগৰাকী নক্সাল সংগঠনৰ সৈতে জড়িত আছিল ৷ ইয়াৰ উপৰি ভেট্টিয়ে জিলাখনৰ বিভিন্ন অঞ্চলত অপৰাধমূলক ঘটনা সংঘটিত কৰিছিল (Sukma woman Naxalite Surrender )।
চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই কয়, "ছত্তীশগড় চৰকাৰৰ নক্সাল সদস্যসকলক ওলাই আহি আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনাই আছে ৷ আমি সকলো নক্সালবাদীক আত্মসমৰ্পণ কৰিবলৈ আহ্বান কৰিছো ।"
উল্লেখ্য যে ইয়াৰ পূৰ্বে ৪ জানুৱাৰীত দুই নক্সালীয়ে চুকমা আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । আত্মসমৰ্পণকাৰী নক্সালকেইটাৰ নাম আছিল মাদৱী বুধৰা (Madabi Budhra arrested) ৷ চৰকাৰে মাদৱীৰ মূৰৰ ওপৰত ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। ইয়াৰে দ্বিতীয়গৰাকী নক্সাল কেডাৰ আছিল ভেট্টি ৷ অৱশ্যে নক্সাল মাদৱী যোগাইও আত্মসমৰ্পণ কৰিছে । ইতিমধ্যে চৰকাৰে নক্সাল প্ৰভাৱিত অঞ্চলসমূহত বেনাৰ আৰু পোষ্টাৰ লগোৱা হৈছে ৷ গাঁৱত থকা সকলো মাওবাদী সদস্যকে আত্মসমৰ্পণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
লগতে পঢ়ক: Theft at Basistha : ৰাইজে ধৰি দিয়া চোৰক আনিবলৈ বশিষ্ঠ আৰক্ষীক সময় লাগিল দুঘণ্টা