ETV Bharat / bharat

Revenge of Serpent: প্ৰতিশোধ ল’বলৈ গৈ সাতবাৰকৈ এজন লোকক খুঁটিলে নাগিনীয়ে

author img

By

Published : Apr 16, 2022, 9:29 PM IST

সাপৰ প্ৰতিশোধৰ কাহিনী হয়তো আপুনি বহুত শুনিছে ৷ কিন্তু এই ঘটনা অবিশ্বাস্য যেন লাগিব । এটা সাপৰ মৃত্যুত ভাগি পৰা আন এটা সাপে এজন লোকক প্ৰতিশোধ হিচাপে নিৰন্তৰ আক্ৰমণ কৰি আছে (Revenge of Serpent) ৷ প্ৰতিবাৰেই লোকজন মৃত্যুৰ পৰা সাৰি যাবলৈ সক্ষম হৈছে । সাপৰ এই বিপদজনক প্ৰতিশোধ এতিয়াও অব্যাহত আছে ।

Revenge of Serpent
প্ৰতিশোধ হিচাপে এজন লোকক সাতবাৰকৈ খুঁটিছে এটা সাপে

নেশ্যনেল ডেস্ক: ৰাখে হৰি, মাৰে কোনে? এটা সাপৰ হত্যাকাৰীৰ ক্ষেত্ৰতো এনেধৰণৰ ঘটনাই সংঘটিত হৈছে । এটা সৰ্পৰ মৃত্যুৰ বেদনাত ভুগি থকা আন এটা সাপে এতিয়ালৈকে এজন মানুহক সাতবাৰকৈ আক্ৰমণ কৰিছে (Revenge of Serpent)। বাবে বাৰে সৰ্পৰ আক্ৰমণৰ বলি হোৱা লোকজন প্ৰতিবাৰেই কোনো প্ৰকাৰে মৃত্যু হোৱাৰ পৰা সাৰি আহিছে । লোকজনৰ ওপৰত সৰ্পৰ বিপদজনক প্ৰতিশোধ এতিয়াও অব্যাহত আছে (Snake bitten man seven times)।

ৰামপুৰৰ স্বৰ ৰাজহচক্ৰৰ অন্তৰ্গত মিৰ্জাপুৰ গাঁৱৰ বাসিন্দা এহছান ওৰফে বাব্লু নামৰ লোকজনে জানিবলৈ দিয়ামতে, কেইমাহমান পূৰ্বে তেওঁ গাওঁখনৰ কৃষি ফাৰ্মত কাম কৰি আছিল । তেনে অৱস্থাতে হঠাৎ এযোৰ ক'লা সাপ তেওঁৰ সন্মুখলৈ আহে । নিজৰ জীৱন ৰক্ষা কৰিবলৈ বাব্লু নামৰ লোকজনে এটা সাপক বেলচাৰে মৰিয়াই হত্যা কৰে ৷ লগেলগে আনটো সাপ পলাই যোৱাৰ সময়তে মৃত সাপটোক পুতি পেলাইছিল ।

ইয়াৰ পিছতে বাব্লুৰ ওপৰত জীৱিত সাপটোৰ আক্ৰমণ আৰম্ভ হৈছিল । যেতিয়াই তেওঁ খেতিপথাৰত কাম কৰিবলৈ যায়, সাপটোৱে নিঃশব্দে তেওঁৰ ওচৰলৈ গৈ খুঁট মাৰে । এইদৰেই বাব্লুক সাত মাহত প্ৰায় সাতবাৰ আক্ৰমণ সাপটোৱে আক্ৰমণ কৰিছে । খুঁটাৰ লগেলগেই ওচৰৰ মানুহে বাব্লুক চিকিৎসালয়লৈ লৈ যায় আৰু চিকিৎসা কৰায় । সাতবাৰকৈ সাঁপে খুঁটাৰ পাছতো এই পৰ্যন্ত জীয়াই আছে বাব্লু ৷ সাপৰ এই প্ৰতিশোধ এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ।

বাব্লুৱে কয় যে, সাপহাল ক'লা ৰঙৰ ফেঁটিসাপ ৷ বাব্লুৰ ওপৰত সাপটোৱে বৃহস্পতিবাৰেও আক্ৰমণ চলাই যদিও চিকিৎসাৰ ফলত মৃত্যুমুখৰ পৰা ৰক্ষা পৰে ৷ এটা সাপ হত্যা কৰি যিকোনো মূহুৰ্ততে প্ৰতিশোধৰ বলি হ’বলগীয়া হৈছে বাব্লু ৷ এই আক্ৰমণ কিমান দিন ধৰি চলি থাকিব সেয়া এতিয়া কোনেও নাজানে ৷

লগতে পঢ়ক: Harbhajan Singh as MP: কৃষকৰ কন্যা সন্তানলৈ আগবঢ়াব দৰমহাৰ ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.