ETV Bharat / bharat

শুকান খাদ্যৰ ফলত স্বাস্থ্যৰ অৱনতি উত্তৰকাশীৰ চিল্কীয়াৰাত আৱদ্ধ শ্ৰমিকসকলৰ - মুখ্য চিকিৎসা বিষয়া ডাঃ আৰচিএছ পানৱাৰ

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ চিল্কীয়াৰাত আৱদ্ধ 41 জন শ্ৰমিক এতিয়াও জীৱন-মৰণৰ সৈতে যুঁজি আছে ৷ কিছু শ্ৰমিকে সুৰংগটোত আৱদ্ধ হোৱাৰ দিনৰ পৰা ভালদৰে টোপনি যাব পৰা নাই ৷ কেৱল এয়াই নহয়, খাদ্যৰ অভাৱৰ বাবে, শ্ৰমিকসকলৰ মূৰৰ বিষ, পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যাও আৰম্ভ হৈছে (Uttarkashi Tunnel Collapse)৷

Uttarkashi Tunnel Collapse
শ্ৰমিকসকলৰ স্বাস্থ্যৰ অৱনতি
author img

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:28 AM IST

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগৰ দুৰ্ঘটনাই সম্প্ৰতি দেশজুৰি চৰ্চা লাভ কৰিছে ৷ উত্তৰাখণ্ডৰ উত্তৰকাশীৰ চিল্কীয়াৰাত আৱদ্ধ 41 জন শ্ৰমিক এতিয়াও জীৱন-মৰণৰ সৈতে যুঁজি আছে ৷ যোৱা 8 দিন ধৰি স্বাস্থ্য বিভাগে উদ্ধাৰ অভিযানৰ সমান্তৰালকে সুৰংগত আৱদ্ধ হৈ থকা শ্ৰমিকসকলৰ হকে ঔষধ প্ৰেৰণ কৰিছে ৷

জানিব পৰা মতে, কিছু শ্ৰমিকে সুৰংগটোত আৱদ্ধ হোৱাৰ দিনৰ পৰা ভালদৰে টোপনি যাব পৰা নাই ৷ কেৱল এয়াই নহয়, খাদ্যৰ অভাৱৰ বাবে শ্ৰমিকসকলৰ মূৰৰ বিষ, পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ দৰে সমস্যাও আৰম্ভ হৈছে ৷

একে সময়তে, বিগত দিনসমূহত শ্ৰমিকসকলক বচাবলৈ ইন্দোৰৰ পৰা সহায় বিচৰা হৈছে ৷ অৱশ্যে, সেনাই সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলক উদ্ধাৰৰ বাবে সম্পূৰ্ণ দায়িত্ব লৈছে ৷ জানিব পৰা মতে, সুৰংগটোত আৱদ্ধ শ্ৰমিকসকলৰ পৰিধান কৰিবলৈ কাপোৰৰ লগতে টোপনি যাবলৈ সুৰক্ষিত স্থানৰ অভাৱ হৈছে ৷

শ্ৰমিকসকলে শুকান ফল খোৱাৰ ফলত সমস্যাত ভুগিছে :

আৱদ্ধ হৈ থকা শ্ৰমিকসকলক খাবৰ বাবে বাহিৰৰ পৰা কাজুবাদাম, আলমণ্ড, মাকৈৰ লগতে পানীয় প্ৰেৰণ কৰা হৈছে ৷ পাইপৰ জৰিয়তে অন্য কোনো ধৰণৰ খাদ্য প্ৰেৰণ কৰা সম্ভৱ নোহোৱাৰ বাবে তেওঁলোকক জীয়াই থাকিবলৈ শুকান ফল-মূলৰ বাদে অন্য খাদ্য প্ৰেৰণ কৰিব পৰা নাই ৷ আৱদ্ধ শ্ৰমিকসকলে শুকান ফল খাই থকাৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে ৷ পানী, অ'আৰএছ আৰু ফলৰ ৰস খোৱাৰ বাবে যোগান ধৰা হৈছে ৷

শেহতীয়াকৈ শ্ৰমিকসকলে কোম্পানীৰ বিষয়ববীয়াৰ সৈতে কথা পাতোতে খাদ্যৰ বাবে তেওঁলোকৰ বহুতৰে শৰীৰৰ অৱনতি হৈছে বুলি জানিবলৈ দিয়ে ৷ বেছি সংখ্যক শ্ৰমিকৰে পেটৰ বিষ আৰু কোষ্ঠ-কাঠিন্যৰ সমস্যাই দেখা দিছে ৷ ইয়াৰ পিচতে কোম্পানীটোৱে মুখ্য চিকিৎসা বিষয়া ডাঃ আৰচিএছ পানৱাৰক এই বিষয়ে অৱগত কৰে ৷

স্বাস্থ্য বিভাগে দাবী কৰা অনুসৰি, যদি যিকোনো প্ৰকাৰে গাখীৰ, কণী আৰু খাদ্য ভিতৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা হয়, তেন্তে তেওঁলোকৰ স্বাস্থ্য যথেষ্ট পৰিমাণে উন্নত হ'ব পাৰে ৷

শ্ৰমিকসকলৰ স্বাস্থ্যৰ বিষয়ে চিকিৎসকসকলে কি কৈছে

বিশেষকৈ যিসকল শ্ৰমিক সুৰংগত কাম কৰে, তেওঁলোকৰ এনে পৰিৱেশত বাস কৰাৰ অভ্যাস আছে ৷ যদিও সুৰংগৰ ভিতৰৰ পৰিৱেশ আৰু বাহিৰত কাম কৰা প্ৰক্ৰিয়াটো বহুত বেলেগ ৷ সেইবাবেই 8 দিনৰ পাচতো, 41 জন শ্ৰমিকৰ মনোবল এতিয়াও আছে ৷ ডাঃ কে কে ত্ৰিপাঠীয়ে, শ্ৰমিকসকল বাহিৰলৈ ওলাই অহাৰ পিচত, শ্ৰমিকসকলে আৰু বহুতো সমস্যাৰ সন্মুখীন হ'ব পাৰে ৷

একে সময়তে, ই স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলাব পাৰে ৷ প্ৰথম অৱস্থাত আৱদ্ধ হৈ থকা শ্ৰমিকসকলে ভয় খাই আছিল যে, তেওঁলোকে সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিব পাৰিব নে নাই ?

শ্ৰমিকসকলে কেনেদৰে বাস কৰিছে

শ্ৰমিকসকলে যোৱা 8 দিন ধৰি শৌচ কৰাৰ বাবে মাটিৰ স্তূপ ব্যৱহাৰ কৰি আহিছে ৷ য'ত তেওঁলোক আৱদ্ধ হৈ আছে ৷ তেওঁলোকে ৰাকি শুবলৈ এখন বেৰ বেঁকা কৰি শুই আছে ৷ যাতে আৰু কোনো দেৱাল ভাগি নপৰে সেইবাবে বেছি লোক একেলগে শুব নোৱাৰে ৷ সুৰংগটোত আৱদ্ধ লোকসকলে ইজনে সিজনৰ সৈতে কথা পাতি সময় পাৰ কৰিছে ৷

উত্তৰকাশীৰ এছ পি অৰ্পন যদুবংশীয়ে কয়, "মই এইটো সঠিককৈ ক’ব নোৱাৰো যে তেওঁলোকে আৰু কিমান ঘণ্টাৰ ভিতৰত ওলাই আহিবলৈ সক্ষম হ’ব’’ ৷

শ্ৰমিকৰ সৈতে সম্পৰ্ক অব্যাহত আছে

প্ৰতি ঘণ্টাৰ মূৰে মূৰে প্ৰশাসনৰ বিষয়াসকলে শ্ৰমিকসকলৰ সৈতে কথা পাতি আছে ৷ তেওঁলোকক আশ্বাস দিছে যে সোনকালে তেওঁলোকক উদ্ধাৰ কৰা হ’ব ৷ সম্প্ৰততি সুৰংগটোৰ সিপাৰে শ্ৰমিকসকলক উদ্ধাৰ কৰাৰ বাবে বিশেষ পৰিকল্পনা কৰা হৈছে ৷

লগতে পঢ়ক : উত্তৰকাশীৰ সুৰংগত আৱদ্ধ শ্ৰমিকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.