ETV Bharat / bharat

Uttarkashi Avalanche : এতিয়ালৈ 26 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Oct 7, 2022, 3:44 PM IST

উত্তৰকাশীত সংঘটিত ভয়ংকৰ হিমস্খলনত ৪৪ জনীয়া এটা পৰ্বতাৰোহীৰ দল আৱদ্ধ (Uttarkashi avalanche)। শুকুৰবাৰলৈ 26 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ৷ সম্প্ৰতি উদ্ধাৰকাৰীদলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে (Rescue operations in Uttarkashi avalanche) ।

rescue-operation-continues-in-search-of-missing-climbers-after-avalanche-in-uttarkashi
এতিয়ালৈ 26 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ

নেশ্যনেল ডেস্ক, ৭ অক্টোবৰ: মঙলবাৰে পুৱা উত্তৰাখণ্ডৰ উত্তৰকাশী জিলাৰ দ্ৰৌপদীৰ দণ্ডা-২ শৃংগত (Draupadi ka danda avalanche ) সংঘটিত হোৱা ভয়ংকৰ হিমস্খলনৰ (Avalanche in Uttarkashi) ফলত বহু কেইজন লোকৰ মৃত্যু হয় ৷ উত্তৰাখণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে (Uttarakhand DGP Ashok Kumar) জানিবলৈ দিয়া মতে, হিমস্খলনৰ পাছতে মুঠ ৩০ টা উদ্ধাৰকাৰী দল সেই স্থানত মোতায়েন কৰা হৈছে । সম্প্ৰতি হিমস্খলনত মৃতকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে (Avalanche in Uttarkashi) ৷

শুকুৰবাৰলৈ 26 গৰাকী লোকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে ৷ উদ্ধাৰ কৰা মৃতদেহকেইটাৰ ভিতৰত ৭ গৰাকী পৰ্বতাৰোহী বুলি জানিব পৰা গৈছে । মৃতদেহকেইটা হেলিকপ্টাৰৰ দ্বাৰা মাতলি হেলিপেডলৈ অনা হয় । মনকৰিবলগীয়া, বৃহস্পতিবাৰে ১৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছিল ৷ উদ্ধাৰ হোৱা মৃতদেহসমূহৰ ভিতৰত আছিল দুগৰাকী প্ৰশিক্ষকৰ লগতে ১৪ গৰাকী প্ৰশিক্ষাৰ্থীৰ মৃতদেহ ।

আৰক্ষী সঞ্চালক প্ৰধান অশোক কুমাৰে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰলৈকে ১৩ জন পৰ্বতাৰোহী সন্ধানহীন হৈ আছিল । অৱশ্যে বতৰ বেয়া হোৱা বাবে উদ্ধাৰ কাৰ্য বন্ধ কৰিবলগীয়া হৈছিল যদিও শুকুৰবাৰে পুনৰ উদ্ধাৰ কাৰ্য চলোৱা হয় ৷

উল্লেখ্য যে, উচ্চ হিমালয় অঞ্চলত প্ৰশিক্ষণৰ বাবে ওলাই যোৱা পৰ্বতাৰোহী প্ৰতিষ্ঠানটোৰ ৪৪ জনীয়া পৰ্বতাৰোহীৰ এটা দল মঙলবাৰে পুৱা দ্ৰৌপদীৰ দণ্ডা ২ পৰ্বত শৃংগৰ ওচৰত সংঘটিত হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছিল (Missing climbers after avalanche) । অৱশ্যে ঘটনাৰ পাছতে জম্মু-কাশ্মীৰৰ হাই অল্টিটিউড ৱাৰফেয়াৰ স্কুলৰ (HAWS) গুলমাৰ্গৰ সৈনিকসকলে হিমস্খলনত আৱদ্ধ পৰ্বতাৰোহীসকলক উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰে ৷

এই উদ্ধাৰ অভিযান অব্যাহত আছে (Rescue operations in Uttarkashi avalanche) । ভাৰতীয় সেনা, আইটিবিপি, এছডিআৰএফ আৰু জিলা প্ৰশাসনৰ লোকসকলো উদ্ধাৰ অভিযানত জড়িত হৈ আছে । এই ঘটনা পৰ্বতাৰোহণ ইতিহাসৰ এয়া আটাইতকৈ দুখ লগা আৰু ভয়ংকৰ ঘটনা হিচাপে পৰিগণিত হৈছে ।

লগতে পঢ়ক: Uttarkashi avalanche : এতিয়ালৈ ১৯ গৰাকী পৰ্বতাৰোহীৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.