ETV Bharat / bharat

ৰাজ্যসমূহলৈ ৰেমডেচিভিৰৰ আৱন্টন বন্ধ কেন্দ্ৰৰ - কেন্দ্ৰৰ দ্বাৰা ৰাজ্যসমূহলৈ ৰেমডেচিভিৰৰ আৱন্টন বন্ধ

টুইটাৰযোগে কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ ৰাজ্যিক মন্ত্ৰী মনসুখ এল মাণ্ডৱিয়াই কয় যে কেন্দ্ৰই ৰাজ্যসমূহক এণ্টিভাইৰেল ঔষধ ৰেমডেচিভিৰৰ আৱণ্টন বন্ধ কৰিছে কিয়নো গুৰুত্বপূৰ্ণ ঔষধৰ চাহিদাতকৈ যোগান বেছি হৈছে ।

remdesivir govt stops
কেন্দ্ৰৰ দ্বাৰা ৰাজ্যসমূহলৈ ৰেমডেচিভিৰৰ আৱন্টন বন্ধ
author img

By

Published : May 29, 2021, 9:54 PM IST

নেশ্যনেল ডেস্ক,২৯ মে': বিভিন্ন ৰাজ্যই কৰ'ণা সংকটৰ মাজত থকাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ এল মাণ্ডৱিয়াৰ বিশেষ ঘোষণা । মন্ত্ৰীগৰাকীৰ মতে ইতিমধ্যে কেন্দ্ৰই ৰাজ্যসমূহক এণ্টিভাইৰেল ঔষধ ৰেমডেচিভিৰৰ আৱণ্টন বন্ধৰ সিদ্ধান্ত লৈছে দিছে কিয়নো গুৰুত্বপূৰ্ণ ঔষধৰ চাহিদাতকৈ যোগান বেছি হৈছে ।

টুইটযোগে এই কথা সদৰি কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । ৰাসায়নিক আৰু সাৰ ৰাজ্যিক মন্ত্ৰীয়ে উল্লেখ কৰে যে ক'ভিডৰ চিকিৎসাৰ বাবে ব্যৱহৃত ঔষধৰ যোগান ১১ এপ্ৰিলত দৈনিক মাত্ৰ ৩৩,০০০ ভাইলৰ পৰা বৰ্তমান প্ৰতিদিনে ৩,৫০,০০০ ভাইললৈ বৃদ্ধি কৰা হৈছে ।

তেওঁ লগতে উল্লেখ কৰে যে, চৰকাৰে ৰেমডেচিভিৰ উৎপাদন কৰা প্লান্টৰ সংখ্যা এমাহৰ ভিতৰত মাত্ৰ ২০ ৰ পৰা ৬০ টালৈ বৃদ্ধি কৰিছে । ইয়াৰ উপৰিও কেন্দ্ৰই জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে কৌশলগত ষ্টক হিচাপে ৰক্ষণাবেক্ষণৰ বাবে ৰেমডেচিভিৰৰ ৫০ লাখ ভাইল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে ।

মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে যোগান শক্তিশালী কৰাৰ বাবে চৰকাৰে ইতিমধ্যে ৰেমডেচিভিৰ কেঁচা সামগ্ৰী আৰু এণ্টিভাইৰেল ঔষধ তৈয়াৰ কৰাত ব্যৱহৃত অন্যান্য উপাদানবোৰৰ ওপৰত শুল্ক ৰেহাই দিছে যাতে ঘৰুৱা উপলব্ধতা বৃদ্ধি কৰাত আৰু বেজীৰ ব্যয় হ্ৰাস কৰাত সহায় হয় ।

উল্লেখ্য যে, যোৱা ১১ এপ্ৰিলত ৰেমডেচিভিৰৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰই পৰিস্থিতি উন্নত নোহোৱালৈকে বেজী আৰু সক্ৰিয় ফাৰ্মাচিউটিকেল উপাদানৰ ৰপ্তানি বন্ধ কৰিছিল । চৰকাৰৰ হস্তক্ষেপৰ পিছতে বিভিন্ন ঔষধ কোম্পানীয়ে ৰেমডেচিভিৰ বেজীৰ মূল্যও হ্ৰাস কৰিছে ।

লগতে পঢ়ক:বাবা ৰামদেৱক বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনালে ভাৰতীয় চিকিৎসা সংস্থাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.