নিউজ ডেস্ক , ২৯ জানুৱাৰী : শুকুৰবাৰে বিজয় চকত অনুষ্ঠিত হয় ভাৰতীয় সেনাৰ পৰম্পৰাগত বিটিং ৰিট্ৰিট অনুষ্ঠান । সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু আছিল এইবাৰৰ বিটিং ৰিট্ৰিট অনুষ্ঠান । কিয়নো পাকিস্তানৰ বিৰুদ্ধে ১৯৭১ চনৰ যুদ্ধত ভাৰতৰ বিজয়ৰ ৫০ বছৰ স্মৰণ কৰি 'স্বৰ্নিম বিজয়' শীৰ্ষক কাৰ্যসূচীৰ লগতে ২৬ টাকৈ বেণ্ডৰ প্ৰদৰ্শন কৰা হয় এই অনুষ্ঠানত । বেণ্ডৰ ধ্বনিয়ে উপস্থিত সকলোকে মুগ্ধ কৰা দেখা যায় ।
সমান্তৰালকৈ অনুষ্ঠানটোত পোন্ধৰটা সামৰিক বেণ্ড, ৰেজিমেন্টাল কেন্দ্ৰ আৰু বেটেলিয়নৰ পেপা আৰু ড্ৰামৰ বেণ্ডেও অংশগ্ৰহণ কৰে । ইয়াৰ উপৰিও, নৌবাহিনী, বায়ু সেনা আৰু কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (চিএপিএফ)ৰ বেণ্ডৰ দ্বাৰা বিশেষ প্ৰদৰ্শন কৰা হয় ।
উল্লেখ যে ১৯৭১ চনৰ যুদ্ধৰ পৰিণতিত বাংলাদেশৰ গঠন হৈছিল আৰু বাংলাদেশৰ সশস্ত্ৰ বাহিনীৰ ১২২ জন সেনাৰ এটা দলে ২৬ জানুৱাৰীত ৰাজপথত গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিছিল । লগতে ভাৰতে যোৱা মাহৰ পৰাই ১৯৭১ চনৰ যুদ্ধ বিজয়ৰ স্মৰণত সোণালী জয়ন্তী বৰ্ষ হিচাপে স্বৰ্নিম বিজয় কাৰ্যসূচী উদযাপন আৰম্ভ কৰে ।
অনুষ্ঠানটো 'ছাৰে জাহান চে আচা'ৰ সৰল জনপ্ৰিয় সুৰেৰে সমাপ্ত হয় । অনুষ্ঠানটোৰ মুখ্য পৰিবাহী আছিল এ.ই.চি প্ৰশিক্ষণ মহাবিদ্যালয় আৰু কেন্দ্ৰৰ লেফটেনেন্ট ক'ল গিৰিশ কুমাৰ ইউ।
লগতে পঢ়ক : অসমসহ পাঁচ ৰাজ্যলৈ ১,৭৫১ কোটিৰ সাহাৰ্য কেন্দ্ৰৰ