ETV Bharat / bharat

Reservation quota bill passed in Bihar : বিহাৰ বিধানসভাত সংৰক্ষণ কোটা বিধেয়ক গৃহীত - Nitish Kumar on reservation quota bill

বিহাৰত শীতকালীন অধিবেশনৰ মাজতে সংৰক্ষণ কোটা বিধেয়ক গৃহীত কৰা হয় । সকলো পক্ষই এই বিধেয়কখনত সন্মতি দিছে । কেন্দ্ৰক পুনৰ জাতিগত লোকপিয়ল কৰাৰ আহ্বান নীতিশ কুমাৰৰ ।

Reservation quota bill passed in Bihar
বিহাৰ বিধানসভাত সংৰক্ষণ কোটা বিধেয়ক গৃহীত
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:27 PM IST

নেশ্যনেল ডেস্ক,৯ নৱেম্বৰ : বিহাৰ বিধানসভাৰ শীতকালীন অধিবেশন চলি আছে । আজি অধিবেশনৰ চতুৰ্থ দিন । এই অধিবেশনৰ মাজতে বৃহস্পতিবাৰে বিহাৰত সংৰক্ষণ কোটা বৃদ্ধিৰ বিধেয়ক বিধানসভাত গৃহীত হয় । সকলো পক্ষই এই বিধেয়কখনত সন্মতি দিছে আৰু সৰ্বসন্মতিক্ৰমে ইয়াক গৃহীত কৰা হৈছে ।

এই বিধেয়কৰ বিহাৰত সংৰক্ষণৰ পৰিসৰ ৫০ ৰ পৰা ৬৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে । একে সময়তে, যদি অৰ্থনৈতিকভাৱে পিছপৰা (ইডব্লিউএছ) কোটাৰ পৰা ১০ শতাংশ সংৰক্ষণ যোগ দিয়া হয় তেন্তে এতিয়া বিহাৰত ৭৫ শতাংশ সংৰক্ষণ থাকিব । এতিয়া ইবিচি ১৮ শতাংশৰ পৰা ২৫ শতাংশলৈ বৃদ্ধি হৈছে । বিচি ১২ৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি কৰা হৈছে । অনুসূচিত জাতি ১৬ৰ পৰা ২০ শতাংশলৈ বৃদ্ধি হৈছে । আনহাতে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষণ ১ ৰ পৰা ২ শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

সদনত সংৰক্ষণ কোটা বিধেয়ক সন্দৰ্ভত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী নীতিশে কয় যে সকলো পক্ষৰ সন্মতিত এই সিদ্ধান্ত লোৱা হৈছে । বিহাৰ চৰকাৰে কেন্দ্ৰক এই সন্দৰ্ভত অৱগত কৰিছিল যদিও কেন্দ্ৰই ইয়াক অস্বীকাৰ কৰিছিল । তেতিয়া শাসকীয় পক্ষই সকলোৰে সৈতে এখন বৈঠকৰ আহ্বান কৰিছিল আৰু সিদ্ধান্ত লোৱা হৈছিল । মুখ্যমন্ত্ৰীয়ে কয় যে ৫০ শতাংশ সংৰক্ষণ ইতিমধ্যে আছে । তাৰ পাছত কেন্দ্ৰই সাধাৰণ শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ নিৰ্দেশ দিছিল । বিহাৰ চৰকাৰে সেয়াও কাৰ্যকৰী কৰিছে । এতিয়া ইয়াক ১৫ শতাংশলৈ বৃদ্ধি কৰা হৈছে ।

মুখ্যমন্ত্ৰীগৰাকীৰ মতে বিহাৰ চৰকাৰে কেন্দ্ৰক এক জাতিগত লোকপিয়ল কৰিবলৈ অনুৰোধ কৰিব । কেন্দ্ৰই পূৰ্বে অস্বীকাৰ কৰাৰ পাছতে ৰাজ্য চৰকাৰে এত জাতিগত লোকপিয়ল কৰে আৰু এতিয়া সেই সংখ্যা অনুসৰি বিহাৰত সংৰক্ষণ কাৰ্যকৰী কৰা হ'ব বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক :Modi Slams Congress : বিজেপি ভক্তিত নিমজ্জিত আৰু কংগ্ৰেছ দুৰ্নীতিগ্ৰস্ত দল; প্ৰধানমন্ত্ৰী মোদী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.