ETV Bharat / bharat

Arunachal mountaineers missing: অৰুণাচল দুই সন্ধানহীন পৰ্বতাৰোহীক বিচাৰি চলোৱা অভিযানৰ সামৰণি - mountaineers of india latest news

এটা বছৰে সন্ধানহীন হৈ থকা অৰুণাচলৰ দুই পৰ্বতাৰোহীৰ সন্ধানত পুনৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও পুনৰ প্ৰতিকূল বতৰৰ বাবে বন্ধ কৰিবলগীয়াত পৰে উদ্ধাৰ ৷ 34 জনীয়া উদ্ধাৰকাৰী দলে চলাইছিল অভিযান ৷ 2022 চনত সন্ধানহীন হৈছিল অৰুণাচলৰ দুই পৰ্বতাৰোহী তাপী মাৰ আৰু নিকী ডাও ৷

Rescue operation for missing Arunachal climbers stopped
উদ্ধাৰকাৰী দলটো
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 10:53 AM IST

তেজপুৰ, 22 আগষ্ট: অৱশেষত অৰুণাচল প্ৰদেশৰ পূব কামেংৰ মাউণ্ট খ্যাৰী সাটামত (Khayarii Satam) নিৰুদেশ হোৱা দুই পৰ্বতাৰোহী তাপী মৰা আৰু নিকী ডাওৰ সন্ধানত আৰম্ভ কৰা 34 জনীয়া উদ্ধাৰকাৰী দলৰ অভিযানৰ সামৰণি পৰে । উদ্ধাৰকাৰী 8 জনীয়া মূল পৰ্বতাৰোহী দলটোৱে সোমবাৰৰ নিশা উভতি পূব কামেংৰ জিলাৰ সদৰ চেপাত উপস্থিত হয় । এই দলৰ কিছু লোকৰ অসুস্থ হোৱাৰ বাবে যোৱা 18 আগষ্টৰ পৰা উদ্ধাৰ অভিযান বন্ধ ৰাখিবলগীয়া হৈছিল বুলি তাপী মাৰাৰ ভগ্নী য়াটক মৰা নিল’ৱে পূৰ্বতে জানিবলৈ দিয়ে ।

Rescue operation for missing Arunachal climbers stopped
উদ্ধাৰকাৰী দলৰ অভিযান

যোৱা 8 আগষ্টত পূব কামেং জিলাৰ শেষৰ খন গাঁৱত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰা দলটোৱে অৱশেষত প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে নিৰাশ হৈ উভতি আহে । উদ্ধাৰকাৰী দলটোৱে শেষ স্থানত উপস্থিত হোৱাৰ বাবে চৰকাৰৰ সহায়ত ভাৰতীয় সেনা বাহিনীৰ হেলিকপ্তাৰৰ সহায়ত চলাইছিল উদ্ধাৰ অভিযান । কিন্ত তেজপুৰ মিচামাৰী ঘাটিৰ পৰা অৰুণাচল প্ৰদেশৰ চেপাত উপস্থিত হ’বলৈ পৰাকৈ হেলিকপ্তাৰ পঠাব পৰা নাছিল ।

প্ৰতিকূল পৰিস্থিতিৰ বতৰৰ বাবে তেজপুৰৰ পৰা পূৱ কামেং জিলাৰ সদৰ চেপাত উপস্থিত হ’বলৈ জিৰ’ পইণ্টৰ পৰা ঘন ডাঠ কুঁৱলীৰ বাবে সেনাৰ দলে হেলিকপ্তাৰ প্ৰেৰণ কৰিব নোৱাৰিলে । দলটো 14 আগষ্টত বেছ কেম্পত উপস্থিত হোৱাৰ পিছত অভিযান আৰম্ভ কৰিছিল কিন্ত প্ৰয়োজনীয় ৰেচন আৰু ঔষধ নোপোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হয় । মাউণ্ট খ্যাৰী সাতমৰ অঞ্চলত বৰ্তমান প্ৰচণ্ড হিমবাহ আৰু হিমস্খলনৰ বাবে উদ্ধাৰকাৰী দলৰ বাবে ব্যাপক সমস্যাৰ সৃষ্টি হয় আৰু ফলস্বৰূপে তেওঁলোক উভতি আহিবলগীয়া হয় ।

পৰ্বতাৰোহীৰ সামগ্ৰী উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে

অভিযান সন্দৰ্ভত তাপী মাৰৰ ভগ্নী য়াতকে কয় যে যোৱা বছৰৰ পৰা সেনা বাহিনীৰ লোকে উদ্ধাৰ কাৰ্য বন্ধ কৰাৰ পিছত পৰিয়ালে নিজাববীয়াকৈ এই অভিযান আৰম্ভ কৰে । বৰ্তমানলৈকে প্ৰায় 1 কোটিৰ টকা খৰছ কৰা হৈছে এই উদ্ধাৰ অভিযানৰ বাবে বুলিও জানিবলৈ দিয়ে য়াতকে । প্ৰকৃততে জুলাই মাহত এই যাত্ৰা আৰম্ভ কৰাৰ কথা আছিল যদিও যথোপযুক্ত শ্বেৰপা নোপোৱাৰ বাবে অভিযান আৰম্ভ কৰিব পৰা নাছিল ।

অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ চেপাৰ পৰা এই দুৰ্গম পৰ্বত আৰোহণৰ বাবে গৈ নিৰুদ্দিষ্ট হৈ আছিল এই দুইগৰাকী পৰ্বতোৰোহী । তাপী এগৰাকী মাউন্ট এভাৰেষ্ট শৃং জয় কৰা পৰ্বতাৰোহী । ভাৰতবৰ্ষৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ, অষ্ট্রেলিয়া, নেপাল আদি উচ্চ পৰ্বত আৰোহণ কৰাৰ অভিজ্ঞতা আছে তাপী মাৰৰ ।

2022 চনৰ আগষ্ট মাহত পূব কামেং জিলাৰ মাউণ্ট খ্যাৰী সাটামত পৰ্বতৰ শৃংগত আৰোহণৰ বাবে গৈ নিৰুদেশ হৈছিল । যোৱা 2022 চনত সেনা আৰু স্থানীয় লোকৰ সহযোগিতাত উদ্ধাৰ অভিযান চলাইছিল যদিও প্রতিকূল বতৰৰ বাবে অক্টোবৰ মাহত বন্ধ হয় উদ্ধাৰ অভিযান আৰু দুমাহৰ পিছত অক্টোবৰ মাহত পৰিয়ালৰ নিৰ্দেশত গঠন হোৱা অনুসন্ধান আৰু উদ্ধাৰকাৰী দলে তেওঁলোকৰ ব্যৱহাৰৰ সামগ্ৰী উদ্ধাৰ কৰে ।

2022 চনৰ ছেপ্টেম্বৰ মাহত এই স্থলপথেৰে চলোৱা অনুসন্ধান ৰাজ্য চৰকাৰে বাতিল কৰিছিল । পিছলৈ তাপী মৰাৰ পৰিয়ালে এভাৰেষ্টাৰ টাগিট ছ’ৰাঙৰ নেতৃত্বত এটা দল গঠন কৰি অনুসন্ধান আৰু উদ্ধাৰ অভিযান চলায় ।

উদ্ধাৰ অভিযানত অংশগ্ৰহণ কৰা পৰ্বতাৰোহীসকল ক্ৰমে এভাৰেষ্টাৰ তাগীত সোৰাং, এভাৰেষ্টাৰ টামে বাগাং, নেপালৰ এভাৰেষ্টাৰ গেজী শ্বেৰ্পা, নেপালৰ এভাৰেষ্টাৰ ফুৰি শ্বেৰপা, পৰ্বতাৰোহী তৰু হাই, পৰ্বতাৰোহী তানা লুই, পৰ্বতাৰোহী নিংচং ৰাভা, মৰাৰ তমন ম্ৰা পৰিয়ালৰ সদস্য, দাওৰ কালে দাও পৰিয়ালৰ সদস্য, আৰু বহুতো । অনুসন্ধানকাৰী দলটো 12 আগষ্টৰ সন্ধিয়া মাউণ্ট খ্যাৰী সাতমৰ বেছ কেম্পত উপস্থিত হৈছে । অন্য সহায়কাৰী দল বুধবাৰে আহি চেপা পোৱাৰ সম্ভাৱনা আছে বুলি জানিব দিছে তাপী মৰাৰ ভগ্নীয়ে ।

লগতে পঢ়ক: Arunachal mountaineers missing: অৰুণাচলৰ নিৰুদ্দিষ্ট পৰ্বতাৰোহীৰ উদ্ধাৰ অভিযান বন্ধ; সেনাৰ হেলিকপ্তাৰৰ আশাত উদ্ধাৰকাৰী দল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.