ETV Bharat / bharat

Bus Accident in Madhya Pradesh: মধ্য প্ৰদেশত পথ দুৰ্ঘটনাত নিহত 14, আহত 40 - মধ্য প্ৰদেশত পথ দুৰ্ঘটনা

মধ্যপ্ৰদেশৰ ৰেৱাত শুকুৰবাৰৰ মাজনিশা সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা (14 Killed in Madhya Pradesh bus accident) ৷ দুৰ্ঘটনাত প্ৰায় 14 জন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 40 জনকৈ যাত্ৰী ৷ এখন যাত্ৰীবাহী বাছে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰে ট্ৰাকত ৷

Bus Accident in Madhya Pradesh
মধ্য প্ৰদেশত পথ দুৰ্ঘটনাত নিহত 14, আহত 40
author img

By

Published : Oct 22, 2022, 9:17 AM IST

নিউজ ডেস্ক, 22 অক্টোবৰ: মধ্যপ্ৰদেশৰ ৰেৱাত শুকুৰবাৰৰ মাজনিশা সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত প্ৰায় 14 জন লোক নিহত হয়(Bus Accident in Madhya Pradesh) । ৰেৱাৰ চোহাগী পৰ্বতত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মৰাৰ ফলত প্ৰায় 14 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে গুৰুতৰভাৱে আহত হয় 40 জন যাত্ৰী(14 Killed in Madhya Pradesh bus accident) । দুৰ্ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷

Bus Accident in Madhya Pradesh
মধ্য প্ৰদেশত পথ দুৰ্ঘটনাত নিহত 14, আহত 40

ঘটনাস্থলীত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে সংশ্লিষ্ট বিভাগৰ প্ৰশাসনিক বিষয়া-কৰ্মচাৰী উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে ৷ আহতসকলক তৎকালীনভাৱে এম্বুলেন্সযোগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আনহাতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকসকলৰ শৱ টিয়ন্থাৰৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।

জানিব পৰা মতে দীপাৱালীৰ আনন্দ উদযাপন(Diwali Celebration) কৰিবলৈ হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদৰ পৰা লক্ষ্ণৌলৈ গৈ আছিল দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ যাত্ৰীসকল ৷ বাছখনে অধিক যাত্ৰী কঢ়িয়াই নিয়াৰ ফলতেই এই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷ তথ্য অনুসৰি, বাছখনে প্ৰায় শতাধিক যাত্ৰীক কঢ়িয়াই আনিছিল ৷ বাছখন চোহাগী পৰ্বতৰ ওচৰত উপস্থিত হোৱাৰ সময়তে চালকে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকৰ পাছফালে খুন্দা মাৰে ৷

আৰক্ষী সূত্ৰে জানিব পৰা মতে বাছখনৰে সংঘৰ্ষ হোৱাৰ পাছতেই ট্ৰাকখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ যাৰবাবে আৰক্ষীয়ে ঘটনাৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিব পৰা নাই । আনহাতে বাছখনৰ যাত্ৰীসকল উত্তৰ প্ৰদেশ, বিহাৰ আৰু নেপালৰ আছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে যাত্ৰীসকলৰ পৰিয়ালৰ পৰিচয় বিচাৰিও তদন্ত আৰম্ভ কৰিছে ৷

জানিব পৰা মতে, ৰেৱা জিলাৰ টিয়ন্থাৰ তহচিলৰ বিদ্যুৎ বিভাগত ডি ই হিচাপে নিযুক্ত সুশীল যাদৱ দুৰ্ঘটনাৰ সময়ত ৰেৱাৰ পৰা গৈ আছিল ৷ তেওঁ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছুসময়ৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰথমে উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ঘটনাৰ খবৰ পোৱাৰ লগে লগে জিলা উপায়ুক্ত মনোজ পুষ্প আৰু আৰক্ষী অধীক্ষক নৱনীত ভাছিনৰ লগতে সকলো প্ৰশাসনিক দল ঘটনাস্থলীত উপস্থিত হৈ সাহায্যৰ কাম আৰম্ভ কৰে ।

লগতে পঢ়ক: Cannabis Smuggling : ত্ৰিপুৰাত বৃহৎ পৰিমাণৰ গাঞ্জাসহ আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.